ঠিকা বিচাৰি ৰেলৰ অভিযন্তাক ভাবুকি মন্ত্ৰী ৰাজেন গোহাইৰ পুত্ৰৰ
ৱেব ডেস্ক, ২৪ আগষ্ট, ২০১৬ঃ
কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভৰ পিচতে নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইৰ পুত্ৰই ঠিক বিচাৰি দাদাগিৰি কৰা বুলি উত্থাপিত অভিযোগক লৈ সম্প্রতি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অভ্যন্তৰত। গোহাঁইৰ পুত্র নৱাৰুণ বৰগোহাঁয়ে আজি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ পল্টনবজাৰস্থিত গুৱাহাটী ইলেক্টিকেল কার্যালয়লৈ গৈ ঠিক বিচাৰি অভিযন্ত এজনক ডাবি-ধমকি দিয়া বুলি অভিযোগ উঠে। মন্ত্রীপুত্ৰৰ এনে অভব্য আচৰণক লৈ ৰেল বিভাগৰ বিষয়া-কর্মচাৰীসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।

উল্লেখ্য যে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ফালৰ পৰা শেহতীয়াকৈ বিভাগীয় কামৰ বাবে নিবিদা আহ্বান কৰা হৈছিল। উত্থাপিত অভিযোগ অনুসৰি উক্ত কামৰে ঠিক বিচাৰি আজি দুপৰীয়া প্রায় ১২ বজাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পল্টনবজাৰস্থিত কার্যালয়টোত উপস্থিত হয় মন্ত্রী গোহাঁইৰ পুত্র নৱাৰুণ বৰগোহাঁই। কার্যালয়ত উপস্থিত হৈয়ে মন্ত্রীপুত্রজনে অঞ্জন চাংকাকতী নামৰ জ্যেষ্ঠ ছেকচন অভিযন্তাজনক ঠিকা বিচাৰি অভদ্র ব্যৱহাৰ কৰে। ঠিক নিদিলে বিষয়াজনৰ চাকৰিলৈ ভাবুকি নামি আহিব বুলিও ধমকি দিয়া হয়। যুৱকজনৰ এনে অভব্য আচৰণত হতচকিত হৈ পৰে ৰে’ল বিভাগৰ অভিযন্তাজন। সংবাদ মাধ্যমৰ সন্মুখত কান্দি কান্দি অভিযন্তাজনে কয়— নিজকে মন্ত্রী ৰাজেন গোহাঁইৰ পুত্ৰ বুলি চিনাকি দি যুৱকজনে মোক অভব্য আচৰণ কৰা বুলিয়ে নহয়, চাকৰিৰ পৰা খেদিম বুলিও ভাবুকি দিয়ে।
যুৱকজনৰ ডাবি-ধমকিয়ে মোক যথেষ্ট দুখ দিছে। অকল সেয়াই নহয়, নিবিদ জমা হোৱা বাকচটো সলাই দিবলৈও তেওঁ মোক নির্দেশ দিয়ে। যুৱকজনৰ কথামতেই মই নিবিদাৰ বাকচটোও সলনি কৰিবলৈ বাধ্য হওঁ।” উল্লেখ্য যে এই ঘটনাক লৈ ৰেল বিভাগৰ অভ্যন্তৰত সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়াৰ। সকলোৱে একমুখে গৰিহণা দিয়ে যুৱকজনৰ কর্মকাণ্ডক। ইপিনে এই সমগ্র ঘটনাক অস্বীকাৰ কৰিছে ৰাজেন গোহাঁইৰ পুত্র নৱাৰুণ বৰগোহাঁয়ে। সংবাদ মাধ্যমক তেওঁ কয়— মই নিবিদা বিচাৰি কোনো অভিযন্তাক ধমকি দিবলৈ যোৱা নাই। এয়া সম্পূর্ণ মিছা কথা। মই নতুন দিল্লীৰ পৰা আজি দিনৰ ১০ বজাত গুৱাহাটীত উপস্থিত হওঁ। তাৰ পিচতে মই যাওঁ বন্ধু এজনৰ ঘৰলৈ। গতিকে মই ধমকি দিবলৈ যোৱাৰ প্রশ্নই নুঠে। সমগ্র ঘটনাৰ এটা উচিত তদন্ত মই ধমকি দিবলৈ গৈছো বা দোষী সাব্যস্ত হওঁ, তেন্তে যি শাস্তি দিয়ে, সেই শাস্তি গ্রহণ কৰিবলৈ মই সাজু আছে। প্রয়োজন হ’লে মোৰ দেউতাকো মন্ত্রিত্বৰ পৰা আঁতৰাই দিয়ক। ইপিনে উত্তৰ-পূব সীমান্ত ৰেলৱে কর্তৃপক্ষই সমগ্র ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে।
facebook
twitter
google+
fb share