কুলদীপৰ মুক্তিপণ আমি বিচৰা নাই : আলফা

ৱেব ডেস্ক, ২৩ আগষ্ট : 

তিনিচুকীয়া জিলা পৰিষদৰ উপ-সভাপতি ৰত্নেশ্বৰ মৰাণৰ পুত্র কুলদীপ মৰাণৰ অপহৰণ সন্দর্ভত প্রতিদিন টাইমৰ অভিমত অনুষ্ঠানত মুখ্য সম্পাদক নিতুমণি শইকীয়াৰে বার্তালাপত আজি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায়।


পৰেশ বৰুৱাই এইবুলি স্পষ্ট কৰি দিয়ে যে কুলদীপ মৰাণক আলফা (স্বাধীন)এ অপহৰণ কৰাটো হয়। সেয়া পৰেশ বৰুৱাৰ জ্ঞাতসাৰেই হৈছে। কিন্তু আলফাই কুলদীপ মৰাণৰ মুক্তিপণ হিচাপে কোনো কাৰণতে এক কোটি টকা বা আশী লাখ টকা বিচৰা নাই। অৰুণোদয় দহোটয়ায়ো এই সন্দর্ভত ধন বিচৰাৰ কথা দৃঢ়তাৰে অস্বীকাৰ কৰে পৰেশ বৰুৱাই। বৰং আলফাৰ সেনাধ্যক্ষগৰাকীয়ে অতি তাত্পর্যপূর্ণভাৱে কয় যে ধন বিচৰাৰ বিষয়টো বিধায়ক বলীন চেতিয়া, জিতেন দত্ত, ভাস্কৰ শৰ্মাৰহে সৃষ্টি। তেওঁলোকেই আলফাক সমাজত হেয় প্রতিপন্ন কৰিবলৈ এনেধৰণৰ ষড়যন্ত্রত লিপ্ত হৈছে। বৰুৱাৰ স্পষ্ট অভিযোগ যে বলীন চেতিয়া, ভাস্কৰ শৰ্মা, জিতেন দত্ত আৰু কুলদীপৰ পিতৃ ৰত্নেশ্বৰ মৰাণৰ ষড়যন্ত্রমমেই অৰুণাচলত বেপাৰ কৰাৰ চলেৰে আলফাৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰিছিল কুলদীপ মৰাণে আৰু সেইবাবেই তেওঁক অপহৰণ কৰা হৈছিল। বৰুৱাই কয় যে ৰত্নেশ্বৰ মৰাণ পূর্বে আছিল কংগ্রেহী। কিন্তু বলীন চেতিয়াই বিজেপিত যোগদান কৰাৰ লগে লগে তেৱোঁ বিজেপিত যোগদান কৰে আৰু পূৰ্বৰে পৰা আলফাৰ বিৰুদ্ধে কাম কৰি অহা ভাস্কৰ শৰ্মা আৰু জিতেন দত্তই এওঁলোকৰ লগ লাগি আলফাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্রত লিপ্ত হৈছে। বৰুৱাৰ অভিযোগ– জিতেন দত্তই অৰুণাচলত কাঠৰ বেপাৰ কৰাৰ অচিলাৰে হাতীৰ মাউত হিচাপে কিছুমান যুৱকক অৰুণাচলৰ জংঘললৈ প্ৰেৰণ কৰে আৰু এইসকল যুৱকে আলফাৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰে। বৰুৱাই লগতে এইবুলিও অভিযোগ কৰে যে ৰত্নেশ্বৰ মৰাণৰ লগত জিতেন দত্তৰ পুৰণি ঘনিষ্ঠ সম্পর্ক আছে। আলফা ত্যাগ কৰি আহি জিতেন দত্তই ৰত্নেশ্বৰ মৰাণৰ ঘৰতেই সংগঠনৰ ধন লুকুৱাই ৰাখিছিল। বৰুৱাই বলীন চেতিয়া, জিতেন দত্ত, ভাস্কৰ শৰ্মা, ৰত্নেশ্বৰ মৰাণসহ সমগ্র চক্রটোক সতর্ক কৰি দি কয় যে তেওঁলোকে পাপৰ প্ৰায়শ্চিত্ত কৰিবই লাগিব। তেওঁ কয় যে কুলদীপ মৰাণ সম্প্রতি আলফাৰ (স্বাধীন) জিন্মাত আছে আৰু তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত এই বিভাজনকামী শক্তিটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও বৰুৱাই সকীয়াই দিয়ে। লক্ষণীয়ভাৱে জিতেন দত্তই আলফাৰ মাজত বিভাজন অনাৰ চক্রান্ত কৰা বুলিও গুৰুতৰ অভিযোগ কৰে পৰেশ বৰুৱাই। 
পৰেশ বৰুৱাৰ স্পষ্ট অভিমত— জিতেন দত্তৰ আলফাৰ বিৰুদ্ধে সমালোচনা কৰাৰ কোনো নৈতিক অধিকাৰ নাই। যিসকলে সংগঠনৰ বিৰুদ্ধে চক্রান্ত কৰিছে, সেইসকলোকে সমুচিত প্রত্যুত্তৰ পাবলৈ সাজু থাকিবলৈ সতর্ক কৰি দিয়ে আলফাৰ সেনাধ্যক্ষগৰাকীয়ে। অৱশ্যে কুলদীপ মৰাণ আলফাৰ জিন্মাত কুশলে থকা বুলিও প্রতিদিন টাইমৰ আগত প্রকাশ কৰে। তাত্পর্যপূর্ণ যে কালি কুলদীপ মৰাণৰ অপহৰণ সন্দর্ভত এক ভি ডি অ’ প্রকাশ পোৱাৰ পিচতে সমগ্ৰ ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছিল। বিশেষকৈ তালিবানী কায়দাৰে আলফাই এনেদৰে যুৱকক অপহৰণ কৰি ধন দাবী কৰা বুলি প্ৰচাৰ হোৱাত ৰাইজে সংগঠনটোৰ প্রতি চৰম অসন্তুষ্টি ব্যক্ত কৰিছিল। কিন্তু আজি প্রতিদিন টাইমত পৰেশ বৰুৱাই মুক্তিপণ বিচৰাৰ কথা দৃঢ়তাৰে অস্বীকাৰ কৰি এয়া জিতেন দত্ত, বিধায়ক বলীন চেতিয়া আৰু ভাস্কৰ শৰ্মাৰহে ষড়যন্ত্র বুলি বিস্ফোৰক মন্তব্য কৰাৰ পিচতে ঘটনাই অন্য মোৰ লৈছে। এনে প্রেক্ষাপটত সর্বানন্দ সোণোৱালৰ আৰক্ষী বিভাগে সমগ্র ঘটনা সন্দর্ভত কি ব্যৱস্থা গ্রহণ কৰে সেয়া হ’ব লক্ষণীয়। আজি অৰুণাচল আৰক্ষীৰে অসম আৰক্ষীৰ গুৰুত্বপূর্ণ বৈঠক আজি ৰাজ্য চৰকাৰৰ নির্দেশত অপহৃত যুৱকজনৰ বাসগৃহত উপস্থিত হয় অসম আৰক্ষীৰ পূব মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক বিষ্ণুপ্ৰসাদ ৰাভা। আৰক্ষী বিষয়াগৰাকীয়ে অপহৃত কুলদীপ মৰাণৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰি অৰুণাচল চৰকাৰৰ সহযোগত যুৱকজনক নিৰাপদে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে তত্পৰতা গ্রহণ কৰাৰ কথা উল্লেখ কৰে। 
এই সন্দর্ভত কাইলৈ অৰুণাচল প্রদেশৰ চাংলাঙত অৰুণাচল আৰক্ষী প্রশাসনৰ সৈতে অসম আৰক্ষী এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হোৱাৰ কথাও উল্লেখ কৰে। আজি আৰক্ষী মহাপৰিদৰ্শকগৰাকীৰ সৈতে তিনিচুকীয়া জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো উপস্থিত থাকে। ইপিনে কুলদীপ মৰাণৰ অপহৰণ সন্দৰ্ভত যোৱা ৮ আগষ্টত অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ নামপউ থানাত ৬/১৬ নম্বৰৰ এটা গোচৰ ৰুজু হৈছিল। এই গোচৰ ৰুজু হোৱাৰ পিচত অৰুণাচল প্রদেশ আৰক্ষীয়ে যুৱকজনৰ সন্ধানত দুটাকৈ বৃহত্ অভিযান চলাইছিল যদিও যুৱকজনৰ সন্ধান উলিওৱাত ব্যর্থ হৈছিল। আনহাতে যুৱকজনৰ অপহৰণৰ পিচৰ পৰাই চাংলাং জিলাৰ বিভিন্ন প্রান্তত অসম ৰাইফলছেও ব্যাপক অভিযান আৰম্ভ কৰিছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment