কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চল দেউচুৰ চাং, বান্দৰডুবি আৰু পালখোৱা আদি ঠাইৰ পৰা মাননীয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ দোহাই দি মানৱীয়তাক ভূলুণ্ঠিত কৰি কোনো ক্ষতিপূৰণ নিদিয়াকৈ তথা পুনৰ সংস্থাপন ব্যৱস্থা নকৰাকৈ ৰাজ্য চৰকাৰে একপক্ষীয়ভাবে ৰাইজৰ আবেগ অনুভূতিক পদাঘাত কৰি উচ্ছেদ কৰিবলৈ গৈ চৰকাৰৰ বৰ্বৰ আৰক্ষীয়ে সম্পূৰ্ণ হিটলাৰী পন্থা অৱলম্বন কৰি গণতান্ত্ৰিক ভাবে নিজৰ ভেটি মাটি ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ কৰা মুহূৰ্তত দুজন নিৰীহ ব্যক্তিক গুলীয়াই নিৰ্মম ভাবে হত্যা কৰা ঘটনাই জাঙুৰ খাই উঠিছে সমগ্ৰ অসম৷ চৰকাৰৰ এই একপক্ষীয়া আৰু দমন নীতিৰ বৰ্বৰ কাৰ্য্যক সচেতন মহলে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আজি পুৱাৰে পৰা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) য়ে আজি ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ অসম বন্ধৰ আহবান কৰিছিল৷ অসমৰ উজনি নামনি সকলো ঠাইতে আমছু কৰ্মী সকলে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি ৰাজপথত টায়াৰ জলাই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষীত হয়৷ বন্ধৰ লগত সংগতি ৰাখি আয়োজন কৰা এক সংবাদ মেলত আমছুৰ সভাপতি আজিজুৰ ৰহমানে কয় যে ‘আমছুৱে বৈধ উচ্ছেদৰ কোনোদিনে বিৰোধীতা কৰা নাই আৰু নকৰে, কিন্তু উচ্ছেদৰ নামত মানৱীয়তাক ভূলুণ্ঠিত কৰি গুলিচালনাৰে নিৰীহক হত্যা কৰা কাৰ্য্যক ধিক্কাৰ দিয়াৰ লগতে সদায়ে বিৰোধীতা কৰি যাব৷ সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দি পুণসংস্থাপনৰ ব্যৱস্থা কৰি বৈধতাৰে শান্তিপূৰ্ণ উচ্ছেদ কৰিলে আমছুৱে চৰকাৰক পূৰ্ণ সহযোগ আগবঢ়াই যাব৷

সংখ্যালঘু সম্প্ৰদায়ৰ লোকক হকে বিহকে বিভিন্ন সময়ত বিভিন্ন পক্ষই বিশেষভাবে উগ্ৰ জাতীয়তাবাদী আৰু হিন্দুত্ববাদী দল-সংগঠন তথা ব্যক্তিবিশেষে অবৈধ বাংলাদেশী/সন্দেহজনক বাংলাদেশী বুলি আখ্যায়িত কৰি অহা স্বভাৱত পৰিণত হোৱা পৰিলক্ষিত হৈছে৷ কাজিৰঙাৰ উচ্ছেদিত পৰিয়ালসমূহৰ মাজত কোনো এজন বাংলাদেশী লোক নাই, সেয়া সত্য৷ উক্ত ব্যক্তি তথা দল-সংগঠনসমূহক আমছুৱে প্ৰত্যাহ্বান জানাই কয় যে, উচ্ছেদিত পৰিয়ালসমূহৰ নথি-পত্ৰ সমূহ পৰীক্ষা কৰক অন্যথা যিকোনো অশোভনীয় মন্তব্য প্ৰকাশ কৰি শংকৰ-আজানৰ দেশ অসমৰ সাতামপুৰুষীয়া ভাতৃত্বৰ বান্ধোনত ভাঙোন অনাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে৷

যোৱাকালিৰ ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ ১০ লাখ আৰু আহতসকলক চিকিৎসাৰ সম্পূৰ্ণ ব্যয়সহ ৫ লাখকৈ তৎকালীনভাৱে আৰ্থিক সাহায্য প্ৰদান কৰা, উচ্ছেদিত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণসহ পুণসংস্থাপনৰ ব্যৱস্থা কৰা, পুণসংস্থাপনৰ ব্যৱস্থা নকৰালৈকে থকা-খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা, উচ্ছেদিত পৰিয়ালসমূহক অবৈধ বাংলাদেশী বুলি আখ্যায়িত কৰা বন্ধ কৰা, হত্যাকাণ্ডৰ লগত জড়িত আৰক্ষী বিষয়াক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা আৰু অনাগত দিনত উচ্ছেদৰ নামত যাতে একপক্ষীয়াভাৱে কোনো বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি এনে বৰ্বৰ হত্যালীলা সংঘটিত নকৰে তাৰ ব্যৱস্থা কৰা আদি দাবীৰ সমৰ্থত আমছুৱে আজি আহবান কৰা ১০ ঘন্টীয়া বন্ধত সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি বন্ধ কাৰ্যসূচী সফল কৰাৰ বাবে অসমৰ সৰ্বস্তৰৰ ৰাইজৰ লগতে সাংবাদিক, প্ৰশাসনৰ লোক আৰু আমছু কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে আমছুৰ সভাপতি আজিজুৰ ৰহমানে৷ আজিৰ বন্ধৰ কাৰ্যসূচী সফল হোৱাৰ পিছতো যদি চৰকাৰে নিজৰ স্বৈৰাচাৰী মনোভাৱ ত্যাগ নকৰে আৰু আমছুৰ দাবী মানি নলয় তেন্তে ভৱিষ্যতে অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি প্ৰেছ বিবৃতি যোগে চৰকাৰক সকিয়াই দিয়ে আমছুয়ে৷

facebook
twitter
google+
fb share