নমামী ব্ৰহ্মপুত্ৰ : বিতৰ্ক


শেহতীয়াকৈ ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা বিশ্বৰ সৰ্ববৃহৎ নদী মহোৎসৱ ‘নমামি ব্ৰহ্মপুত্ৰ’ক লৈ ৰাজ্য চৰকাৰে ব্যাপক বিতৰ্কৰ মাজত সোমাই পৰা পৰিলক্ষিত হৈছে৷ কিন্তু এই মহোৎসৱক লৈ ইমানবোৰ বিতৰ্ক কিয় ! হয়, এটা কথা সঁচা যে সকলো বস্তুৰে কিছু নেতিবাচক দিশৰ লগতে ইতিবাচক দিশো আছে৷ ঠিক একেদৰে এই কথাষাৰ নমামি ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ তাতে আকৌ এই অনুষ্ঠানটি চৰকাৰে নিজে উদ্যোগ লৈছে৷ যিহেতু চৰকাৰৰ কাৰ্য তথা দৃষ্টিভংগীৰ ওপৰতহে চৰকাৰ সম্পর্কে বিচাৰ-বিবেচনা আৰু দৃষ্টিভংগী নিৰ্ভৰ কৰে আৰু এই অনুষ্ঠানটি চৰকাৰে নিজে উদ্যোগ লৈছে সেয়ে এইক্ষেত্ৰত কিছু বিতৰ্কই গা কৰি উঠাটো স্বাভাৱিক৷ কিন্তু ‘নমামি ব্ৰহ্মপুত্ৰ’ক লৈ যিমানেই নেতিবাচক দিশ প্ৰচাৰ কৰা নহওক কিয়, ইয়াৰ কিছুমান ইতিবাচক দিশো আছে৷ সেয়ে ব্ৰহ্মপুত্রৰ নামত উৎসৱৰ প্রয়োজন বা প্রাসংগিতা নাই বুলি ক’লে কিছু ভুল হ’ব৷কিয়নো ব্ৰহ্মপুত্র আমাৰ সম্পদ, আমাৰ গৌৰৱ। জাতিৰ গৌৰৱক বিশ্বৰ দৃষ্টিত তুলি ধৰাৰ উদ্দেশ্য ভুল হ’ব নোৱাৰে।এই উৎসৱৰ ফলত শদিয়াৰ পৰা ধুবুৰীলৈ সকলোৱে মহাবাহুক সন্মান প্ৰদান কৰাৰ দৃশ্য অসম তথা ভাৰত চৰকাৰৰ হাতত চিৰকাললৈ থাকিল৷ অৰ্থাৎ তিনি কোটি মানুহৰ অভিমানক লৈ মুখ্যত চীনে তেওঁলোকৰ একচেটিয়া নীতি পৰ্যায়ক্ৰমে নিশ্চয় বাদ দিবলৈ বাধ্য হব৷ একেদৰে নমামি ব্ৰহ্মপুত্রত ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি আৰু দালাই লামাৰ উপস্থিতিকে ধৰি আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্রত এক বৃহৎ সফলতা গঢ়ি তোলা নাইনে৷ ব্ৰহ্মপুত্রক বাধা দিবলৈ চীনে চলোৱা চেষ্টাৰ বিৰুদ্ধে অদূৰ ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় আদালতত ভাৰতৰ বাবে এয়া নিশ্চয় প্ৰমাণৰ এক দস্তাৱেজ হৈ ৰ’ব৷ এই মহোৎসৱৰ প্ৰস্তুতি বৰ দীৰ্ঘদিনীয়া নাছিল৷ তেনে ক্ষেত্রত ৰাষ্ট্ৰপতি, দালাই লামাৰ দৰে সাংবিধানিক মুৰব্বী-শান্তিকামী নিৰপেক্ষ ধৰ্মগুৰুৱে ৰাজ্য চৰকাৰৰ আমন্ত্রণ ৰক্ষা কৰি উপস্থিত হোৱা ঘটনাই বুজাই দিলে প্ৰকৃততে এই উৎসৱ কিমান গুৰুত্বপূৰ্ণ আছিল৷ মাজুলী আৰু বৰপেটাৰ সন্মানীয় সত্রাধিকাৰে একেলগে নৌকা যাত্রা কৰি ৩১ মাৰ্চৰ দিনা পোনতে গায়ন বায়নসহ তেখেতসকলে মহাবাহুক প্ৰণিপাত জনোৱাৰ পিছত যি পৱিত্র বেদ মন্ত্র পাঠ হ’ল সেয়া অসমীয়া জনজীৱনক দীৰ্ঘকাললৈ প্ৰভাৱিত কৰিব পৰা তথা ঐক্য-সমন্বয়ৰ এই বিৰল দৃশ্য৷এই উৎসৱৰ প্ৰথম দিনাই পৰিলক্ষিত হোৱা ৰাজ্যখনৰ বিভিন্ন স্থানৰ থলুৱা জাতি, জনগোষ্ঠীৰ পৰম্পৰাগত পোচাক, নৃত্য-গীত, বা পাচলৈ হেৰাই যাব ধৰা কেতবোৰ থলুৱা খেল-ধেমালি এই উৎসৱৰ বাহিৰে আন ক’ৰবাত দেখা পোৱা পৰিলক্ষিত নহয়৷ দেশৰ ৰাষ্ট্ৰপতি, ধৰ্মগুৰু দালাই লামা, যোগগুৰু বাবা ৰামদেৱ আদিৰ উপস্থিতিৰ পাছত অসমলৈ উদ্যোগকেন্দ্ৰিক বিনিয়োগকাৰীৰ আগমনৰ পথ যে প্ৰশস্থ হল সেয়া নিশ্চয় নুই কৰিব নোৱাৰি৷ প্ৰকৃতাৰ্থত স্বাধীনতাৰ সাত দশক পাচত নিবনুৱা সমস্যা সমাধানৰ দিশে অসম চৰকাৰে প্ৰথমবাৰলৈ দৃঢ় খোজ দিয়া বুলি অনুমান হৈছে৷ মূলতঃ নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ ফলত মহাবাহু ব্ৰহ্মপুত্ৰৰ খ্যাতি দুগুণে বৃদ্ধি পাব। গংগা, যমুনাৰ দৰে পৱিত্ৰ ৰূপত ব্ৰহ্মপুত্ৰয়ো বিশ্বত প্ৰচাৰ লাভ কৰিব৷ ব্ৰহ্মপুত্ৰই বিশ্বৰ পৰ্য্যটকসকলৰ বাবে এক নতুন পৰ্য্যটনস্থলী হিচাপে স্থান লাভ কৰিব । নমামি উৎসৱ অায়োজন হোৱা প্ৰতিটো ঘাট, জল পৰিবহনৰ বাবে অধিক ব্যৱহাৰ হ’ব৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়ো পৰাত বাস কৰা কৃষিজীৱী জনতাৰ নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাত অধিক সুবিধা লাভ কৰিব৷ ব্ৰহ্মপুত্ৰৰ জলপথ অধিক ব্যৱহাৰৰ ফলত প্ৰদূষণ হ্ৰাসৰ লগতে চৰকাৰী পথ নিৰ্মাণৰ ব্যয় হ্ৰাসকে ধৰি বহুতো ইতিবাচক দিশ আছে৷ কেৱল এইক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা লাগিব৷ যদি আশা কৰা ধৰণে ব্ৰহ্মপুত্র আৰু ইয়াৰ উপনৈ সমূহৰ দুয়োপাৰ উন্নত হয়, দাঁতিকাষৰীয়া মফচল চহৰখনো যদি মানদণ্ডসম্পন্ন অৱস্থালৈ উন্নীত হয় তেন্তে জাপানৰ ভূমিকম্পৰ দৰে অতি আপোন মহাবাহু ব্ৰহ্মপুত্রখন অসমৰ সাহস-উদ্ভাৱনী শক্তিৰ প্ৰতীক হৈ ৰ’ব৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment

0 comments :