গুৱাহাটী, ৪ জুলাই,
সংগীত নাটক একাডেমীৰ যুৱ পুৰস্কাৰ বটাৰে সন্মানীত আৰু বিশিষ্ট নৃত্যশিল্পী ড° মেনকা পি পি বৰাক ব্ৰিটেইনে সন্মানীয় #Liverhume #Fellowship প্ৰদান কৰিছে৷অহা তিনি বছৰৰ বাবে অসমৰ সত্ৰীয় নৃত্য আৰু সংগীতক গৱেষণা আৰু দেশ-বিদেশত প্ৰচাৰৰ কাৰণে এই ফেল’শ্বিপ প্রদান কৰিছে। ভাৰতীয় নৃত্যু জগতত মেনকাই প্রথম এই সন্মান লাভ কৰিছে। ব্রিটেইনৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰা অতি গুণী বচা বচা ডাক্তৰ, ইঞ্জিনীয়াৰ আদি ব্যক্তিকহে এনে ফেল’শ্বিপ প্রদান কৰা হয়। যোৱা ফেব্রুৱাৰীত
লণ্ডনৰ পৃথিবী বিখ্যাত ব্ৰিটিছ মিউজিয়াম তেওঁলোকে সংৰক্ষিত কৰি ৰখা বৃন্দাবনী বস্ত্ৰ আৰু তেওঁলোকে আয়োজিত কৰি অসম #Exhibitionত প্রথম অসমীয়া শিল্পী হিচাপে ড° মেনকা পি পি বৰাই এলানি সত্ৰীয়া নৃত্য প্রদর্শন আৰু বক্তৃতা প্রদান কৰে। উল্লেখ্য যে যোৱা ১৫ বছৰে ব্রিটেইনত থাকি আমেৰিকা, ইউৰোপ, অষ্ট্রেলিয়া, নিউজিলেণ্ড আদি দেশৰ উপৰি ব্রিটেইনৰ বিখ্যাত বহু অনুষ্ঠানত সত্ৰীয়া সংস্কৃতিক #Global_Art_Form হিচাপে প্রদর্শন আৰু প্ৰচাৰ কৰি আহিছে। ব্রিটেইনৰ বিখ্যাত এনে অনুষ্ঠানৰ ভিতৰত আছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, এডিনবার্গ মহোৎসৱ, ব্ৰিটিছ সংগ্রহালয়, এছিয়া হাউছ, বি বি চি টেলিভিছন আদি।

facebook
twitter
google+
fb share