ব্লাড বেংকিং : সুৰক্ষা আৰু পর্যাপ্ততাৰ মাজৰ ভাৰসাম্য




 ৱেব ডেস্ক, ৯ অক্টোৰব, ২০১৬: আধুনিক চিকিৎসা বিজ্ঞানক্ষেত্রত ৰক্ত সঞ্চাৰকৰণ হৈছে এক অতি গুৰুত্বপূর্ণ অংশ আৰু বহু সময়তে এই প্রক্রিয়া হৈ পৰে জীৱনদায়িনী শক্তি৷ অধিকাংশ ট্রেন্সফিউজন কেন্দ্রৰ বাবেই সকলো সময়তে সুৰক্ষিত আৰু পর্যাপ্ত পৰিমাণৰ তেজ সংৰক্ষণ কৰি ৰখাটো এক কঠিন প্রত্যাহবান হিচাপে চিহিুত হৈছে৷ স্বেচছামূলক ৰক্তদানৰ বাবে চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংগঠনৰ দ্বাৰা বিভিন্ন সময়ত কর্মশালা, অভিযান তথা আলোচনা-চক্র আদি অনুষ্ঠিত কৰি অহা হৈছে যদিও ফল একেই আছে৷ এতিয়াও আমাৰ বহুতৰে মাজত ৰক্তদান সম্পর্কে বহু ভ্রান্ত ধাৰণা আছে৷ আমি সাধাৰণতে আমাৰ কোনো সম্পর্কীয় লোকৰ কোনো ক্ষেত্রত প্রয়োজন হ’লেহে ৰক্তদান কৰোঁ, কিন্তু কেতিয়াও স্বেচছাই ৰক্তদান নকৰোঁ৷ পিছে যি পৰিমাণৰ তেজ জমা থাকে, সেয়া জানো পর্যাপ্ত পৰিমাণৰ হয়?

ৰত্ত সঞ্চাৰৰ প্রয়োজনীয়তা
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে যিকোনো দেশৰ বাবেই প্রতি বছৰে দেশখনত তেজৰ ইউনিটৰ প্রয়োজনীয়তা হয় দেশখনৰ মুঠ জনসংখ্যাৰ ১-৩%৷ ভাৰতৰ দৰে দেশত বছৰেকত প্রয়োজন হোৱা তেজৰ ইউনিটৰ পৰিমাণ ১২০ মিলিয়ন৷ তাৰ পৰিৱর্তে ৰক্তদানৰ যোগেদি অহা তেজৰ পৰিমাণ কেৱল ৯০ মিলিয়ন৷

ভাৰতত প্রতি বছৰে প্রায় ২৩৪ মিলিয়ন জটিল অস্ত্রোপচাৰ, ৬৩ মিলিয়ন প’ষ্ট ট্র’মেটিক অস্ত্রোপচাৰ, ৩১ মিলিয়ন কর্কট ৰোগকেন্দ্রিক অস্ত্রোপচাৰ আৰু ১০ মিলিয়ন প্রসৱজনিত অস্ত্রোপচাৰৰ বাবে এই ৰক্ত সঞ্চাৰৰ প্রয়োজন হয়৷ এইসমূহৰ উপৰি ছিকল চেল এনিমিয়া, থালাছেমিয়া, হিম’ফ’লিয়া ইত্যাদিৰ বাবেও যথেষ্ট পৰিমাণৰ তেজৰ প্রয়োজন হয়, কিয়নো এই ৰোগকেইবিধত দেহৰ তেজ সলনি কৰিহে ৰোগীৰ প্রাণ ৰক্ষা কৰিব পৰা যায়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ (ডব্লিউ এইচ অ’) তথ্য অনুসৰি ভাৰতত মুঠ জনসংখ্যাৰ ৩-৪% লোক থালাছেমিক ৰোগত আক্রান্ত হয়৷ দেহৰ তেজ সলনি নকৰাকৈ থেলাছেমিকত ভোগা শিশুসকলৰ ৮৫%-ই ৫ বছৰ বয়সতকৈ অধিক কাল জীয়াই নাথাকে৷ তেওঁলোকক সাধাৰণতে প্রতি মাহতে দেহৰ তেজ সলনি কৰিবলগীয়া হয়, যিটো পৰৱর্তী সময়ত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে আৰু ২-৪ সপ্তাহৰ মূৰে মূৰে তেজ সলনি কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ ইয়াৰ উপৰি ভূমিকম্প, ধাৰাবাহিক বোমা বিস্ফোৰণ, বানপানী, ভূমিস্খলন, ৰে’ল দুর্ঘটনা ইত্যাদিৰ বাবেও পর্যাপ্ত পৰিমাণৰ তেজ সংৰক্ষণ কৰি ৰাখিব লাগে, কিয়নো এনেসমূহ পৰিস্থিতিত অতি কম সময়ৰ ভিতৰতেই যথেষ্ট পৰিমাণৰ তেজৰ প্রয়োজন হ’ব পাৰে৷ বিভিন্ন গৱেষণা অনুসৰি ৫-২৯ বছৰ বয়সৰ লোকসকলৰ মৃত্যুৰ দ্বিতীয় সর্বাধিক কাৰণ হৈছে পথ দুর্ঘটনা৷ ভাৰতত প্রতি মিনিটত একোটাকৈ গুৰুতৰ দুর্ঘটনা সংঘটিত হয় আৰু ইয়াত প্রতিদিনে ১২১৪ গৰাকী লোক ভুক্তভোগী হোৱাৰ বিপৰীতে প্রতিদিনে মৃত্যু হয় ৩৭৭ গৰাকী লোকৰ৷

কোনে ৰক্তদান কৰিব পাৰে

১৮ৰ পৰা ৬৫ বছৰ বয়সৰ যিকোনো স্বাস্থ্যৱান লোকেই ৰক্তদান কৰিব পাৰে, অৱশ্যে ইয়াৰ বাবে তেওঁৰ দেহত >১২.৫ gm/dl পৰিমাণৰ হিম’গ্ল’বিন আৰু তেওঁৰ শৰীৰৰ ওজন >৪৫ কিল’গ্রাম হ’ব লাগিব৷ ইফালে ৪৫ৰ পৰা ৬০ কিল’গ্রাম ওজনৰ শৰীৰৰ অধিকাৰী লোকে ৩৫০ মিলিলিটাৰ পর্যন্ত ৰক্তদান কৰিব পাৰে আৰু ৬০ কিল’গ্রামতকৈ অধিক ওজনৰ শৰীৰৰ অধিকাৰী লোকসকলে কোনো সমস্যা নোহোৱাকৈয়েই ৪৫০ মিলিলিটাৰ পর্যন্ত তেজ দান কৰিব পাৰে৷

