![]() |
আন্দোলনৰ নেতৃত্ব বহন কৰা অখিল গগৈক ২৫ তাৰিখে আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ, গুৱাহাটীত |
গুৱাহাটী, ২৭ জুনঃ
পুনৰ প্ৰাসংগিক হৈ পৰিছে অসম আন্দোলনৰ সময়ৰ 'তেজ দিম তেল নিদিওঁ' শ্লোগান। অসম আন্দোলনৰ সময়ত কলাইগাঁৱত থিতাপি লোৱা তেজপুৰৰ চন্দ্ৰকান্ত শৰ্মাৰ সন্তান সংগ্ৰামী বীৰ দুলাল শৰ্মাই নিজৰ বুকুৰ তেজেৰে ৰাজপথ লিখিছিল 'তেজ দিম তেল নিদিওঁ'৷
১২ টাকৈ তৈলক্ষেত্ৰ বিদেশী ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ সময়ত অসম আন্দোলনৰ উক্ত শ্লোগান প্ৰাসঙ্গিক হৈ পৰিল৷
শেহতীয়াকৈ উক্ত শ্লোগানে কেইদিনৰ পৰা ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ তোলপাৰ লগোৱাই নহয় বিভিন্ন জাতীয় সংগঠনে উক্ত শ্লোগানেৰে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাও দেখা গৈছে৷
কিন্তু দুৰ্ভাগ্যজনক ভাবে্ অসম আন্দোলনৰ ছাত্ৰনেতাসকল মন্ত্ৰী-বিধায়ক হৈ পাহৰি পেলালে দুলাল শৰ্মাক। অসমৰ সম্পদত এতিয়া বিদেশী কোম্পানীয়ে ৰাজত্ব কৰিব আৰু অসমৰ যুৱকে বিদেশী কোম্পানীৰ তলতীয়া কৰ্মচাৰী হোৱাৰ বাবে দীঘলীয়া শাৰী পাতিব লাগিব৷
দুলাল শৰ্মাক সকলোৱে পাহৰি গৈছিল৷অসম আন্দোলনৰ শেষত তেওঁ উত্তৰ গুৱাহাটীত বাস কৰিবলৈ লৈছিল। আৰ্থিক অনাটনৰ বাবে তেওঁ ৰিক্সা চলাবলৈ লৈছিল। অৱশ্যে পাছলৈ এই বীৰ সংগ্ৰামী গাৰকায়ে যক্ষ্মা ৰোগত আক্ৰান্ত হৈ চিৰ বিদায় লয় এদিন।
তেওঁৰ বুকুৰ তেজ আজিও জীৱন্ত হৈ আছে৷
facebook
twitter
google+
fb share