ৱেব ডেস্ক, ৩ চেপ্টেম্বৰ, ২০১৬ঃ
দক্ষিণ শালমাৰা-মানকাচৰ জিলা সংলগ্ন ভাৰত-বাংলাদেশৰ সীমান্ত পৰিদর্শন কৰি আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে উন্মুক্ত সীমান্তৰ প্রকৃত স্বৰূপ দেখি আশ্চর্য প্রকাশ কৰে আৰু স্পষ্টভাৱে অসন্তুষ্টি প্রকাশ কৰে৷ জিলাখনৰ বৰাই আলগা বি অ’ পিৰ কুকুৰডাঙা ঘাটৰ পৰা প্রায় ৬ কিঃমিঃ আঁতৰৰ হাতীচৰত থকা ভাৰত-বাংলাদেশ সীমান্তৰ পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্রী সোণোৱালে সীমান্তৰ এই ব্যৱস্থাই অসম আৰু অসমবাসীক নিৰাপত্তা দিব নোৱাৰে বুলি মত প্রকাশ কৰে৷ আন্তঃৰাষ্ট্রীয় সীমান্ত অতি জৰাজীর্ণ অৱস্থাত থকা বুলি উল্লেখ কৰি তেওঁ এনেদৰে অনুপ্রৱেশ ৰোধ কৰা সম্ভৱ নহয় বুলিও প্রকাশ কৰে৷ উল্লেখযোগ্য যে কালি দুদিনীয়া ভ্রমণসূচীৰে ভাৰত-বাংলাদেশ সীমান্ত পৰিদর্শন কৰিবলৈ অহা মুখ্যমন্ত্রীয়ে আজি দ্বিতীয় তথা অন্তিম দিনা উল্লিখিত চৰটো পৰিদর্শন কৰে৷ মন কৰিবলগীয়া যে হাতীচৰত থকা ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ কোনো ব্যৱস্থাই নাই৷ তদুপৰি সীমা নির্ধাৰণ কৰা স্তম্ভসমূহো বালিত পোত গৈ আছে৷ আনহাতে এলেকাটোত কোনোধৰণৰ ন’ মেন৲ছ লেণ্ড বা নিৰপেক্ষ এলেকাৰ ব্যৱস্থাও নাই৷ হাতীচৰ সংলগ্ন দেৱান আলগা চৰত সীমান্ত সুৰক্ষা বাহিনীৰ এটা শিবিৰ আছে যদিও খোৱাপানী, ম’বাইল ফ’ন আৰু বিদু্যতৰ অভাৱে স্বয়ং নিৰাপত্তাৰক্ষীসকলকে চৰটোত অকলশৰীয়া আৰু অসুৰক্ষিত অনুভৱ কৰিবলৈ বাধ্য কৰে বুলি মুখ্যমন্ত্রীজনক বি এছ এফৰ শীর্ষ বিষয়াই জানিবলৈ দিয়ে৷ সীমান্তৰ এই চৰম দুৰৱস্থা নিজ চকুৰে দেখাৰ পাছত মুখ্যমন্ত্রী সোণোৱালে সীমান্ত সুৰক্ষাৰ বাবে আৰু বহুত কাম কৰিবলৈ বাকী থকা বুলি উল্লেখ কৰাৰ লগতে অসম সংলগ্ন ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰা নির্মাণৰ দায়িত্ব ভাৰতীয় সেনা বাহিনীক ন্যস্ত কৰিব লাগে বুলি দাবী কৰে৷ তেওঁ কয় যে কালিৰ পৰা সীমান্তৰ অৱস্থা নিজ চকুৰে তেওঁ দেখিলে৷ সীমান্তৰ এই অৱস্থাত অনুপ্রৱেশ ৰোধ কৰা সম্ভৱ নহয়৷ গতিকে, সীমা অতি শক্তিশালীভাৱে ছীল কৰিবই লাগিব৷ সীমা ছীল কৰা আৰু অনুপ্রৱেশ বন্ধ হোৱাটো তেওঁ আন্তৰিকতাৰে বিচৰা বুলিও প্রকাশ কৰে৷ কিন্তু ইয়াৰ বাবে ৰাজ্যৰ জনসাধাৰণৰ সহযোগিতা লাগিব আৰু ৰাজ্যবাসীৰ সহযোগিতা অবিহনে কামটো সম্পূর্ণ কৰা সম্ভৱ নহ’ব বুলিও কয়৷ তেওঁৰ চৰকাৰে এই ক্ষেত্রত দৃঢ়তাৰে ব্যৱস্থা গ্রহণ কৰাৰ প্রতিশ্রুতিও দিয়ে৷ উল্লেখযোগ্য যে মুখ্যমন্ত্রী সোণোৱালে আজি আছুৰ শীর্ষ নেতৃবর্গ, অসম আৰক্ষী আৰু বি এছ এফৰ শীর্ষ বিষয়াৰ লগতে মিত্রজোঁট, কংগ্রেছ আৰু এ আই ইউ ডি এফৰ কেইবাজনো বিধায়কক লগত লৈ হাটশিঙিমাৰীৰ দেৱান আলগা বি অ’ পিৰ অন্তর্গত হাতীচৰৰ সীমান্ত অঞ্চল পৰিদর্শন কৰে৷ এই সীমান্ত অঞ্চল পৰিদর্শন কৰা ৰাজ্যৰ প্রথমজন মুখ্যমন্ত্রী হিচাপেও তেওঁ পৰিগণিত হৈছে৷ প্রায় ৬ কিঃমিঃ নদী সীমান্ত অঞ্চল আৰু হাতীচৰৰ ১০৪৬ নং সীমা স্তম্ভৰ পৰা য়েছ পিলাৰলৈ পৰিদর্শন কৰে৷ উক্ত অঞ্চলত বাংলাদেশৰ কুৰিগ্রাম জিলাৰ পূব দৈখোৱা গাঁও এলেকা পৰে৷ ইফালে, মুখ্যমন্ত্রী সোণোৱালৰ সৈতে সীমান্ত পৰিদর্শন কৰাৰ পাছত আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই অসম আৰু অসমীয়াৰ সুৰক্ষাৰ বাবে সময় নির্ধাৰিত কর্মসূচীৰে সীমান্ত ছীল কৰিবলৈ দাবী কৰে৷ যুদ্ধকালীনভাৱে সীমান্ত ছীল কৰিবলৈ ব্যৱস্থা চৰকাৰে কৰিবই লাগিব বুলিও তেওঁ দাবী কৰে৷ লগতে সীমান্তত দেখা মাত্রেই গুলীওৱাৰ নির্দেশ দিবলৈও কেন্দ্রীয় চৰকাৰক দাবী কৰে৷ তেওঁ অসমৰ প্রতি কেন্দ্রই কিয় অবিচাৰ কৰিছে বুলি প্রশ্ন কৰে৷ আছুৰ উপদেষ্টাজনে দেশৰ পশ্চিম সীমান্তত পাকিস্তানৰ ক্ষেত্রত চৰকাৰে এনে দুর্বল ব্যৱস্থা ৰাখিছে নেকি বুলিও প্রশ্ন কৰে৷ ইফালে, আজি মাত্র এটা চৰহে দেখা বুলি সদৰী কৰি এনে সীমান্ত থকা ২৫ টা চৰ থকা বুলি কয়৷ তেওঁ সীমান্তত ছেকেণ্ড লাইন অব ডিফেন্স অধিক শক্তিশালী কৰিবলৈও দাবী কৰে৷ উন্মুক্ত সীমান্তৰে কেৱল অনুপ্রৱেশেই হোৱা নাই, জেহাদী, মৌলবাদীৰ প্রৱেশো ঘটা বুলি প্রকাশ কৰে৷ সীমান্তৰ এনে অৱস্থাই দেশৰ অখণ্ডতা আৰু সার্বভৌমত্বৰ প্রতিও ভাবুকি অনা বুলি তেওঁ কয়৷

facebook
twitter
google+
fb share