সীমান্ত ছীল নোহােৱা বাবেই সংকটত অসম, সেনাৰ সহায় ভিক্ষা মুখ্যমন্ত্ৰীৰ

তিনিমহীয়া কার্যকালৰ খতিয়ান দি সংবাদ মেলত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল
‘চকুত লগা পৰিৱৰ্তনৰ বাবে ১০০ দিন যথেষ্ট নহয়’
এনআৰচিত সর্বাধিক গুৰুত্ব, প্রশাসন যন্ত্রক দুনীতিমুক্ত কৰাৰ প্ৰয়াস
ৱেব ডেস্ক, ১ চেপ্টেম্বৰ, ২০১৬ঃ
অসম-বাংলাদেশ সীমান্ত ছীল কৰাৰ ক্ষেত্ৰত সেনাবাহিনীৰ সহায় বিচাৰিছে ৰাজ্য চৰকাৰে। চৰকাৰখনে ১০০ দিন সম্পূর্ণ কৰা উপলক্ষে এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি এই কথা প্রকাশ কৰিছে। নতুন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণৰ এশ দিনৰ ভিতৰতে অসমবাংলাদেশ সীমান্ত ছীল কৰা সম্পৰ্কত কেন্দ্রীয় চৰকাৰৰ সৈতে কেইবালানি আলোচনা কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে অসম-বাংলাদেশ সীমান্ত ছীল কৰাৰ বাবে কঁইটীয়া তাৰৰ বেৰ নিৰ্মাণ কৰা হ’ল যদিও সেয়া সঠিকভাৱে নহ’ল। বহু সুৰুঙা থাকি গ’ল। অসম-বাংলাদেশ সীমান্ত সুৰক্ষিত নোহােৱা বাবেই এতিয়াও সীমান্তৰে অনুপ্ৰৱেশ, চােৰাং ব্যৱসায়, গৰু সৰবৰাহ চলি আছে। সীমান্ত সুৰক্ষিত নোহােৱা বাবেই অসম আজি নিৰাপদ নহয়। অসমীয়া মানুহে অস্তিত্বৰ সংকটত ভূগিবলগীয়া হৈছে। অসমক সকলো দিশৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে বৰ্তমানৰ চৰকাৰে জম্মু-কাশ্মীৰৰ পাকিস্তান সীমান্ত যিদৰে ছীল কৰা হৈছে, তেনেদৰে গুণগতভাৱে অসম-বাংলাদেশ সীমান্তও ছীল কৰাটাে বিচাৰো। আনকি এই সীমান্ত ছীলৰ ক্ষেত্ৰত যাতে কোনো ত্রুটি ৰৈ নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে সেনাৰ জৰিয়তে সেই কাম কৰাৰ পােষকতা কৰিছে। উল্লেখনীয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দুই সহযোগী ৰাজনৈতিক দল ক্ৰমে অগপ আৰু বি পি এফৰ দুই প্রতিনিধি মন্ত্রী ক্ৰমে কেশৱ মহন্ত আৰু প্রমীলাৰাণী ব্ৰহ্মক কাষত বহুৱাই লৈ সর্বানন্দ সোণোৱালে সীমান্ত ছীল কৰাৰ ক্ষেত্ৰত চৰকাৰখনে দিয়া অগ্ৰাধিকাৰক বিশেষভাৱে দোহাৰে। চৰকাৰখনৰ ১০০দিনীয়া কার্যকালৰ খতিয়ান দিয়াৰ বাবেই প্রথমবাৰৰ বাবে এখন সংবাদ মেল সম্বোধন কৰা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি আঙুলিয়াই দিয়ে যে জম্মু-কাশ্মীৰৰ পাকিস্তান সীমান্ত ছীলৰ ক্ষেত্ৰত ভাৰতীয় সেনাই যি ভূমিকা গ্রহণ কৰিছিল, অসম-বাংলাদেশ সীমান্তৰ ক্ষেত্ৰতো ভাৰতীয় সেনাৰ জৰিয়তে সীমান্ত ছীলৰ ব্যৱস্থা কৰাটাে অসম চৰকাৰে বিচাৰে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সম্পর্কত কেন্দ্ৰলৈ পত্র প্ৰেৰণ কৰা হৈছে বুলিও মুখ্যমন্ত্রী সোণোৱালে জানিবলৈ দিয়ে। সেইদৰে এন আৰ চি উন্নীতকৰণৰ প্ৰসংগতো মুখ্যমন্ত্রী সোণোৱালে কয় যে বিদেশী নাগৰিকৰ সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ বাবে ১৯৫১ চনৰ এন আৰ চি উন্নীতকৰণৰ বাবে নতুন চৰকাৰখনে সর্বাধিক গুৰুত্ব আৰােপ কৰিছে। নিজ কার্যালয়ত প্ৰৱেশৰ পূর্বে যোৱা ২৫ মে’ত তেওঁ এন আৰ চি কার্যালয় ভ্রমণ কৰে। আনকি দুখন বৈঠকত এন আৰ চিৰ কাম-কাজসমূহ পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে এন আৰ চি উন্নীতকৰণৰ কাম যুদ্ধকালীন তৎপৰতাৰে খৰতকীয়া কৰাৰ বাবে বিষয়া-কর্মচাৰীক নির্দেশ দিয়ে। এন আৰ চি উন্নীতকৰণৰ বাবে ডিব্ৰুগড়, বঙাইগাঁও, শিলচৰত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে মাণ্ডলিক পর্যালোচনামূলক বৈঠক অনুষ্ঠিত কৰাৰ বিষয়েও মুখ্যমন্ত্রী সোণোৱালে জানিবলৈ দি কয় যে পূৰ্বৰ চৰকাৰৰ দিনত এন আৰ চিৰ কাম ঠিক মতে চলা নাছিল। টকা-পইছাৰ অভাৱ আৰু নিস্ক্রিয়তাৰ বাবে পূৰ্বৰ চৰকাৰৰ দিনত এন আৰ চি উন্নীতকৰণৰ কাম বন্ধ হৈ গৈছিল। বর্তমান এন আৰ চিৰ কাম খৰতকীয়া গতিৰে চলি আছে আৰু ২০১৭ চনত এন আৰ চি উন্নীতকৰণৰ কাম সম্পূর্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। উল্লেখনীয় যে আজি খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিয়লি আয়োজিত সংবাদ মেলখনত চৰকাৰখনে প্রথম ১০০টা দিনত লোৱা উল্লেখনীয় পদক্ষেপসমূহ আঙুলিয়াই দি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই কথা স্বীকাৰ কৰে যে চকুত লগা পৰিৱৰ্তনৰ বাবে এশ দিন যথেষ্ট নহয়। মুখ্যমন্ত্রী সোণোৱালে কয় যে বিগত সময়ছোৱাত চৰকাৰ-প্ৰশাসনযন্ত্ৰৰ ওপৰত ৰাইজৰ আস্থা নোহােৱা হৈছিল। ৰাইজ হতাশ হৈছিল। দুনীতি-ভ্ৰষ্টাচাৰৰ বাবে সর্বসাধাৰণ ৰাইজ হতাশ হৈছিল। বিগত এশটা দিনত বর্তমানৰ চৰকাৰখনে প্রশাসনযন্ত্ৰই ৰাইজৰ স্বার্থত কাম কৰাৰ বাবে বিভিন্ন ধৰণে চেষ্টা চলাইছে। প্ৰতিগৰাকী মন্ত্রীৰ লগতে বিষয়াসকলেও এই সময়ছোৱাত দুনীতিৰ বিৰুদ্ধে পদক্ষেপ লৈছে। ইয়াৰ পৰিণতিত ক্ৰমাৎ প্রশাসনযন্ত্ৰৰ প্ৰতি ৰাইজৰ আস্থা উভতি আহিছে। মুখ্যমন্ত্রী হিচাপে তেওঁ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বি ডি অ’ সকলৰ সৈতে আলোচনাত মিলিত হৈ দৰিদ্রজনেও যাতে যিকোনো কার্যালয়ত গৈ মর্যাদা লাভ কৰে, ন্যায় পায়, তাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে। বি ডি অ’ সকলৰ সৈতে হােৱা পাঁচ ঘণ্টাজোৰা বৈঠকত স্পষ্টভাৱে কোৱা হৈছে যে দুনীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব। প্রশাসনযন্ত্র দুনীতিগ্রস্ত হ’লে কেতিয়াও কোনো আঁচনি সফল হ’ব নোৱাৰে। কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহে যাতে প্রকৃততে জনসাধাৰণৰ হিত সাধন কৰিব পাৰে, তাৰ বাবে আটায়ে আন্তৰিকতাৰে কাম কৰিব লাগে। বিগত এশটা দিনত প্রশাসনযন্ত্ৰ দুনীতিমুক্ত কৰি কাৰ্যক্ষম কৰাৰ বাবে যথেষ্ট পদক্ষেপ গ্রহণ কৰা হৈছে। বিগত সময়ছােৱাত দুনীতিয়ে ৰাইজক কোঙা কৰিছিল। এই চৰকাৰে যোৱা এশটা দিনত দুৰ্নীতি ৰােধৰ বাবে চেষ্টা কৰিছে। শাসন ব্যৱস্থা দায়িত্বশীল, শক্তিশালী, দায়বদ্ধ হ’লেহে ৰাইজে মর্যাদা সহকাৰে জীয়াই থাকিব পাৰিব। সংবাদ মেলখনত মুখ্যমন্ত্রী সোণোৱালে কয় যে প্রশাসনযন্ত্র দুৰ্নীতিগ্রস্ত হ’লে কেন্দ্রীয় চৰকাৰৰেই হওক অথবা ৰাজ্য চৰকাৰৰেই হওক, কোনো আঁচনিয়েই সফল হ’ব নোৱাৰে। প্রশাসনযন্ত্র কার্যক্ষম, দক্ষ নোহােৱা বাবেই ২০০৪ চনৰ পৰা ২০১৪ চনলৈ অসম চৰকাৰে ১২ হাজাৰ কোটি টকাৰ হিচাপ কেন্দ্ৰক দিব পৰা নাছিল। সংবাদ মেলখনত মুখ্যমন্ত্রী সোণোৱালে কয় যে বিদেশী মুক্ত, দুনীতিমুক্ত, সন্ত্রাসবাদমুক্ত, প্ৰদূষণমুক্ত আৰু এখন সেউজ অসম গঢ়াৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰ দায়বদ্ধ। জনগণৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই প্রথম কেবিনেট বৈঠকতে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। মুখ্যমন্ত্ৰীৰ কনভয়ত যান-বাহনৰ নিৰাপত্তাৰক্ষীৰ সংখ্যা হ্রাস কৰাৰ উপৰি বিকন আৰু ছাইৰেন ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়। জনসাধাৰণে যাতে কোনো অসুবিধাৰ সন্মুখীন হ’ব নালাগে, তাৰ বাবেই এই ব্যৱস্থা গ্রহণ কৰা হৈছে। তৃতীয় আৰু চতুর্থ শ্রেণীৰ নিযুক্তিৰ ক্ষেত্ৰত মৌখিক সাক্ষাৎকাৰ বন্ধ কৰা হৈছে। কাৰণ মৌখিক সাক্ষাৎকাৰত টকা-পইছাৰ লেনদেন হােৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। মুখ্যমন্ত্রী হিচাপে তেওঁ কার্যালয়ত পদার্পণৰ প্ৰথম দিনাই ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিৰ ফাইলত অনুমােদন জনায়। ৰাজ্যখনৰ উন্নয়নৰ বাবে বিশেষকৈ গভীৰ বিত্তীয় সংকটৰ বোজা লাঘৱ কৰাৰ বাবে প্রয়োজনীয় পদক্ষেপৰ বিষয়তো চৰকাৰখনে গুৰুত্ব আৰোপ কৰে। সুশাসনৰ বাবে স্বচ্ছতা, দক্ষতা আৰু জনগণক সেৱা আগবঢ়োৱাৰ মানসিকতাৰে পদক্ষেপসমূহ গ্ৰহণ কৰা হয়, যাতে জনসাধাৰণে বর্তমানৰ চৰকাৰখনৰ জনসেৱাৰ নীতিসমূহ উপলব্ধি কৰিবলৈ সক্ষম