বি টি এ ডি ভংগ কৰি দিয়ক, আমাৰ আপত্তি নাইঃ হাগ্ৰামা

বাক্সা, ৯ জুলাইঃ
ৰাজ্যৰ শাসনাধিষ্ঠিত চৰকাৰৰ মিত্ৰজুটৰ লগত একপ্ৰকাৰ মুকলি সংঘাত স্পষ্টৰূপত ফুটি উঠিছে৷ অহা ১৮ জুলাইৰ পৰা হবলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰাকমুহুর্তত তেওঁ বি টি এ ডিৰ উন্নয়নৰ বাবে প্রায়  পাঁচশ কোটি টকা আবণ্টন দিবলৈ দাবী উত্থাপন কৰিছে। যদিহে চৰকাৰে এই পৰিমাণৰ ধন আবণ্টন নিদিয়ে তেন্তে সেয়া মানি লোৱা নহ’ব বুলিও মহিলাৰীয়ে ঘোষণা কৰিছে।
বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত যুৱ বি পি এফৰ কেন্দ্রীয় কার্যনির্বাহকৰ সভাত অংশগ্রহণ কৰাৰ পিচত সাংবাদিকৰ আগত এনে মন্তব্য কৰে। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্রীক ঘোচ লবলৈ মুকলি আহ্বান জনাই বিতর্কৰ সৃষ্টি কৰা চৰকাৰৰ সহযোগী দল বি পি এফৰ - সভাপতি হাগ্রামা মহিলাৰীয়ে আজি চৰকাৰখনৰ প্রতি নতুন প্রত্যাহ্বান আগবঢ়াইছে। ৰাজ্য চৰকাৰৰ অন্যতম সহযোগী দল অগপৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ পিচত বি পি এফৰ সভাপতিজনে চৰকাৰৰ বিৰুদ্ধে আগবঢ়োৱা এনে মুকলি মন্তব্যই স্বাভাৱিকতে বিশেষ তাত্পর্য বহন কৰিছে। বিপুল জনসমর্থনেৰে ৰাজ্যত গঠন হোৱা চৰকাৰখনে মাথো ডেৰটা মাহ অতিক্রম কৰাৰ পিচতে সহযোগী দলসমূহৰ নেতাসকলে আগবঢ়োৱা এনে ৰাজহুৱা মন্তব্যই ক্ষমতাত থকা দলসমূহৰ মাজত সমন্বয়ৰ অভাৱ হোৱা বুলি ৰাইজে ভাবিবলৈ বাধ্য হৈছে। মহিলাৰীয়ে আজি স্পষ্টভাৱে কয় যে পূর্বতে ৰাজ্য চৰকাৰে বি টি এ ডিৰ বাবে বাজেটত ৪৪৬ কোটি টকা ধার্য কৰিছিল। এইবাৰ পূৰ্বৰ পুজিৰ তুলনাত অতি কমেও দহ শতাংশ বেছি ধন চৰকাৰে ধার্য কৰিব লাগিব। কিয়নো চৰকাৰে প্রতি বছৰে দহ শতাংশ পুঁজি বৃদ্ধিৰে বি টি এ ডিৰ বাবে বাজেটত ধন ধার্য কৰি আহিছে। হাগ্রাম মহিলাৰীৰ মতে ৪৪৬ কোটি টকাত দহ শতাংশ বৃদ্ধি কৰিলে এইবাৰ বাজেটত ধার্য কৰিবলগীয়া পুজিৰ পৰিমাণ ৪৯০ কোটি টকা অর্থাত্প্রায় পাঁচশ কোটি টকা হ’বগৈ। এনে অৱস্থাত ৰাজ্য চৰকাৰে পৰিষদখনৰ বাবে ধার্য কৰিবলগীয়া পুঁজি সন্দর্ভত তেওঁ কয়— নতুন চৰকাৰে আমাৰ কাৰণে দুশ কোটিৰ পৰা আঢ়ৈশ কোটি টকা ধৰিছে বুলি মই শুনিছে। এই টকাৰে আমি কি কৰিম? এখন দলং বনাওঁতেই পঞ্চাশ-যাঠি কোটি টকা খৰচ হয়। গতিকে আঢ়ৈশ কোটি টকাৰে আমাৰ কি হ’ব? আঢ়ৈশ কোটি টকা আমাক নালাগে। অৰুণাচল প্রদেশ, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয়তকৈ আমাৰ বি টি এ ডিৰ জনসংখ্যা বেছি। গতিকে চৰকাৰে পপুলেচন চাই টকা দিয়ক। এইবাৰ যদি দহ শতাংশ বঢ়াই নিদিয়ে তেতিয়াহ’লে মানি লোৱা নহ'ব। লাগিলে চৰকাৰে বি টি এ ডি ভংগ কৰি দিয়ক, আমাৰ আপত্তি নাই। তদুপৰি তেওঁ আৰু কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোডী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে বি টি এ ডিৰ উন্নয়নৰ বাবে এহেজাৰ কোটি টকাৰ বিশেষ পেকেজ দিয়াৰ প্রতিশ্রুতি দিছিল। কিন্তু এই টকা আদায় দিয়াৰ কোনো ব্যৱস্থা এতিয়ালৈকে কেন্দ্রীয় চৰকাৰখনে কৰা নাই বুলি মন্তব্য কৰি তেওঁ কয় যে কেন্দ্রই এতিয়ালৈকে একো মাত মতা নাই। ইয়াৰ জৰিয়তে কেন্দ্রই বি টি এ ডিক প্ৰৱঞ্চনা কৰা বুলিও তেওঁ প্রকাৰান্তৰে অভিযোগ কৰে। পূর্বতে কংগ্ৰেছৰ সৈতে ৰাজ্যত দুবাৰকৈ চৰকাৰ গঠন কৰা বি পি এফৰ সভাপতিজনে এইবাৰ বিজেপি আৰু অগপৰ সৈতে লগ হৈ ৰাজ্যত চৰকাৰ গঠন কৰাৰ মাথোঁ ডেৰটা মাহৰ পিচতে এনেদৰে চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱা মন্তব্য আগবঢ়োৱা কাৰ্যই বিশেষ তাত্পর্য বহন কৰিছে। সাংবাদিকৰ আগত তেওঁ আৰু কয় যে বি টি এ ডিৰ ঠিকাভিত্তিক টেট শিক্ষক আৰু ১৯৯৯ চনত নিযুক্তিপ্রাপ্ত শিক্ষকসকলৰ দৰমহা অতিশীঘ্ৰে মুকলি কৰি দিয়া হ'ব। লগতে কোকৰাঝাৰত এখন চিকিত্সা মহাবিদ্যালয় আৰু ওদালগুৰিত এখন কৃষি বিশ্ববিদ্যালয় স্থাপন কৰিব বুলিও তেওঁ ঘোষণা কৰে। আনহাতে মূল্যবৃদ্ধি সন্দর্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত তেওঁ কয়—আমাৰ বি টি এডিত মূল্যবৃদ্ধি হোৱা নাই। গুৱাহাটীতহে বস্তুৰ দাম বাঢ়িছে। কাৰণ তাত পপুলেচন আৰু মাৰোৱাৰী বেছি।’

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment