ভাৰতৰ সকলো সামৰিক ঘাটি ব্যৱহাৰৰ পূৰ্ণ কৰ্তৃত্ব প্ৰদান আমেৰিকাক

ৱেব ডেস্ক, ৩০ আগষ্ট, ২০১৬ঃ
অর্ধশতিকাৰো অধিক কাল ধৰি অনুসৰণ কৰি অহা গোষ্ঠী বিসর্জন দি অৱশেষত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে বিশ্বৰ সৰ্ববৃহৎ সামৰিক শক্তি আমেৰিকাৰ ভৰাজনৈতিক-সামৰিক নীতিৰ কোলাত আশ্রয় ল’লে। এতিয়াৰে পৰা বিশ্বৰ সৰ্বশক্তিমান দেশখনে যিকোনো সময়তে ভাৰতৰ যিকোনো সামৰিক ঘাটি আৰু প্ৰতিৰক্ষা সম্পদক ব্যৱহাৰ কৰিব পাৰিব। পাৰিকৰ আৰু মার্কিন প্ৰতিৰক্ষা সচিব এশ্বটনে এই সম্পৰ্কীয় এখন চুক্তিত স্বাক্ষৰ কৰে। যোৱা দুবছৰ ধৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এই চুক্তিখন স্বাক্ষৰৰ বাবে ব্যাপক এক্সচেঞ্জ মেম'ৰেণ্ডাম অব এগ্রিমেণ্ট’ (লেমোৱা) স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি ভাৰত স্থল, নীে আৰু বায়ুসেনাৰ যিকোনো ঘাটি আৰু ভাৰতৰ বাধাহীনভাৱে ব্যৱহাৰ কৰিব পাৰিব।
তদুপৰি সমৰাস্ত্ৰসমূহ মেৰামতি, ইন্ধন আৰু ৰচদসহ প্রয়োজনীয় বস্তুসমূহ পুনৰ যোগানৰ সুবিধাও মার্কিন যে একেধৰণৰ সুবিধা ভাৰতেও মার্কিন সামৰিক ঘাটিসমূহত পাব। স্বাধীন ভাৰতৰ ইতিহাসত এই চুক্তিখন এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে। কাৰণ কোনোধৰণৰ সামৰিক জোঁটত নথকা আৰু সম্পূর্ণ স্বতন্ত্র তথা নিৰপেক্ষ সামৰিক নীতি অনুসৰণ কৰি অহা ভাৰতে নৰেন্দ্ৰ মোড়ী চৰকাৰৰ আমোলতে মার্কিন সামৰিক জোঁটত ভৰি দিলে। সোমবাৰে ৱাশ্বিংটনত এই চুক্তিখন স্বাক্ষৰ কৰাৰ পিচত দুয়োখন দেশৰ তৰফৰ পৰা প্রকাশ কৰা এক যুটীয়া বিবৃতিত কোৱা হয় যে আমেৰিকা যুক্তৰাষ্ট্রই নিজৰ ঘনিষ্ঠ সামৰিক মিত্ৰসকলৰ সমপর্যােয়ত ভাৰতক স্থান দি প্ৰতিৰক্ষা বাণিজ্যক উন্নত পর্যায়লৈ লৈ যাব আৰু অত্যাধুনিক সামৰিক প্রযুক্তিও যোগান ধৰিব। অর্থাৎ এতিয়াৰে পৰা সামৰিক জোঁট নাটো অন্তৰ্ভুক্ত দেশবিলাকৰ দৰেই ভাৰতক গণ্য কৰিব।
