কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী তথা জনস্বাৰ্থ বিৰোধী নীতিৰ বিৰুদ্ধে আজি ট্ৰেড ইউনিয়নৰ দেশজোৰা সাধাৰণ ধৰ্মঘট

Image result for Road Strike
গুৱাহাটী, ১ চেপ্টেম্বৰ, ২০১৬:
যোৱা ৩০ মাৰ্চ, ২০১৬ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা সৰ্বভাৰতীয় শ্ৰমিক অভিৱৰ্তনে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী তথা জন বিৰোধী নীতিৰ বিৰুদ্ধে ২ চেপ্টেম্বৰ তাৰিখে দেশজোৰা সাধাৰণ ধৰ্মঘটৰ আহবান জানাইছিল৷ কেন্দ্ৰীয় চৰকাৰে অতিদ্ৰুততাৰে দেশী-বিদেশী বৃহৎ কৰ্প’ৰেট গোষ্ঠীবিলাকৰ স্বাৰ্থত দেশৰ শ্ৰমিক, কৰ্মচাৰী, কৃষক তথা শ্ৰমজীৱি ৰাইজৰ জীৱন-জীৱিকাৰ ওপৰত এটাৰ পিছত এটা আক্ৰমণ নামাই আনিছে৷ শিক্ষা, স্বাস্থ্য, পৰিয়াল কল্যাণ ইত্যাদিকে ধৰি সামাজিক খণ্ডত চৰকাৰী ব্যয় ব্যাপক হাৰত কৰ্তন কৰাৰ লগতে সংহত শিশু বিকাশ আঁচনি, মধ্যাহ্ন ভোজন আঁচনি ইত্যাদিতো ব্যয় কৰ্তন কৰাৰ ফলত দুখীয়া আৰু নিম্নবিত্ত অংশৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী ক্ষতিগ্ৰস্থ হোৱাৰ উপৰিও এই আঁচনিবোৰত কৰ্মৰত লক্ষ লক্ষ শ্ৰমিকৰ জীৱন-জীৱিক ভয়াবহ অনিশ্চয়তা আৰু সংকটৰ সন্মুখীন হৈ পৰিছে৷ 
Image result for All India Trade Union Road Strike
আক্ৰান্ত হৈছে সামাজিক নিৰাপত্তামূলক ব্যৱস্থা৷ আনহাতে তথাকথিত ‘‘শ্ৰম সংস্কাৰ’’ৰ নামত দেশী বিদেশী বৃহৎ পঁজিপতি গোষ্ঠীবিলাকৰ স্বাৰ্থত শ্ৰম আইনসমূহ পৰিৱৰ্তন আৰু সংশোধন কৰি শ্ৰমিক কৰ্মচাৰীক নিৰ্মমভাবে শোষণ কৰাৰ পথত সকলো বাধা আঁতৰাব ধৰিছে৷ আক্ৰমণ নামি আহিছে কৃষক ৰাইজৰ ওপৰতো৷ কৃষক বঞ্চিত হৈছে কৃষিপণ্যৰ ন্যায্য আৰু লাভজনক দামৰ পৰা৷ এমজি এনৰেগা আঁচনি খৰ্ব কৰিবলৈ চৰকাৰে ব্যৱস্থা লৈছে৷ বৃহৎ কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত ভূমি অধিগ্ৰহণ আইনখনৰ পশ্চাদমুখী সংশোধন ঘটোৱা হৈছে ফলত কৃষকৰ আত্মহননৰ ঘটনা উদ্বেগজনকভাবে বৃদ্ধি পাইছে৷ শ্ৰমকাৰী জনগণৰ ক্ৰয়ক্ষমতা হ্ৰাস পোৱাৰ ফলত বজাৰত চাহিদাৰ মাৰাত্মক অভাৱে দেখা দিছে৷ কৰ্মসংস্থান সৃষ্টিৰ হাৰ নিম্নগামী হৈছে যাৰ ফলত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে শিক্ষিত নিৱনুৱা যুৱক-যুৱতীৰ সংখ্যা৷ নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ৰাইজক এৰি দিছে মুক্ত বজাৰৰ অবাধ লুণ্ঠনকাৰীৰ ওচৰত৷ দেশী-বিদেশী বৃহৎ কৰ্প’ৰেট গোষ্ঠীবোৰক চৰকাৰে যোৱা দুটা বছৰে ১২ লক্ষ কোটি টকাৰো অধিক কৰ ৰেহাই আৰু অন্যান্য উপটোকন আগবঢ়াইছে লগতে পৰ্বতসমান অনাদায়ী কৰ বেংকঋণ ৰেহাই দিছে৷ কেন্দ্ৰীয় চৰকাৰে অসমৰ তৈলক্ষেত্ৰ, জলসম্পদ, বনজসম্পদৰ ওপৰত দেশী-বিদেশী পঁজিপতিৰ অবাধ লুণ্ঠনৰ পথ প্ৰশস্ত কৰিব বিচাৰিছে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে৷
দেশৰ শ্ৰমিক শ্ৰেণীয়ে ঐক্যবদ্ধভাবে উত্থাপন কৰা ১২ দফীয়া উমৈহতীয়া দাবী চৰকাৰে সম্পূৰ্ণৰূপে আওকান কৰিছে৷ সেয়ে চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত সৰ্বভাৰতীয় ট্ৰেড ইউনিয়নে সমগ্ৰ দেশযোৰা প্ৰতিবাদ সাব্যস্ত কৰি সাধাৰণ ধৰ্মঘটৰ আহবান কৰিছে বুলি ট্ৰে়ড ইউনিয়নৰ হৈ জগদীশ চন্দ্ৰ দাসে এক প্ৰেছ বিবৃতি যোগে জনাইছে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment