ৰাজীৱ, নতুন দিল্লী, ১১ চেপ্টেম্বৰঃ দেশজুৰি বিনামূলীয়া ৪ জি তোলা ৰিলায়েন্স জিঅ’ৱে এক বিশেষ পৰিকল্পনা গ্রহণ কৰিছে। এই পৰিকল্পনা অনুসৰি প্রতিষ্ঠানটােৱে ইয়াৰ স’তে সহযোগিতা আগবঢ়োৱা ম’বাইল নির্মাতা প্রতিষ্ঠানসমূহৰ স্মার্টফোনসমূহৰ বীমাৰ সুবিধা আগবঢ়াব। ইতিমধ্যে প্রতিষ্ঠানটােৱে এই বীমাৰ সুবিধা আগবঢ়াবৰ বাবে দেশৰ আগশাৰীৰ বীমা প্রতিষ্ঠানসমূহৰ সৈতে আলোচনা অব্যাহত ৰাখিছে। এই পৰিকল্পনা কার্যক্ষেত্ৰত পৰিণত হ’লে গ্ৰাহকসকলে স্মার্টফোন নষ্ট হােৱাৰ লগতে কোনো কাৰণবশতঃ হেৰালে স্মার্টফোনত বীমা সুবিধা লাভ কৰিব।
-
Blogger Comment
-
Facebook Comment
facebook
twitter
google+
fb share