এক মিনিটতে বন্ধ কৰিব পাৰো কাগজ কলঃআমোলাৰ দম্ভালি

জাগীৰোডত মহিলাৰ ক্ষোভৰ বলি হিন্দুস্থান কাগজ নিগমৰ চিএমডি
Image result for Paper mill
ৱেব ডেস্ক, ৩ চেপ্টেম্বৰ, ২০১৬:
আজি জাগীৰোডস্থিত নগাঁও কাগজকলৰ অতিথিশালাত প্ৰায় দুঘন্টা সময় ধৰি আবদ্ধ কৰি ৰাখে কলটোৰ মুখ্য পৰিচালক সঞ্চালক শশীকান্ত জৈনক৷ কৰ্মচাৰীক দৰমহা আদায় নিদিয়াক লৈ কালি কলটোৰ একাংশ মহিলাই সাক্ষাৎ কৰিছিল মুখ্য পৰিচালন সঞ্চালকগৰাকীক৷ মহিলাসকলক দুৰ্ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত আজি শশীকান্ত জৈনক আবদ্ধ কৰি ৰখাৰ লগতে বিভিন্ন প্ৰশ্নবাণেৰে থকা সৰকা কৰে মহিলাসকলে৷ প্ৰায় ৪ মাহ ধৰি বন্ধ হৈ থকা জাগীৰোড নগাঁও কাগজকলটো পুনৰ উজ্জীৱিত কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে যদিও কলটোৰ কৰ্মচাৰীক দৰমহা আদায় নিদিয়াক কেন্দ্ৰ কৰি কলটোত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ৷ কলটোৰ মুখ্য পৰিচালন সঞ্চালক গৰাকীয়ে কালি কলটোত উপস্থিত হৈ দৰমহাৰ ৩০ শতাংশ ধন মোকলাই দিয়াৰ কথা উল্লেখ কৰে যদিও সেই কথা মানি লব পৰা নাই কৰ্মচাৰীসকলে৷ 
এই সন্দৰ্ভত কলটোৰ মহিলাসকলে মুখ্য পৰিচালন সঞ্চালকগৰাকীক সাক্ষাৎ কৰে যদিও মহিলাসকলক দুৰ্ব্যৱহাৰ কৰে মুখ্য পৰিচালন সঞ্চালক শশীকান্ত জৈনে৷ ইমানেই নহয়, বিষয়াগৰাকীৰ লগত অহা কেন্দ্ৰীয় চৰকাৰৰ গুৰু উদ্যোগ বিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে এক মিনিটত কলটো বন্ধ কৰি দিব পাৰো বুলি ভাবুকি প্ৰদান কৰে৷ তাৰ পাছতে ক্ৰমাৎ পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ আজি জাগীৰোডৰ নগাওঁ কাগজ কলৰ অতিথিশালাত উপস্থিত হোৱাৰ পাছতে মহিলাসকলে প্ৰায় দুঘন্টা ধৰি আবদ্ধ কৰি ৰখাৰ লগতে বিভিন্ন প্ৰশ্নবাণেৰে থকা-সৰকা কৰে বিষয়াগৰাকীক৷  ইফালে লকটোৰ বিভিন্ন বিভাগত সংঘটিত হৈ থকা দুৰ্নীতিত শীৰ্ষ বিষয়াগৰাকীয়ে হাত উজান দিয়া বুলি অভিযোগ উত্থাপন কৰে কলটোৰ কৰ্মচাৰীসকলে৷ আনহাতে এই সকলো অভিযোগ একেমুখে নস্যাৎ কৰি কলটো পুনৰ উজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে আলোচনা অব্যাহত থকা বুলি  মন্তব্য কৰে মুখ্য পৰিচালন সঞ্চালক শশীকান্ত জৈনে৷ 

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment