বিদেশীৰ নামত ভাৰতীয় মুছলমানক হাৰাশাস্তি
গোৱালপাৰা-কোকৰাঝাৰ ডিটেনশ্বন কেম্পত আছে বহু প্ৰকৃত ভাৰতীয়
MY-FACTSৰ প্ৰশংসনীয় পদক্ষেপ
—সাজাহান আলী আহমেদ
১৯৮০ চনৰ আগৰ পৰাই অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক বিভিন্ন সময়ত ন্যাস্তস্বাৰ্থ জৰিত মহলে ব্যাপক হাৰাশাস্তি কৰি অহা পৰিলক্ষিত হৈছে৷ বহিৰাগত খেদা আন্দোলনৰ পৰা আৰম্ভ কৰি বিদেশী বা বাংলাদেশী খেদা আন্দোলন লৈকে ধৰ্মীয় সংখ্যালঘুসকলক বলিৰ পঠা সজোৱা পৰিলক্ষিত হৈছে৷ তথাকথিত অসম আন্দোলনৰ নামত হত্যা কৰা হৈছে হাজাৰ হাজাৰ (চৰকাৰী হিচাপ মতেই প্ৰায় ২ হাজাৰ) মুছলমান পুৰুষ-মহিলা, শিশু, আবাল-বৃদ্ধ-বনিতা৷ তাৰ পিছৰ সময়ছোৱাৰ ইতিহাস সকলোৱে জানে৷ হত্যাকাৰী, আন্দোলনকাৰীসকলে পিছৰ সময়ছোৱাত ভাৰত চৰকাৰৰ লগত চুক্তি স্বাক্ষৰ কৰি হত্যাৰ গোচৰৰ পৰা পৰিত্ৰাণ লাভ কৰি শাসনৰ গাধী দখল কৰে যদিও এজনো বিদেশী চিনাক্ত কৰিব নোৱাৰে৷ ফলত ১৯৯৭ চনত ভোটাৰ তালিকাত নামৰ আগত ইংৰাজী D আখৰ বহুৱাই সন্দেহজনক নাগৰিক হিচাপে প্ৰায় ১৮ লাখ লোকক চিহ্নিত কৰিলে৷ ক্ৰমাগত ভাবে সেইসকল মানুহে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে ভাৰতীয় বুলি প্ৰমাণ লাভ কৰিবলৈ সক্ষম হ’ল৷ এতিয়াও প্ৰায় তিনি লক্ষাধীক লোকৰ (বঙালী আৰু মুছলমান) D ভোটাৰ হিচাপে চিহ্নিত হৈ আছে৷
এই D ভোটাৰসকলে সকলোধৰণৰ চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ সমান্তৰালকৈ সতি সন্ততিসকলে আনকি উচ্চ শিক্ষা গ্ৰহণৰ পৰাও বঞ্চিত হৈ আছে৷
D ভোটাৰৰ সন্ত্ৰাসে খেদি ফুৰা লোকসকলে বিদেশী ন্যায়াধীকৰণৰ আদালৰ জৰিয়তে ন্যায় পোৱাৰ ব্যৱস্থা চৰকাৰে কৰিছে যদিও এই ন্যায়ালয় সমূহে প্ৰকৃততে এই দৰিদ্ৰ ভূক্তভোগীসকলক ন্যায় প্ৰদান কৰি আছে নে? তথাকথিত জাতীয়তাবাদৰ ধ্বজাবাহকসকলে এই ন্যায়িক ব্যৱস্থাত হেঙাৰ হিচাপে থিয় দিছে নেকি? নাইবা প্ৰকৃত ভাৰতীয়লোকে এই ন্যায়িক ব্যৱস্থাৰ পৰা উপকৃত হোৱাৰ দৰে ক্ষতিগ্ৰস্থ হৈছে নেকি?
বৰপেটা জিলাৰ বহৰিৰ সমীপৰ কাকধোঁৱা গাঁৱৰ মইনাল মোল্লাক ২০১৩ চনৰ ৫ চেপ্টেম্বৰ তাৰিখে সীমান্ত আৰক্ষীয়ে কৰায়্ত্ত কৰি গোৱালপাৰাৰ ডিটেনশ্বন কেম্পত বন্দি কৰি ৰাখিছিল৷ তেওঁৰ এই গোচৰটো উচ্চতম ন্যায়ালয়ে ১২ জুলাই তাৰিখে গ্ৰহণ কৰিলে৷
মইনাল মোল্লাৰ পিতৃৰ নামত প্ৰথমে সীমান্ত আৰক্ষীৰ পৰা আদালতত হাজীৰ হৈ নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰাৰ বাবে জাননী আহিছিল, তেওঁ আদালতত কেইবাবাৰো ১৯৩৮ চনৰ মাটিৰ দলিলকে আদি কৰি যাৱতীয় নথি-পত্ৰ দেখুৱাই নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিলে। কিন্তু কিছুদিন পিছত পুত্ৰ মইনাল মোল্লাৰ নামতো সীমান্ত আৰক্ষীয়ে জাননী পঠিয়ালে। মইনাল তেতিয়া গুৱাহাটীৰ এখন ছপাশালত কিতাপ বন্ধা কাম কৰি পৰিয়ালটো কোনো মতে চলাই আছিল। তেওঁ অধিবক্তাৰ জৰিয়তে বিদেশী ন্যায়াধীকৰণৰ কাষ চাপি যাৱতীয় নথিপত্ৰ দাখিল কৰিছিল যদিও কেতিয়াবা সময়মতে অৰ্থৰ অভাৱত আদালতত উপস্থিত হ’ব পৰা নাছিল। এটা সময়ত অধীবক্তাক উপযুক্ত মাচুল দিব নোৱাৰাৰ বাবে কেছটোয়ে গুৰুত্ব পোৱা নাছিল। ফলত মইনুলক বিদেশী বুলি ঘোষণা কৰি গোৱালপাৰাৰ ডিটেনশ্বন কেম্পত ৰাখিছিল। উল্লেখ্য যে তেওঁ গুৱাহাটী উচ্চ ন্যায়লয়ত তিনিবাৰ আবেদন কৰা কৰিছিল যদিও ন্যায়ালয়ে তিনিবাৰেই তেওঁক উভতাই পঠিয়াইছিল৷ MY-FACTS নামৰ স্বেচ্চাসেৱী সংস্থাৰ সহযোগত মইনুল মোল্লাৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়৷
প্ৰশ্ন হয় পিতৃ ভাৰতীয় হ’লে সন্তান কিদৰে বিদেশী হ’ব পাৰে ? সাধাৰণ যুক্তিৰ পৰাই এই কথা স্পষ্ট হয় যে তেওঁ প্ৰকৃততে এজন ভাৰতীয়৷ তেওঁৰ দৰে এতিয়াও বহু ভাৰতীয়লোক গোৱালপাৰা আৰু কোকৰাঝাৰৰ ডিটেনশ্বন কেম্পত জীৱ-জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰি আছে সেয়া এই ঘটনাৰ পৰাই নিশ্চিত হৈ পৰিছে৷
(লেখকৰ ফোন : ৯৪০১৯১৬২২৩)
![]() |
আলোকচিত্ৰত তিনিটি কন্যাৰে মইনালৰ পত্নী |
facebook
twitter
google+
fb share