বিবৃতিত এশ্বটন কাৰ্টাৰ আৰু মনোহৰ পাৰিকৰে কয় যে সদ্য স্বাক্ষৰিত চুক্তি ‘লেমোৱা’ অনুসৰি দেশৰ সেনাই পাৰস্পৰিক সহযোগিতা আগবঢ়াব। শেহতীয়াভাৱে চীনৰ আগ্রাসী সমৰ নীতিক আগভেটা দিয়াৰ ঘাই উদ্দেশ্য লৈয়েই ভাৰত আৰু আমেৰিকাই এই বস্তুগত সামৰিক সহযোগিতা চুক্তি (লেমোৱা)খন স্বাক্ষৰ কৰিলে বুলি দুয়ো দেশৰেই সূত্রসমূহে জনায়। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্রই যোগান নধৰা অত্যাধুনিক সমৰাস্ত্ৰও ভাৰতক যোগান ধৰাৰ সিদ্ধান্ত লৈছে। মার্কিন সামৰিক আৰু ভূৰাজনৈতিক নীতি হৈছে— দক্ষিণ চীন সাগৰত চীনৰ দখলদাৰী নীতিক ব্যর্থ কৰা আৰু একে ক্ৰমৱৰ্ধমান গতিবিধিক ৰোধ কৰা। লগতে মধ্যপ্রাচ্যত খাৰুৱা তেলৰ ভাণ্ডাৰ শূন্য হােৱাৰ পিচতেই ভাৰতৰ ওপৰত নিৰ্ভৰ কৰি মধ্য এছিয়াৰ পৰা বাধাহীনভাৱে খাৰুৱা তেল লৈ যোৱাটাে মার্কিন ভূৰাজনৈতিক নীতিৰ অংশ। ভাৰত চৰকাৰে আমেৰিকাৰ সৈতে এই সামৰিক সহযোগিতা চুক্তিখন স্বাক্ষৰ কৰাৰ পিচত অন্যতম প্রতিষ্ঠাতা দেশ হিচাপে গোষ্ঠী নিৰপেক্ষ আন্দােলনত নতুন দিল্লীৰ কোনাে ভূমিকা আৰু গুৰুত্বই নাথাকিল আৰু নৰেন্দ্ৰ মোডীৰ চৰকাৰে সেয়া বিচৰাও নাই। কাৰণ ইতিমধ্যে মোডী চৰকাৰে ইংগিত দিছে অহা তেৰ ছেপ্টেম্বৰত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত অনুষ্ঠিত হ’বলগীয়া গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সন্মিলনত ভাৰতে যোগ নিদিয়ে। লক্ষণীয় যে সোমবাৰে ভাৰত আৰু আমেৰিকাৰ মাজত এই সামৰিক সহযোগিতা চুক্তি স্বাক্ষৰিত হােৱাৰ পিচতেই চীনা সংবাদ মাধ্যমত ভাৰতৰ বিৰুদ্ধে তীব্র বিষোদগাৰ কৰা হৈছে। চীনৰ চৰকাৰী মুখপত্র গ্ল’বেল টাইমছ কাকতত প্রায় ভাবুকিৰ সুৰতেই কোৱা হয়- ‘ভাৰতে মার্কিন সমৰ জোঁটত যোগ দিয়াৰ ঘটনাই চীন, পাকিস্তান আনকি ৰাছিয়াকো ক্ষুব্ধ তথা প্ৰৰােচিত কৰিব। এনে কাৰ্যৰ জৰিয়তে ভাৰতে নিজৰ বাবেই ৰণনীতিগত অসুবিধাক মাতি আনিলে।আনহাতে আমেৰিকা তথা পশ্চিমীয়া সংবাদ মাধ্যমত এই চুক্তিক আদৰণি জনোৱা হয়। আমেৰিকাৰ ফৰ্বছ আলোচনীৰ সম্পাদকীয় নিবন্ধত ভাৰত-মার্কিন এই চুক্তিখনক 'ৱাৰ পেক্ট’ বা যুদ্ধ চুক্তি বুলি আখ্যা দিয়া হয়। সম্পাদকীয় নিবন্ধত কোৱা হয়, এই চুক্তিখন ক্ষেত্ৰত এক বৃহৎ উলম্ফনী। ৱাশ্বিংটন প’ষ্ট কাকতত কোৱা হয়- ভাৰত-মার্কিন সম্পর্ক এতিয়া কেৱল সমৰাস্ত্ৰ ক্রেতা-বিক্রেতাৰ সম্পর্ক নহয়, এই চুক্তিখনে দুয়োখন দেশক সামৰিক অংশীদাৰ হিচাপেহে পৰিণত কৰিলে। ইয়াতে উল্লেখ কৰিব পাৰি যে ৰাছিয়াৰ পিচতেই আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে ভাৰতৰ বাবে দ্বিতীয় বৃহত্তম সমৰাস্ত্ৰ যোগানদাতা। ৪৪০ কোটি ডলাৰৰ সমৰাস্ত্ৰ যোগান দিয়াৰ চুক্তি স্বাক্ষৰ কৰিছে। নৰেন্দ্ৰ মোডীৰ ‘মেক ইন ইণ্ডিয়া’ আচনিৰ অধীনত আমেৰিকাৰ ব’য়িং আৰু লকহীড উৎপাদনৰ পৰিকল্পনা কৰিছে আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰৰ লগত কোম্পানী দুটাই আলোচনাও চলাই আছে। সোমবাৰে স্বাক্ষৰ কৰা চুক্তি অনুসৰি খাদ্য-সামগ্ৰী, পানী, ইন্ধন, যন্ত্রাংশ, মেৰামতি, পৰিবহণ, যোগাযোগ আৰু চিকিৎসা সেৱাৰ সুযোগ লাভ কৰিব। আমেৰিকাই সমগ্র বিশ্বত কমেও নিজৰ প্রশ্ন মিত্ৰ দেশৰ লগত এনেধৰণৰ চুক্তিত স্বাক্ষৰ কৰিছে৷
থোৰতে ভাৰত-মার্কিন সামৰিক চুক্তি
(১) চুক্তিখনৰ নাম “লজিষ্টিকছ এক্সচেঞ্জ মেম'ৰেণ্ডাম অব এগ্রিমেণ্ট’, চমুকৈ ‘লেমোৱা”।
(২) এই চুক্তি অনুসৰি আমেৰিকাই ভাৰতৰ আৰু ভাৰতে আমেৰিকাৰ নীে, স্থল আৰু বায়ুসেনাৰ যিকোনো সামৰিক ঘাটি যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰিব।
(৩) পৰস্পৰে পৰস্পৰৰ সামৰিক ঘাটিত যন্ত্রাংশ, পৰিবহণ, যোগাযোগ আদিৰ যোগান সহজতে লাভ কৰিব।
(৪) দুয়োখন দেশৰ সেনাবাহিনীয়ে যুটীয়াভাৱে সামৰিক অনুশীলন চলাব আৰু এই
(৫) কোনো অঞ্চলত মানৱীয় সাহায্য পৰস্পৰক সাহায্য কৰিব। (৬) দুয়ো দেশেই সামৰিক সেৱাৰ ক্ষেত্ৰত নিয়মিত যোগাযোগ, সমন্বয় সাধন, পাৰস্পৰিক বুজাবুজি উন্নত কৰিব।
(৭) সন্ত্রাসবাদবিৰোধী অভিযান, সাগৰীয় সুৰক্ষা, বিশেষ অভিযান আৰু প্রাকৃতিক দুর্যোগৰ সময়ত উদ্ধাৰ অভিযান পাৰস্পৰিক সহযোগিতা।
(৮) ৰণনীতিগত ক্ষেত্ৰত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰা, আঞ্চলিক সহযোগিতা বৃদ্ধি কৰা হ’ব।
(৯) পাৰস্পৰিক সামৰিক আদান-প্রদান, প্ৰতিৰক্ষা প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা প্ৰসাৰিত কৰা হ’ব।
(১০) ঘনিষ্ঠ মিত্ৰ দেশবোৰৰ বাহিৰে অন্য দেশক যোগান নধৰা অত্যাধুনিক সমৰাস্ত্ৰ ভাৰতক বাধাহীনভাৱে যোগান ধৰা হ’ব।
facebook
twitter
google+
fb share