হয়। ৰাজ্যখনৰ অর্থনৈতিক ছবিখন জনগণৰ সন্মুখত দাঙি ধৰাৰ বাবে ২০১৬ চনৰ ২৪ মে’ক ভিত্তি হিচাপে লৈ ৰাজ্যিক বিত্ত বিভাগে এখন শ্বেতপত্র প্রকাশ কৰে, যাতে কি অৱস্থাৰ মাজেৰে নতুন চৰকাৰখনে কার্যভাৰ গ্ৰহণ কৰিবলগীয়া হৈছে, সেই কথা সাধাৰণ জনতাই উপলব্ধি কৰিব পাৰে। এই সন্দৰ্ভত মুখ্যমন্ত্রী সোণোৱালে কয় যে ২০১৪-১৫ বৰ্ষত জি এছ ডি পি আছিল ১,৮৩,৭৯৮ কোটি।। ৰাষ্ট্ৰীয় হাৰত ৭.৩ শতাংশৰ বিপৰীতে অসমৰ অৰ্থনৈতিক বৃদ্ধি ২০১৪-১৫ বৰ্ষত ৬.৪৪ শতাংশ। ৰাষ্ট্ৰীয় হাৰত ৫.২ শতাংশৰ বিপৰীতে ২০০২-০৩ৰ পৰা ২০১২-১৩ বৰ্ষত ৰাজ্যখনত কৃষিখণ্ডত প্রকৃত বৃদ্ধিৰ হাৰ ০.৮৮ শতাংশ। ৰাষ্ট্ৰীয় হাৰৰ ৮৮,৫৩৩ টকাৰ পৰিৱৰ্তে ৰাজ্যৰ ব্যক্তিগত
আয় ৪৮,৪৯০ টকাৰে বৰ্তমান দেশৰ ভিতৰত ১৯সংখ্যক স্থানতহে অসম আছে। উর্ধ্বগামী ব্যয়ৰ বিপৰীতে ৰাজ্যৰ নিজা সম্পদ ২০১৪-১৫ বৰ্ষত ১.৩৯ শতাংশৰ পৰা ২০১৫-১৬ বৰ্ষত মাত্র ৩.৩৯ শতাংশলৈহে বৃদ্ধি পায়। পূৰ্বৰ চৰকাৰে এৰি থৈ যোৱা ১৭ হাজাৰ কোটি টকাৰ বােজাৰে বৰ্তমানৰ চৰকাৰে শাসনভাৰ ল’বলগীয়া হৈছে। অর্থনৈতিক অৱস্থা উন্নীত কৰা আৰু ৰাজ্যখনক আগবঢ়াই নিয়াতো বর্তমানৰ চৰকাৰখনে অগ্ৰাধিকাৰ দিছে বুলি মুখ্যমন্ত্রী সোণোৱালে উল্লেখ কৰে।
সংবাদ মেলখনত মুখ্যমন্ত্রী সোণোৱালে এশদিনীয়া কার্যকালত গ্রহণ কৰা সফল পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয় যে জি এছ টি সংবিধান সংশোধনী বিল গৃহীত কৰা অসম হৈছে দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য। ৰাজ্যখনত ব্যৱসায়িক বন্ধুত্বপূর্ণ পৰিৱেশ গঢ়াৰ বাবে বিধানসভাৰ প্ৰথমখন অধিৱেশনতে ‘দ্য আছাম ইজ অৱ ডুয়িং বিজনেছ বিধেয়ক-২০১৬’ গৃহীত কৰা হয়। তেলৰ ৰয়েল্টীৰ বাবদ কেন্দ্রীয় চৰকাৰৰ পৰা ১,৪৪৯ কোটি টকা লাভ কৰিবলৈ সক্ষম হয়। ব্যাপকভাৱে ৰাজহ আদায়ৰ বাবে ৰি-ষ্টার্ট অসমৰ শুভাৰম্ভ কৰা হয়। বিত্ত আহৰণৰ বিভাগসমূহক ৰাজহ আহৰণৰ বাবে লক্ষ্য নির্ধাৰণ কৰি দিয়াৰ ফলত প্রথম তিনি মাহতে ইতিবাচক ফলাফল লাভ কৰিব পৰা গৈছে। ৰাজ্যখনৰ গুৰুত্বপূর্ণ খণ্ডৰ বিকাশৰ বাবে অহা পাঁচ বছৰৰ কর্মসূচীৰ উল্লেখেৰে এখন বিস্তৃত বাজেট গৃহীত কৰা হৈছে। বিত্তীয় ব্যৱস্থাৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থা প্রৱর্তন কৰি আমূল পৰিৱর্তন সাধন কৰা হৈছে। এতিয়াৰে পৰা কেন্দ্ৰৰ পৰা অহা টকা এমাহৰ ভিতৰতে বিত্ত বিভাগে সংশ্লিষ্ট বিভাগলৈ হস্তান্তৰ কৰিব। গ্রামাঞ্চলৰ সকলো দিশতে উন্নয়নৰ ৰূপৰেখা নির্ণয় কৰিবলৈ মুখ্যমন্ত্ৰীৰ ‘সমগ্র গ্রাম্য উন্নয়ন যোজনা’ নামৰ এক অভিলাষী কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ৰাজ্যখনক এক পৰিৱৰ্তনৰ দিশলৈ আগবঢ়াই নিয়াৰ বাবে ভিজন ডকুমেণ্টত উল্লেখ কৰা বিষয়সমূহ এশ দিনত কৰ্মৰ মাজেৰে প্রতিফলিত হৈছে। এশ দিনৰ আন কেইটামান উল্লেখনীয় সফলতা হৈছে ৬০ হাজাৰ দুখীয়া ছাত্ৰ-ছাত্রীক বিনামূলীয়াকৈ কলেজত নামভৰ্তিৰ ব্যৱস্থা কৰা, ৭ হাজাৰ টেট শিক্ষকক নিয়মীয়া পদত নিযুক্তি দিয়া আৰু ১১ হাজাৰৰাে অধিক টেট শিক্ষকক নিয়মীয়া পদত নিযুক্তি দিয়াৰ পদক্ষেপ গ্রহণ। বর্তমানৰ চৰকাৰে শিক্ষাখণ্ডত অধিক অগ্রাধিকাৰ দিয়াৰ কথা উল্লেখ কৰি কয় যে আগন্তুক দিনত শিক্ষাখণ্ডত আৰু পৰিৱর্তন আহিব। হােজাইত কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বৰপেটাত অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ নামত বিশ্ববিদ্যালয় আৰু বিহপুৰীয়াত মহাপুৰুষ মাধৱদেৱৰ নামত বিশ্ববিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হৈছে। স্বাস্থ্যখণ্ডতো বর্তমানৰ চৰকাৰে গ্ৰহণ কৰা কেতবোৰ বিশেষ পদক্ষেপৰ বিষয়ে উনুকিয়াই কয় যে ধুবুৰী আৰু লখিমপুৰত মেডিকেল কলেজ স্থাপনৰ বাবে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ হৈছে। অহা ২ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত স্থাপন কৰা কেন্সাৰ হাস্পতালখন আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। ইতিমধ্যে কেন্সাৰ ৰােগ আগতীয়াকৈ চিনাক্ত কৰাৰ বাবে পেট চিটিস্কেন মেচিন স্থাপন কৰা হৈছে। সেইদৰে বিভিন্ন কোষাগাৰত মজুত থকা গড়ৰ খড়গক লৈ ৰাইজৰ মনত উদ্ভৱ হােৱা বিভিন্ন সন্দেহ নিৰাময়ৰ নিমিত্তে বর্তমানৰ চৰকাৰে সেইবোৰ পৰীক্ষণৰ ব্যৱস্থা কৰিছে। পূৰ্বৰ চৰকাৰে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্রহণ কৰা নাছিল। চৰকাৰখনৰ এশ দিনৰ ভিতৰতে ডিজিটেল লিটেৰেচীৰ ক্ষেত্ৰতো গুৰুত্ব আৰােপ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ইতিমধ্যে ১২৬টা বিধানসভা সমষ্টিৰ ১২৬খন পঞ্চায়তত এই সেৱা আৰম্ভ কৰা হৈছে। অনাগত দিনত এই ব্যৱস্থা ‘ই-গ্রাম মিছনলৈ সম্প্রসাৰণ কৰা হ’ব। বান আৰু গৰাখহনীয়া সমস্যাৰ ক্ষেত্ৰতো চৰকাৰখনে এশ দিনৰ ভিতৰত গ্রহণ কৰা পদক্ষেপৰ বিষয়ে উনুকিয়াই মুখ্যমন্ত্রী সোণোৱালে কয় যে নতুন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণৰ কিছুদিন পাছতেই ৰাজ্যত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰে। দায়িত্বশীল চৰকাৰ হিচাপে পোনপ্ৰথমবাৰৰ বাবে বিধানসভাৰ অধিৱেশন স্থগিত ৰাখি মন্ত্রী-বিধায়কসকল দুর্গত ৰাইজৰ কাষত থিয় হয়। বানত ক্ষতিগ্রস্তসকলৰ লগে লগে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হয়। ব্ৰহ্মপুত্ৰ খননৰ বাবে ইতিমধ্যে চৰকাৰে বিশ্ববেংকৰ সৈতে আলোচনাত মিলিত হৈছে। ব্ৰহ্মপুত্ৰকে ধৰি উপনৈসমূহ খনন কৰি জলপথ উন্নীতকৰণৰ চিন্তা কৰা হৈছে। সেইদৰে এছিয়ান ডেভেলপমেন্ট বেংকৰ সহযোগত মথাউৰিসমূহ নির্মাণ আৰু মেৰামতিৰ বাবেও পদক্ষেপ লোৱা হৈছে। কৃষিখণ্ডৰ দুনীতি নিমূলৰ বাবে এতিয়াৰে পৰা বিভাগটােত ই-টেণ্ডাৰিঙৰ ব্যৱস্থা কৰা হৈছে। নিষ্ঠাৱান কৃষি বিষয়া গদাপাণি পাঠকৰ হত্যাৰ তদন্ত প্রক্রিয়া ক্ষিপ্ৰতৰ কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে। তেওঁৰ পুত্ৰক ইতিমধ্যে কৃষি বিপণন পৰিষদত অভিযস্ত পদত নিযুক্তি দিয়া হৈছে। ইপিনে, কোকৰাঝাৰ জিলাৰ বালাজান, তিনিচুকীয়া জিলাৰ ফিল'বাৰীত সন্ত্রাসবাদীৰ আক্ৰমণৰ ঘটনাৰ পাছতেই লগে লগে চৰকাৰৰ প্ৰতিনিধি হিচাপে মন্ত্রী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ খবৰ লোৱাৰ লগতে আক্রান্তসকলক ক্ষতিপূৰণ আদায় দিয়ে। চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণৰ পাছতেই বিশ্বৰ বৃহত্তম নদীদ্বীপ, বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীক জিলা হিচাপে ঘোষণা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে অহা ৮ ছেপ্টেম্বৰৰ পৰা মাজুলী জিলাৰ কাম-কাজ আৰম্ভ কৰা হ’ব। সেইদৰে বৰ্তমানৰ চৰকাৰৰ অনুৰােধৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ৰে’ল মন্ত্র্যালয়ে বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত দ্বৈত ৰে’লপথ নির্মাণৰ বাবে অনুমোদন জনাইছে। লামডিং আৰু গুৱাহাটীৰ মাজত ইতিমধ্যে দ্বৈত ৰে’লপথ নির্মাণৰ কাম আৰম্ভ হৈছে। লামডিং আৰু ডিব্ৰুগড়ৰ মাজত জৰীপৰ কাম আৰম্ভ হৈছে। ইপিনে, নামনি সোৱণশিৰি নদীবান্ধৰ প্ৰসংগত মুখ্যমন্ত্রী সোণোৱালে কয় যে বিশেষজ্ঞ কমিটীয়ে যি পৰামর্শ আগবঢ়াব, সেই পৰামৰ্শৰ ভিত্তিতে চৰকাৰ অগ্ৰসৰ হ’ব। এন এছ চি এন (আই-এম)ৰ বৃহত্তৰ নাগালিমৰ প্ৰসংগত অতি কৌশলপূৰ্ণভাৱে মুখ্যমন্ত্রী সোণোৱালে কয় যে অসমৰ জনসাধাৰণে বিচৰা ধৰণে অসমৰ স্বাৰ্থ ৰক্ষা কৰাটাে বর্তমানৰ চৰকাৰৰ দায়িত্ব। একেদৰে দক্ষতা বৃদ্ধিৰ প্ৰসংগত বর্তমানৰ চৰকাৰে এটা পৃথক বিভাগ খুলিব বুলি জানিবলৈ দি মুখ্যমন্ত্রী সোণোৱালে কয় যে দক্ষতা বিকাশ বিশ্ববিদ্যালয় এখন গঠনৰ বাবেও বর্তমানৰ চৰকাৰে চিন্তা কৰি আছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment