২৬ জুন তাৰিখে বিশ্ব ড্ৰাগছ বিৰোধী দিৱসত সমগ্ৰ অসমৰ জিলা আৰু মহকুমা প্ৰশাসনে ৰাজহুৱা স্থানত অথবা ৰাজপথত সমদল উলিয়াই সজাগতাৰ সৃষ্টি কৰিবলৈ যত্ন কৰে৷ বিভিন্ন দল-সগঠনৰ সহযোগিতাত এই কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায়৷ এদিনৰ বাবে ৰাজ্যৰ প্ৰশাসনে প্লেকাৰ্ড, ফেষ্টুন আদি হাতত লৈ ৰাজপথলৈ ওলাই আহিল৷ বিভিন্ন সময়ত আন্দোলনকাৰী দল-সংগঠনক বাধা প্ৰদান কৰা আৰক্ষীয়ে এইবাৰ দল-সংঠন আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগত একেলগে ৰাজপথত দেখা গ’ল৷
কিন্তু প্ৰশ্নটো হয়, ড্ৰাগচ নাইকীয়া কৰা সম্ভৱ হ’ব নে ? বিগত সময়ত কেইখনমান সংবাদ মাধ্যমেও এই ড্ৰাগচ নিমূৰ্ল কৰাৰ বাবে অভিযান চলাই কিছু পৰিমাণে কৃতকাৰ্যতা লাভ কৰিছিল যদিও শেহতীয়াকৈ পুনৰ ড্ৰাগচ আৰু ধপাত জাতীয় সামগ্ৰী বজাৰত ভৰি পৰিছে৷
এই ক্ষেত্ৰত আৰক্ষীয়ে বা জিলা প্ৰশাসন সমূহে ৰাজপথত সমদল কৰিলেই দায়িত্ব শেষ হ’ব নে ? নিশ্চয় নহয়৷ তাৰ বাবে প্ৰকৃতপক্ষে আৰক্ষী-প্ৰশাসনে হাতে-কামে লাগিব লাগিব৷ সমদলত যিদৰে দল-সংগঠনক বিশ্বাসত লৈ প্ৰশাসনে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ চেষ্টা কৰিলে সেই একে ধৰণে ড্ৰাগচৰ বিক্ৰী বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ তেতিয়াহে ড্ৰাগচ মুক্ত অসম কল্পনা কৰিব পৰা যাব আৰু তাৰ পিছত হে ধপাতমুক্ত অসমৰ সপোন বাস্তৱ হ’ব৷৷৷
facebook
twitter
google+
fb share