কোকৰাঝাৰ, ৫ আগষ্ট, ২০১৬ :
আজিৰ কোকৰাঝাৰৰ বালাজানৰ নাৰকীয় হত্যাকাণ্ডৰ সময়তো একাংশ ৰাজনৈতিক অদূৰদৰ্শি আৰু সস্তিয়া জনপ্ৰিয়তাৰ নামত একাংশ সংবাদ মাধ্যমে অসমৰ মুছলমানসকলক হেয় প্ৰতিপন্ন কৰাৰ বাবে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে ইতিমধ্যে ছছিয়াল মেডিয়াৰ জৰিয়তে বিভিন্ন দল-সংগঠনৰ নেতৃত্বই মুখ খোলা পৰিলক্ষিত হৈছে৷ কোকৰাঝাৰৰ বালাজানত মুখত কাপোৰ বান্ধি অসমৰ আৰক্ষী প্ৰধান মুকেশ সাহাৰ মতে একাংশ এন ডি এফ বি (ছ)ৰ কেডাৰে সংঘটিত কৰা হত্যাকাণ্ডৰ লগত এইদৰে এটা বিশেষ জনগোষ্ঠীক আক্ৰমণৰ লক্ষ্য হিচাপে লোৱা কাৰ্টক এক মুখে ধিক্কাৰ জনাইছে আমছু, এবিএমছুকে আদিকৰি সংখ্যালঘু সংগঠন সমূহে৷ সংগঠনসমূহে তাৰ লগতে প্ৰকৃত উগ্ৰপন্থীক কঠোৰ হাতেৰে দমন কৰাৰ বাবে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বি জে পি বি পি এফ আৰু অ গ প মিত্ৰ জোটৰ চৰকাৰক৷
ইয়াৰ সমান্তৰালকৈ বুদ্ধিজীৱীমহলে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে৷ উল্লেখ্য যে আজি সাপ্তাহিক বজাৰ চলি থকা সময়ত কোকৰাঝাৰৰ বালাজানত সংঘটিত উগ্ৰপন্থী আক্ৰমণত এগৰাকী নিৰাপত্তীৰক্ষীৰ লগতে মুঠ ১৪ জনকৈ নিৰপৰাধী লোক নিহত হৈছে৷ এই ঘটনাক ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উগ্ৰপন্থী কাৰ্যকলাপ কঠোৰ হাতেৰে দমন কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত জনাইছে৷ ইফালে ৰাজ্যৰ বানপানী, গৰাখহনীয়াৰ সময়ত ৰাজ্যবাসীক উপযুক্ত সাহায্য প্ৰদান নকৰাৰ অভিযোগৰ লগতে হিন্দু বাংলাদেশীৰ সংস্থাপন, তৈলখাদ নিলামকৰণকে আদি কৰি বিভিন্ন জ্বলন্ত সমস্যাক লৈ ৰাজ্য উত্তাল হৈ থকা সময়ত একেধৰণৰ উগ্ৰপন্থী আক্ৰমণ ৰহস্যজনক হিচাপে বিবেচিত হৈছে বুলিও একাংশ সচেতন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে৷
facebook
twitter
google+
fb share