টুইটাৰত বিধায়িকা আঙুৰলতা ডেকাৰ বিতৰ্কিত মন্তব্য

টুইটাৰত বিধায়িকা আঙুৰলতা ডেকাৰ বিতৰ্কিত মন্তব্য




১৩ জুলাই, ২০১৬ :
বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই নিজৰ টুইটাৰ একাউণ্টত এক বিতৰ্কিত মন্তব্য কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিধায়িকা আঙুৰলতা ডেকাই নিজৰ টুইটাৰ একাউণ্টত কৰা মন্তব্য- খানৰ দ্বাৰা অভিনীত চিনেমাসমূহ দেখি হিন্দু লোকসকলে অযথা ধন ব্যয় কৰি আছে৷ তাতকৈ উক্ত ধনসমূহ ৰাম মন্দিৰ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰিব লাগে৷ উল্লেখ্য যে এইগৰাকী বিধায়িকা আঙুৰলতা ডেকাক কৌতুক সম্ৰাট বুলবল হুছেইনে ফুটপাথৰ পৰা বুটলি আনি অসমৰ সাংস্কৃতিক জগতখনৰ লগত চিনাকী কৰাই দিছিল খাপ্লাংকাইৰ ৰহিলা চৰিত্ৰটিৰ দ্বাৰা৷ এতিয়া উচ্চ শিখৰত উঠি সাংস্কৃতিক জগতখনকএনে ব্যৱহাৰ কৰিছে বুলি বিভিন্ন মহলত চৰ্চা লাভ কৰিছে৷ যদি এইটো অসত্য নহয় তেন্তে  "ফুটপাথত জন্ম লোৱাৰ ভাৱধাৰা ফুটপাথীয়েই হয়" আৰু বিজেপিলৈ গমন কৰিয়েই বিধায়িকাগৰাকীয়ে হিন্দুত্ববাদী হৈ উঠিছে বুলিও ব্যাপক চৰ্চা লাভ কৰিছে৷ অৱশ্যে বিধায়িকা আঙুৰলতা ডেকাই এই Tweeter account টো ভূৱা বুলি প্ৰচাৰ চলাইছে যদিও প্ৰমান দিবলৈ বাকী আছে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment