ৰাজ্যত খালী হৈ থকা শিক্ষক পদ পূৰণৰ বাবে এল পি টেট উত্তৰ্ণীৰ প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে শিক্ষা বিভাগেঃমুঠ পদৰ সংখ্যা ৬,১৩৪



গুৱাহাটী, ৩০ আগষ্ট, ২০১৬ঃ

ৰাজ্যৰ শিক্ষা বিভাগত খালী হৈ থকা পদ পূৰণৰ বাবে শিক্ষা ভাগে ৬১৩৪ টা পদ পূৰণৰ বাবে বিভাগীয় পত্ৰ নং PMA.345/2016/17 dated 29/08/2016 যোগে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে৷ যদিহে আপোনি সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী অৰ্থাৎ আপোনি SC/ST/STP/STH/OBC/MOBC আদি কোনো বিশেষ শ্ৰেণীৰ অন্তৰ্ভূক্ত নহয় তেন্তে আজি ঘোষিত হোৱা বিজ্ঞাপনৰ পৰা চাকৰিৰ পোৱাৰ আশা অতি তাকৰ৷ আজি ঘোষিত বিজ্ঞাপনত মুঠ পদৰ সংখ্যা ৬,১৩৪ কিন্ত ইয়াৰ পৰা মাত্ৰ ৫৫২ টা পদহে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে মুকলি কৰা হৈছে৷ অসমৰ যিবোৰ জিলাত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ সংখ্যা বেছি তাৰ প্ৰায়ভাগ জিলাতে সাধাৰণ শ্ৰেণীৰ পদৰ সংখ্যা 0(শূণ্য)৷ সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন আৰু সম বিকাশৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰে এনেকোৱা বিজ্ঞাপনে সকলোৰে সম উন্নয়ন কৰি আছেনে ? এয়া আজিৰ দিনত এক ডাঙৰ প্ৰশ্ন৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment