নেশনেল ডেস্ক, ৯ জুলাইঃ
হিজবুল মুজাহিদীনৰ শীৰ্ষ বুৰহানৰ মৃত্যুক কেন্দ্র কৰি আজি অগ্নিগর্ভ হৈ উঠে কাশ্মীৰ। সন্ত্রাসবাদী ৱানি সংঘৰ্ষত নিহত হোৱা ঘটনাৰ প্রতিবাদত আজি শ শ লোক শ্ৰীনগৰৰ ৰাজপথলৈ ওলাই আহে। আক্রমণাত্মক হৈ উঠা জনতাক নিৰাপত্তা বাহিনীয়ে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে যদিও - দুয়োপক্ষৰ মাজত তীব্র সংঘর্ষৰ সৃষ্টি হয় আৰু এই সংঘৰ্ষত ১০ জন প্রতিবাদকাৰী নিহত হয়।
এই ব্যাপক হিংসাত্মক ঘটনাত নিৰাপত্তা বাহিনীৰ লোকসহ ৯০ জনৰো অধিক আহত হয়। উন্মত্ত লোকসকলে কুলগামত থানা আৰু নিৰাপত্তা বাহিনীৰ লোকক আক্রমণ কৰাৰ উপৰি বিজেপিৰ কার্যালয়তো আক্রমণ চলায়। এদল যুৱকে অনন্তনাগ জিলাৰ বান্দিপৰা, কাজিগান্দ আৰু মোনুত থকা আৰক্ষী চকী আৰু থানালৈ শিলগুটি দলিয়ায় বুলি আৰক্ষীৰ সূত্ৰত প্রকাশ। উল্লেখ্য যে ৱানি আৰু আন দুটা সন্ত্রাসবাদী কালি শ্রীনগৰৰ পৰা ৮৫ কিলোমিটাৰ দূৰৰ বুমদৰা গাঁৱত নিৰাপত্তা বাহিনীৰে হোৱা সংঘর্ষত নিহত হৈছিল। ৱানিৰ মৃত্যুৰ প্রতিবাদত বিচ্ছিন্নতাবাদী গোটসমূহে ১১ জুলাইপর্যন্ত কাশ্মীৰ বন্ধৰ আহ্বান দিছে। সমগ্র উপত্যকাটোতে ব্যাপক প্রতিবাদ হোৱাৰ সেৱা বাতিল কৰে। তদুপৰি পুলৱামা জিলাকে ধৰি অনন্তনাগ, শ্বপিয়ান, পুলগাম আৰু ছপৰ নগৰত প্রশাসনে বিভিন্ন ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে। হিংসাত্মক ঘটনা হোৱাৰ আশংকাত কাশ্মীৰৰ বাৰমুলাৰ পৰা জম্মুৰ বানিহাললৈ ৰেলসেৱাও বাতিল কৰা হয়। অগ্নিগর্ভ পৰিস্থিতিৰ পৰিপ্রেক্ষিতত জম্মুৰ বেছ কেম্পৰ পৰা অমৰনাথলৈ যাত্রা বাতিল কৰাৰ লগতে ইন্টাৰনেট সেৱা বাতিল কৰা হৈছে।
facebook
twitter
google+
fb share