বৰপেটাৰোডত ‘ডি’ ভোটাৰ সম্পর্কে সজাগতা সভা
বৰপেটাৰোড, ৭ আগষ্ট, ২০১৬ :
অসমৰ লাখ লাখ সংখ্যালঘু জনগনৰ ভোটাৰ তালিকাৰ নামত থকা ডি ভোটাৰ সমস্যা আৰু ইয়াৰ সমাধান সম্পর্কে আজি উত্তৰ বৰপেটাৰোডত এখনি সজাগতা সভা অনুষ্ঠিত হয়। ‘ডি’ ভোটাৰ আইনী সাহায্য সমিতি, বৰপেটাৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় মানৱাধিকাৰ গণমঞ্চৰ সহযোগত আজি স্থানীয় আৰভাট কমপ্লেক্সত বৰপেটাৰ জ্যেষ্ঠ অধিবক্তা বুৰহান আলী আহমেদৰ পৌৰহিত্যত সজাগতা সভাখন অনুষ্ঠিত হয়। আজি বিয়লী তিনি বজাত আৰম্ভ হোৱা উক্ত সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অধিবক্তা তথা মানৱাধিকাৰ সংগ্রামী নৃপেশ চন্দ্ৰ ৰয়ে আগন্তুক কেইবছৰমান পিছত অসমৰ এটা বিশেষ অঞ্চলৰ নাগৰিকৰ গণতান্ত্রিক অধিকাৰ তিষ্ঠি থাকিব নে নাই তাক লৈ সন্দিহান হৈ পৰে। অকল বৰপেটা জিলাতেই পাঁচ লাখৰো অধিক সন্দেহযুক্ত নাগৰিক আছে বুলি একাংশ কাকতে কিছু বছৰ আগতেই দিয়া সমীক্ষা চৰম বিভ্রান্তিকৰ আৰু প্ৰৰোচনামূলক বুলি অভিহিত কৰি অধিকক্ত গৰাকীয়ে ডি ভোটাৰৰ নামত দেশীয় নাগৰিকক কৰি থকা চৰম হাৰাশাস্তিৰ এক তথ্য সমৃদ্ধ বক্তব্য দাঙি ধৰে। সজাগতা সভাত বৰপেটাৰ জ্যেষ্ঠ অধিবক্তা নাজিম মোল্লাই ডি ভোটাৰৰ হাৰাশাস্তিৰ ক্ষেত্ৰত ভুক্তভোগী নাগৰিক আৰু একাংশ পাবত গজ অধিবক্তাও সমানেই দায়ী বুলি ভাষণ প্রসঙ্গত উল্লেখ কৰে। এক বিস্তৃত আলোচনা দাঙি ধৰি অধিবক্তা মোল্লাই সন্দেহযুক্ত বিদেশী নাগৰিকৰ সমস্যাটাে ১৯৮৫ চনৰ অসম চুক্তি আইনৰ বিজতৰীয়া ফল বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়। ভুক্তভোগী নাগৰিকে ল’বলগীয়া সাৱধানতা তথা সজাগতা সম্পর্কেও তেওঁ বিশদ ভাবে আলোচনা কৰে। সজাগতা সভাত বৰপেটাৰ আন এগৰাকী অভিজ্ঞতালব্দ অধিবক্তা ৰবিউল আৱালে আমন্ত্রিত বক্তা হিচাপে যোগদান কৰি অসমত প্রায় তিনি লাখ সত্তৰ হাজাৰ সন্দেযুক্ত নাগৰিকে অতিবাহিত কৰি থকা দুর্দশাগ্রস্থ জীৱন ব্যৱস্থাৰ এক ক্ষতিয়ান দাঙি ধৰে। এই ক্ষেত্ৰত ভুক্তভোগী ডি ভোটাৰ সকলে আকাংক্ষিত মানৱাধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি সদৰি কৰি অধিবক্তা গৰাকীয়ে এই সমস্যা সমাধানৰ বাবে কৰণীয় ব্যৱস্থাৱলী সম্পর্কে বহলাই বুজাই দিয়ে। একেখন সজাগতা সভাত পপুলাৰ ফ্রন্ট অৱ ইণ্ডিয়াৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক আবুসামা আহমেদ, নাগৰিক অধিকাৰ সংগ্রাম সমিতিৰ নেতা তথা প্রবক্তা তাইজুদ্দিন আহমেদ, অধিবক্তা জুলহাস আলী আহমেদ আদি কেবাগৰাকী বক্তাই ভাষণ ৰাখে। সভাত অর্ধ শতাধিক সচেতন ৰাইজ উপস্থিত থাকে।
facebook
twitter
google+
fb share