এগৰাকী ৰক্তদাতাৰ দায়িত্ব

ৰক্তদানক জীৱনদান বুলি কোৱা হয়৷ যদিও ই এক জীৱন ৰক্ষাকাৰী প্রক্রিয়া, তথাপি এই প্রক্রিয়াত ভালেমান অনিচছাকৃত সমস্যা নিহিত হৈ থাকে৷ যেনে– এইচ আই ভি, হেপাটাইটিছ ‘বি’ আৰু হেপাটাইটিছ ‘চি’ৰ সংক্রমণৰ দৰে ভয়াৱহ সমস্যা৷ প্রতিটো ব্লাড বেংকতেই এই ৰোগকেইবিধ নিয়মিতভাৱে পৰীক্ষা কৰা হয় আৰু সম্পূর্ণৰূপে সুৰক্ষিত বুলি বিবেচিত হ’লেহে কোনো লোকৰ দেহত প্রয়োগ কৰা হয়৷ পিছে দুর্ভাগ্যজনকভাৱে সম্প্রতি উপলব্ধ এলিছা (ELISA) পদ্ধতিয়ে উইণ্ডো পিৰিয়ড (সংক্রমণ হোৱাৰ পৰা আৰম্ভ কৰি প্রথমটো এণ্টিব’ডি প্রকট হোৱালৈ– সাধাৰণতে ১২ সপ্তাহ) শীর্ষক সময়ছোৱাত এই ৰোগসমূহৰ সংক্রমণ ধৰা পেলোৱাত ব্যর্থ হৈছে৷ সেয়েহে সুৰক্ষিত তেজ লাভ কৰিবলৈ, বিশেষকৈ সংশ্লিষ্ট উইণ্ডো পিৰিয়ডত বিশুদ্ধ ৰক্ত লাভ কৰিবলৈ ৰক্তদান কৰাৰ পূর্বে ৰক্তদাতাই তেজ পৰীক্ষা কৰোৱাটো তথা কোনো বিসংগতি থাকিলে পূর্বেই অৱগত কৰোৱাটো অত্যন্ত জৰুৰী৷ কাউন্সেলিং বা ৰক্তদান কৰাৰ পূর্বে কৰা স্বাস্থ্য পৰীক্ষাকালত কৰা প্রতিটো প্রশ্নৰে সঠিক উত্তৰ দিয়াটোও এই ক্ষেত্রত অতি গুৰুত্বপূর্ণ দিশ৷ ৰক্তদাতাগৰাকীয়ে যদিহে অতীতত বা এতিয়াও একাধিক সংগীৰ সৈতে যৌন সম্পর্ক স্থাপন কৰে, অসুৰক্ষিত যৌন সম্পর্কত লিপ্ত হয়, পতিতালয়লৈ যায়, বেজীৰ দ্বাৰা ড্রাগছ সেৱন কৰে, অবিজ্ঞানসন্মত টাটু বিপণীত শৰীৰত টাটু অংকন কৰে, তেন্তে তেনে লোকে ৰক্তদান কৰিব নালাগে৷ অৱশ্যে এনেধৰণে ৰক্তদাতাই নিজেই সবিশেষ উল্লেখ কৰে যদিহে তেওঁ স্বেচছাই ৰক্তদান কৰিবলৈ আহিছে, পিছে পেছাদাৰী ৰক্তদাতা বা তেজ বিক্রেতাসকলৰ ক্ষেত্রত এনে দিশ আশা কৰিব নোৱাৰি৷ সেয়েহে, ৰক্তদান প্রক্রিয়াটোত সর্বাধিক সুৰক্ষা নিশ্চিত কৰিবলৈ স্বেচছামূলক ৰক্তদানক অধিক গুৰুত্ব প্রদান কৰিব লাগে৷ পেছাদাৰী তেজ বিক্রেতাৰ দ্বাৰা ৰক্তদান এক অপৰাধ হিচাপে গণ্য কৰা হয়৷

ৰক্তদানৰ সুফলসমূহ

ৰক্তদানে কেৱল ৰোগীকেই জীৱনদান বা লাভৱান্বিত নকৰে, বৰঞ্চ ৰক্তদাতাকো যথেষ্ট সুফল দিয়ে৷

* ভালেমান গৱেষণাত পোৱা তথ্য অনুসৰি নিয়মিতভাৱে ৰক্তদান কৰিলে হার্ট এটেক আৰু ষ্ট্র’কৰ সম্ভাৱনা ৮৩% হ্রাস পায়৷

* নিয়মিত ৰক্তদানে আমাৰ দেহত বৃদ্ধি পোৱা লৌহ উপাদানৰ পৰিমাণ হ্রাস কৰে আৰু দেহক অবাঞ্ছিত অসুস্থতাৰ পৰা ৰক্ষা কৰে৷ ই লগতে কলিজা, অন্ত্র, হাঁওফাঁও আৰু ডিঙিৰ পৰা হ’ব পৰা কর্কট ৰোগৰ সম্ভাৱনাও হ্রাস কৰে৷

* নিয়মিত ৰক্তদানে স্থুলতা হ্রাস কৰে৷ ৪৫০ মিলিলিটাৰ ৰক্তদানে শৰীৰৰ প্রায় ৬৫০ কেল’ৰি মেদ হ্রাস কৰে৷

