তিনিটা গঁড় চিকাৰীক গ্রেপ্তাৰ


ৱেব ডেস্ক, ২৬ চেপ্টেম্বৰ, ২০১৬ঃ বিশেষ সুৰক্ষা বাহিনী, বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই আজি তিনিটা কুখ্যাত চোৰাং চিকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে নগদ ১.৭৬ লাখ টকা উদ্ধাৰ কৰে৷ বিশেষ সুৰক্ষা বাহিনীৰ অধিনায়ক মৃণাল তালুকদাৰে জানিবলৈ দিয়া মতে, বানৰ সময়ত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ ডিফলু নদীত উটি অহা এটা গঁড়ৰ খর্গ হাৰমতিৰ পৰা চোৰাং চিকাৰীয়ে কাটি নিছিল৷ চোৰাং চিকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই বিশেষ সুৰক্ষা বাহিনী, বন বিভাগ আৰু আৰক্ষীয়ে কুঠৰীৰ ন’ জ’ন নিৱাসী মাইনুল আলী (২৫), চমিৰুদ্দিন আলী (২৪) আৰু প্রিয়াৰ হুছেইন (২৪) নামৰ তিনিটা চোৰাং চিকাৰীক আজি গ্রেপ্তাৰ কৰে৷ চোৰাং চিকাৰী তিনিটাই দিয়া স্বীকাৰোত্তিু মতে তেওঁলোকে ২ আগষ্টত গঁড় মাৰি খর্গ বিক্রী কৰি ১৬ লাখ টকা পাইছিল৷ মাইনুল আলী আৰু চমিৰুদ্দিন আলীয়ে ডেৰ লাখকৈ টকা পাইছিল৷ উক্ত ঘটনাৰ সৈতে জড়িত ৮ জন চোৰাং চিকাৰীক ইতিমধ্যে গ্রেপ্তাৰ কৰা হয়৷ দুজন চিকাৰী সম্প্রতি পলাতক৷ চোৰাং চিকাৰী দুজনক গ্রেপ্তাৰ কৰিবৰ বাবে ব্যাপক অভিযান আৰম্ভ কৰিছে৷ গ্রেপ্তাৰ কৰা চোৰাং চিকাৰীকেইটাৰ তথ্যৰ ভিত্তিত খর্গ বিক্রীৰ ১.৭৬ লাখ টকা আজি নগাঁৱৰ ধিং গে’টৰ পৰা উদ্ধাৰ কৰা হয়৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment