ৱেব ডেস্ক, ৫ আগষ্ট, ২০১৬ :
কোকৰাঝাৰত কি ঘটিছিল ?
কোনে সংঘটিত কৰিলে এই অমানবীয় কাণ্ড ?
এইয়াই হৈছে আজিৰ দিনৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন?
কোকৰাঝাৰ চহৰৰ বলাজান, তিনিআলীৰ সাপ্তাহিক বজাৰত কালি সন্ত্ৰাস চলালে অচিনাক্ত দুৰ্বৃত্তই৷ য'ত থিতাতে ১৪ জনৰ প্ৰাণহানি হয়৷ আৰু ১৬ জন আহত হয়৷ নিহত সকলৰ ভিতৰত এজন সন্ত্ৰাসবাদী৷ প্ৰাপ্ত বাতৰি মতে, মুম্বাইৰ "তাজ-হোটেল"ৰ কায়দাত সুসজ্জিত সন্ত্ৰাসবাদীয়ে সেনাৰ পোছাকত(এজনে ৰেইন কোট পিন্ধিছিল), মুখত ক'লা কাপোৰ পৰিধান কৰি, ভুৱা নম্বৰ-প্লেটৰ এখন "টেম্প" গাড়ীৰে আহি সাধাৰণ মানুহৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে আৰু গ্ৰেণেড বিস্ফোৰণ কৰে৷ ঘটনাস্থলীত এজন সন্ত্ৰাসবাদীৰ মৃতদেহো উদ্ধাৰ হয়৷ এতিয়া প্ৰশ্নটো হ'ল,"এই সন্ত্ৰাসবাদী বোৰৰ পৰিচয় কি?"
ক) NDFB(S) জড়িত নেকি?
=> ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা সন্ত্ৰাসবাদী জন NDFB(S) ৰ লগত জড়িত বুলি শীৰ্ষ আৰক্ষী বিষয়াই স্পষ্ট কৰিছে৷ নিহত সন্ত্ৰাসবাদী জনৰ ফোন কলৰ তালিকা আৰু তেওঁৰ মোবাইলত উদ্ধাৰ হোৱা ফটো বোৰৰ পৰা সন্ত্ৰাসবাদী জন যে NDFB(S) ৰ লগত জড়িত সেয়া অনুমান কৰিব পাৰি৷
খ) কিয় আক্ৰমণ কৰিলে NDFB(S) য়ে
=> বিগত কিছু দিনৰ পৰা NDFB(S) ৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা নিৰন্তৰ যুদ্ধংদেহী ব্যৱস্থাই সংগঠনটোক বিপদত পেলাইছে৷ ভাৰত-ভুটান সীমান্তত সংগঠনটোৰ বিৰুদ্ধে চলোৱা আক্ৰমণ সমুহে চৰম সংকটত পেলাইছে সংগঠনটোক৷ ৰাইজক ভীতিগ্ৰস্ত কৰি নিজৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ NDFB(S) য়ে এনে কৰিব পাৰে৷ আকৌ ভাৰত-ভুটান সীমান্তত সংগঠনটোৰ শীৰ্ষ নেতা সকল বিপদত পৰা বাবে আৰক্ষীৰ দৃষ্টি আতৰাবৰ বাবেও এই ঘটনা সংঘটিত কৰিব পাৰে৷
গ) NDFB(S) য়ে কি কয়?
=> সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী, NDFB(S) ৰ সাধাৰণ সম্পাদক বি.আৰ. ফেৰেংগাই এই ঘটনাত তেওঁলোক জড়িত নহয় বুলি জনাইছে৷ কিন্তু সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিখনৰ তাৰিখ ১৯ জুলাই বুলি উল্লেখ কৰাৰ বাবে এই ঘটনা তেওঁলোকৰ পূৰ্ব পৰিকল্পিত আছিল বুলি স্পষ্ট হৈ পৰিছে৷
ঘ) এই ঘটনাত জড়িত নেকি মৌলবাদী সন্ত্ৰাসবাদী
=> একাংশ সংবাদ মাধ্যমত এই ঘটনাৰ লগত মৌলবাদী শক্তি আৰু ইছলামিক উগ্ৰপন্থী জৰিত থকা বুলি প্ৰচাৰ হৈছিল যদিও সেই কথা অসম আৰক্ষীয়ে ইতিমধ্যে নসাত্ কৰিছে আৰু NDFB(S) জৰিত থকা বুলি প্ৰমাণ দাঙি ধৰিছে৷
ঙ) ধুবুৰীত বোমা উদ্ধাৰ
=> কিছু সময় পূৰ্বে ধুবুৰীৰ তামাৰহাটৰ ভেটা-পেটলী গাঁৱত দুটি শক্তিশালী বোমা উদ্ধাৰ হয়৷ কোকৰাঝাৰৰ ঘটনাৰ লগত এই বোমা উদ্ধাৰৰ ঘটনাটোৰ ক'ৰবাত মিল আছে নেকি? অৱশ্যে এটা কথা দৃঢ়তাৰে ক'ব পাৰি যে নামনি অসমত যে সন্ত্ৰাসবাদী কাৰ্যকলাপ ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে৷ অতি কম দিনৰ ভিতৰতে হয়তো আৰু ভয়ংকৰ কুটাঘাত ঘটিব পাৰে নামনি অসমত৷
চ) বিফল চোৰাংচোৱা
=> সঁচা কথা ক'বলৈ গ'লে, অসমৰ গৃহবিভাগৰ চোৰাংচোৱাৰ চৰম বিফলতাৰ ফলতেই সংঘটিত হ'ল আজিৰ এই নৰ-হত্যা কাণ্ড৷ চোৰাংচোৱাৰ হাতত নামনি অসমত যে সন্ত্ৰাসবাদীৰ কুচকাৱাজ চলি আছে সেয়া খবৰ নাই নেকি? অনাগত ১৫ আগষ্টৰ বাবে চোৰাংচোৱা সংস্থাবোৰ সষ্টম হৈ থকা নাই নেকি?
ছ) সফল হ'ল আৰক্ষী
=> অভুতপূৰ্ব ধৰণে অতি কম সময়ৰ ভিতৰতে অসম আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ এজন সন্ত্ৰাসবাদীক গুলিয়াই নিহত কৰে আৰু ঘটনাটো নিজৰ আয়ত্বলৈ আনে৷ পূৰ্বে এনে সফলতা অসম আৰক্ষীয়ে পোৱা নাছিল৷
facebook
twitter
google+
fb share