

ৱেব ডেস্ক, ৭ চেপ্টেম্বৰ, ২০১৬ঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ প্ৰথম দুবছৰতে ২৩ জন মন্ত্ৰীয়ে নিজৰ কাৰ্যালয় মেৰামতি, সাজসজ্জা আৰু আচবাব-পত্ৰ ক্ৰয়ৰ বাবত ৩.৫ কোটি টকা ব্যয় কৰে৷ অৱশ্যে, গৃহ মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকাৰ আৰু বিত্ত মন্ত্রী অৰুণ জেটলি আৰু আন এটকাও ব্যয় কৰা নাই। এখন ইংৰাজী দৈনিক বাতৰিকাকতে এই কথা প্রকাশ কৰিছে। তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যৰ উদ্ধৃতি দি বাতৰিকাকতখনে কয় যে নিজৰ কাৰ্যালয়ৰ বাবত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা মন্ত্রীকেইজনৰ ভিতৰত মন্ত্রীসভাৰ সালসলনি তথা সম্প্রসাৰণৰ সময়ত দপ্তৰ সলনি হােৱা আৰু মন্ত্রিত্ব হেৰুওৱা মন্ত্রীও আছে। উক্ত মন্ত্রীকেইজনে নিজৰ কাৰ্যালয় মেৰামতি তথা সাজসজাৰ বাবত কৰা ব্যয়ৰ ভিতৰত অতি দামী ৱাশ্বি বেছিনৰ পৰা আটকধুনীয়া গ্লাছৰ পাটিশ্যনো আছে। উক্ত ২৩জন মন্ত্রীৰ ভিতৰত আটাইতকৈ বেছি ব্যয় কৰাসকলৰ ভিতৰত স্মৃতি ইৰাণী, চৌধুৰী বীৰেন্দ্ৰ সিং, ৰাজ্যবর্ধন সিং ৰাথোড়, উপেন্দ্ৰ কুশৱাহা, জে পিনিডা, সাৱৰলাল জাঁট আৰু জিতেন্দ্ৰ সিঙো আছে। তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি স্মৃতি ইৰাণী মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্রী হৈ থকাৰ সময়ত তেওঁ আৰু তেওঁৰ অধীনৰ দুজন ৰাজ্যিক পর্যায়ৰ মন্ত্রীয়ে নিজৰ কার্যালয়ৰ বাবত ব্যয় কৰে। প্রায় ১ কোটি ১৬ লাখ টকা। ইয়াৰ ভিতৰত ইৰাণীৰ কাৰ্যালয়ৰ বাবত কৰা ব্যয়ৰ পৰিমাণ হ’ল ৭০ লাখ টকা। তেওঁৰ মন্ত্র্যালয়ৰ দুজন ৰাজ্যিক পর্যায়ৰ মন্ত্রীয়ে ব্যয় কৰে। ৪০ লাখ টকা। আনহাতে, বীৰেন্দ্র সিঙে মজিয়া আৰু চিলিঙৰ বাবত ব্যয় কৰে ৭০ লাখ টকা। নডডাৰ স্বাস্থ্য মন্ত্র্যালয়ত আচবাব-পত্ৰ ক্ৰয়ৰ বাবত ব্যয় কৰা হয় ১০.৬০ লাখ টকা। আনহাতে, ৰাজ্যবর্ধন ৰাথোড়ে তেওঁৰ কাৰ্যালয়ৰ সাজসজাৰ বাবত ব্যয় কৰে ৪১.১৫ লাখ টকা।
facebook
twitter
google+
fb share