ঐক্য-সংহতি অধিক দৃঢ় কৰিব ৰমাজানৰ পৱিত্ৰতাই
গুৱাহাটী, ২৬ জুন ঃ
ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাই আজি গুৱাহাটীৰ ইছলামপুৰৰ হাজী মুছাফিৰখানাত আয়োজিত ইফতাৰ পাৰ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকি ‘ঐক্য-সংহতি অধিক দৃঢ় কৰিব ৰমাজানৰ পৱিত্ৰতাই’ বুলি মন্তব্য কৰে৷ উক্ত ইফতাৰ পাৰ্টিত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্ত, বিধায়ক আমিনুল হক, সিদ্ধৰ্থ ভট্টাচাৰ্য, সংখ্যালঘু মৰ্চাৰ সভাপিত মমিনুল আৱাল, ৱাকফ বোৰ্ডৰ অধ্যক্ষ নেকিবুৰ জামান আদি৷
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে- ‘সকলোৰে মঙ্গলৰ বাবে তথা বিশ্বশান্তিৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰ ৰমজান মাহৰ ৰোজা পালন কৰি আহিছে৷মোৰ দৃঢ় বিশ্বাস ৰোজাৰ দ্বাৰা মানুহৰ মাজত ভাতৃত্ববোধ, সদ্ধাৱনা অধিক শক্তিশালী হৈ উঠিব৷ অসমৰ সাতামপুৰুষীয়া ঐক্য-সংহতি ্ধিক দৃঢ় কৰিব ৰমজানৰ পৱিত্ৰতাই৷’
facebook
twitter
google+
fb share