ঃঃঅসমৰ ১২ টাকৈ তৈলক্ষেত্ৰ বিদেশী ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিয়াৰ বিৰোধিতা আমছুৰঃঃ


গুৱাহাটী, ২৭ জুনঃ 
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি আজিজুৰ ৰহমানে আজি প্ৰেছ বিবৃতিৰ জৰিয়তে অসমৰ ১২ টাকৈ তৈলক্ষেত্ৰ বিদেশী ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে৷ সভাপতিগৰাকীয়ে আজি এক বিবৃতিৰ জৰিয়তে চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই এই সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰিছে৷ বিবৃতিত লগতে সভাপতি গৰাকীয়ে কাইলৈ অৰ্থাত্ ২৮ জুন তাৰিখে সমগ্ৰ অসম ব্যাপি এক প্ৰতিবাদী কাৰ্য়সূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ প্ৰতিবাদী কাৰ্য়সূচীৰ জৰিয়তে উক্ত অসমৰ সম্পদ তথা ১২ টাকৈ তৈলক্ষেত্ৰ বিদেশী ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিয়াৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় প্ৰেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি সমগ্ৰ অসমতে ৰাজহুৱা স্থানত দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে। সভাপতি গৰাকীয়ে লগতে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সমুহ বিষয়ববীয়া, কাৰ্যকৰী সদস্য, জিলা সমিতি সমুহক নিজৰ নিজৰ জিলাত ৰাজহুৱা স্থানত কাইলৈ দিনৰ ১ বজাত উক্ত প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ আহ্বান জনাইছে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment