বৰপেটাৰোড, ৮ এপ্রিলঃ
স্বচ্ছ ভাৰত অভিযানৰ নামত স্বয়ং প্রধানমন্ত্রীয়েই ঝাড়ু হাতত লোৱাৰ আলোকচিত্র গণমাধ্যমবোৰত প্রকাশ পাই আহিছে। স্বচ্ছ ভাৰত অভিযানৰ নামত কোটি কোটি ধন ব্যায় কৰি থকা হৈছে। সর্বসাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে বেনাৰ-পোষ্টাৰাে লগোৱা হৈছে। কিন্তু স্বচ্ছ ভাৰত অভিযানক একপ্রকাৰ ভেঙুচালি কৰিছে বিজেপি দখলকৃত চহৰ বৰপেটাৰােডত। যোৱা প্রায় এক দশকৰ পৰা বিজেপিৰ দখলত থকা সৰভোগ বিধানসভা সমষ্টিৰ আটাইতকৈ গুৰুত্বপূর্ণ চহৰ বৰপেটাৰােড। এই চহৰখনৰ পৌৰসভাৰ অন্তৰ্গত উত্তৰ বৰপেটাৰােডৰ নীলা-নর্দমাবোৰ দীর্ঘ সময়ৰ পৰা চাফ-চিকুন নকৰাত দুৰ্গন্ধময় হৈ পৰিছে আৰু প্রায় সমগ্ৰ উত্তৰ বৰপেটাৰােডত অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰিছে। সততে দুৰদৰ্শনৰ জৰিয়তে সমষ্টিবাসীয়ে লগ পোৱা সমষ্টিটােৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰােডৰ পাইকাৰী পাচলি বজাৰৰ দৰে গুৰুত্বপূর্ণ বজাৰ থকাৰ পিছতো ৰেলপথৰ উত্তৰ পাৰৰ উন্নয়নৰ কথা একপ্রকাৰ বিজেপি দখলকৃত বৰপেটাৰােড পৌৰসভাই পাহৰি গৈছে।
পৌৰসভাই কৃষকৰ সুবিধা হােৱাকৈ বজাৰ খনৰ আন্তঃগাথনি উন্নয়ন কৰাত গাফিলতি কৰিলেও কৰ সংগ্ৰহ কৰাত পিছপৰি থকা নাই। শেহতীয়াকৈ কৃষিজাত সামগ্ৰীসমূহৰ ওপৰত পৌৰসভাই কৰৰ পৰিমাণ বৃদ্ধি কৰাৰ খবৰ পোৱা গৈছে। যি সময়ত উপযুক্ত বজাৰমূল্য লাভ নকৰি বৰপেটাৰােডৰ কৃষকে আত্মহত্যা কৰিব লগা হৈছে সেই সময়তে কৃষিজাত সামগ্ৰীত কৰা বৃদ্ধি কৰা কার্যই নিশ্চয়কৈ পৌৰসভাৰ কাণ্ডজ্ঞানহীনতাৰ পৰিচয় বহন কৰিছে। অৱশ্যে খাজনা (কৰ) বৃদ্ধি কৰিলেও এতিয়ালৈকে পাইকাৰী পাচলি বজাৰত কার্যকৰী কৰা নাই। বৰপেটাৰােড পৌৰসভাৰ নতুন খাজনা নীতিয়ে বৰপেটাৰােডৰ দৰিদ্ৰ কৃষকক নিশ্চয়কৈ বিপদত পেলোৱাৰ সম্ভাৱনা আছে। ইফালে বৰপেটাৰােডৰ জাবৰ-জোথৰবােৰ নিষ্কাশনৰ কথা কৈ থকা পৌৰসভাই জনবসতিপূর্ণ আজাদ নগৰত পেলাই সমগ্র আজাদ নগৰৰ বাসিন্ধাসকলক বেমাৰী কৰোৱাৰ উপক্ৰম হৈছে। প্রায় প্রতিদিনে বৰপেটাৰোডৰ বিভিন্ন ওৱাৰ্ডৰ পৰা লেতেৰা জাবৰ আনি আজাদ নগৰত পেলোৱা কার্যক নগৰখনৰ বাসিন্ধা সকলে ধিক্কাৰ জনাইছে। ইফালে মন কৰিবলগীয়া কথাটাে হ’ল উত্তৰ বৰপেটাৰােডৰ কেইবাখনো ধর্মীয় অনুষ্ঠাৰ কাষেৰে পাৰ হৈ যোৱা নলা-নর্দমাবোৰ পৌৰসভাই একপ্রকাৰ চাফা কৰিবলৈ পাহৰি যোৱা যেন অনুমান হৈছে।

0 comments :
Post a Comment