* যোগ্য ৰক্তদাতাসকলক ৰক্তদান কৰাৰ পূর্বে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু তেওঁৰ শৰীৰৰ পৰা গ্রহণ কৰা তেজৰ নমুনাখিনি সম্পূর্ণ বিনামূলীয়াকৈ ভালেমান ৰোগৰ বাবে পৰীক্ষা কৰা হয়৷

* শেষত কাৰোবাৰ জীৱন ৰক্ষা কৰাৰ দৰে মানসিক সন্তুষ্টি লাভ কৰা যায় এই ৰক্তদানৰ যোগেদিয়েই৷

শেহতীয়া ধাৰা

নেশ্যনেল ব্লাড ট্রান্সফিউজন কাউন্সিলে (NBTC) শেহতীয়াকৈ ৰক্তদানৰ ক্ষেত্রত সুৰক্ষা সর্বাত্মক কৰি তোলাৰ বাবে আৰু তেজ নষ্ট হৈ যোৱাৰ ঘটনা হ্রাস কৰিবলৈ ভালেমান অভিনৱ পদ্ধতিৰ সূচনা কৰিছে৷ এই পদ্ধতিসমূহ সুলভ্য কৰি তোলাৰ বাবেও ব্যৱস্থা গ্রহণ কৰিছে৷ ইতিমধ্যে নেশ্যনেল হেল্থ প’র্টেলৰ (NHP) ৱে’বছাইটত ভাৰতৰ আটাইবোৰ ব্লাড বেংক বা ৰক্ত ভাণ্ডাৰৰ তথ্য আৰু সেইসমূহত বর্তমানে মজুত থকা তেজৰ পৰিমাণৰ বিষয়েও উল্লেখ কৰা হৈছে৷ ইয়াৰ উপৰি এনড্রইড ফ’নসমূহৰ বাবে এটা ম’বাইল এপছো মুকলি কৰা হৈছে যিয়ে নিকটৱর্তী ব্লাড বেংকসমূহৰ বিষয়ে তথ্য প্রদান কৰে৷ অৱশ্যে ইয়াৰ বাবে প্রতিটো ব্লাড বেংকে দৈনিক তেওঁলোকৰ মজুত থকা তেজৰ পৰিমাণৰ বিষয়ে তথ্য আপডেট কৰি থাকিব লাগিব৷

ভাৰতত মুঠ ২৭৬০ টা অনুজ্ঞাপ্রাপ্ত ব্লাড বেংক আছে৷ ইয়াৰ ভিতৰত৯৮১ টা চৰকাৰী ব্লাড বেংক আৰু ১৫৬৪ টা ব্লাড বেংক ব্যক্তিগত খণ্ডৰ৷ কিন্তু দুর্ভাগ্যভাৱে সেইসমূহৰ বেছিসংখ্যকৰেই উপাদান পৃথকীকৰণ আৰু প্রয়োগ কৰাৰ সুবিধা নাই৷ সাম্প্রতিক সময়ত গ্রহণ কৰা আটাইখিনি তেজেই এককভাৱে ব্যৱহাৰ কৰাৰ দিন উকলিল৷ ৰক্তদান সেৱাত শেহতীয়াকৈ সংযোজিত হোৱা বিভিন্ন উন্নত ব্যৱস্থাসমূহৰ ভিতৰত নিউক্লিক এছিড টেষ্টিং (NAT) পদ্ধতি অন্যতম আৰু এই পদ্ধতি যথেষ্ট স্পর্শকাতৰ তথা ইয়াত আছে ৰক্তদানৰ ফলত হ’ব পৰা সংক্রমণৰ সম্ভাৱনীয়তা যথেষ্ট হ্রাস কৰে৷ ই এইচ আই ভিৰ উইণ্ডো পিৰিয়ড ১০.৩৪ দিনলৈ হ্রাস কৰে, এইচ চি ভি ১.৩৪ দিনলৈ হ্রাস কৰে আৰু এইচ আই ভি ২.৯৩ দিনলৈ হ্রাস কৰে৷ অৱশ্যে ই অতি খৰচী হয় আৰু লগতে ইয়াৰ বাবে যথেষ্ট অভিজ্ঞতা অর্হতাৰ প্রয়োজন হয়৷ তথাপি ভাৰতত কেইটামান ব্লাড বেংকত এই প্রযুক্তিৰ ব্যৱহাৰ আৰম্ভ কৰা হৈছে৷

এন এ বি এইচ অর্থাৎ নেশ্যনেল এক্রেডিটেশ্যন এজেন্সি আণ্ডাৰ কোৱালিটি কাউন্সিল অব ইণ্ডিয়াৰ দ্বাৰা মানসম্পন্ন সেৱাৰ বাবে ব্লাড বেংকৰ অনুমোদন লাভ কৰাটো সম্প্রতি এক নিয়ম তথা ধাৰাত পৰিণত হৈছে৷ সম্প্রতি সমগ্র ভাৰততে ৬৮২ টা ব্লাড বেংক আছে এই এন এ বি এইচ অনুমোদন, আৰু ভালেসংখ্যক ব্লাড বেংকে এই অনুমোদন লাভ কৰাৰ প্রক্রিয়া চলাই আছে৷

সাৰাংশ

সংশ্লিষ্ট বিষয়ৰ প্রখ্যাত অধ্যাপক উইণ্ট্র’বে কৈছিল, ‘বৈকল্পিক ৰক্ত সঞ্চাৰণেই প্রকৃত ৰক্ত সঞ্চাৰণ৷’ এই বৈকল্পিক ৰক্ত সঞ্চাৰণৰ বিষয়টো আজিৰ পৰা প্রায় ৩০০ বছৰ পুৰণি যদিও ১৯১৪ চনৰ প্রথম বিশ্বযুদ্ধৰ পিছতে এই বিষয়টোৱে প্রসাৰতা আৰু ব্যাপকতা লাভ কৰে৷ ২০০৯ চনত অসমত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ চিকিৎসাৰ বাবে হোৱা তেজৰ অভাৱৰ কথা আৰু মঙলদৈত ৰক্ত সঞ্চাৰণৰ মাধ্যমেৰে হোৱা এইচ আই ভি সংক্রমণৰ ঘটনা নিশ্চয় আমাৰ সকলোৰে মনত আছে৷ স্বেচছামূলক ৰক্তদাতাৰ পৰা লাভ কৰা তেজ পর্যাপ্ত পৰিমাণে মজুত ৰখা আৰু সেই তেজ অত্যাধুনিক প্রযুক্তিৰ মাজেৰে পৰীক্ষা কৰি ৰখাটোৱেই হৈছে বর্তমান সময়ত সংশ্লিষ্ট বিষয়টোৰ আটাইতকৈ ডাঙৰ প্রত্যাহ্বান, য’ত আমি সকলোৱেই একো একোটা বিশেষ ভূমিকা পালন কৰাৰ প্রয়োজনীয়তা আছে৷ ইয়াক অইন যিকোনো ধৰণৰ ঔষধৰ লেখীয়াকৈ প্রস্তুত কৰি উলিয়াব নোৱাৰি৷ ইয়াক লাভ কৰাৰ একমাত্র উপায়টোৱেই হৈছে ৰক্তদাতা৷ এটা বিশেষজ্ঞ দলৰ নিৰীক্ষণত কৰা ৰক্তদান হৈছে এক অতি সৰল, ক্ষিপ্র আৰু বিজ্ঞানসন্মত প্রক্রিয়া৷ এগৰাকী ৰক্তদাতাই ৰক্তদান কৰাৰ পিছত ২-৩ ঘণ্টা জিৰণি লোৱাৰ পিছতে পুনৰ সাধাৰণভাৱে কামকাজ কৰিব পাৰে৷ দেশত প্রতি মুহূর্ততে ক’ৰবাত নহয় ক’ৰবাত লোকক তেজৰ প্রয়োজন হৈয়েই আছে, হৈয়েই থাকিব৷ গতিকে এই হিতৈষী কামৰ বাবে স্বেচছাই আগবাঢ়ি আহো আহক৷ তেজৰ প্রয়োজন হোৱাজন কিজানি আপোনাৰেই আপোনজন, কোনে জানে ৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment