
ৱেব ডেস্ক, ৭ চেপ্টেম্বৰ, ২০১৬ঃ মই আহিছে, মই আহিছে,/মই আহিছো ওলাই/শত ছহিদৰ সপোনকে লৈ/বাট-ঘাট নদ, পাহাৰ পাৰ হৈ/পৃথিৱীক আজি মুক্তিৰ গান শুনামেই বুলি আহিছে...।' যাদুকৰী কণ্ঠ, উদ্দীপনাময় মালিতা, প্ৰাণোদ্দীপক সুৰৰ সু-সমন্বয়েৰে সৃষ্ট এনে বহু কালজয়ী গীতেৰে অসমবাসী, ভাৰতবাসী তথা বিশ্ববাসীৰ হৃদয় আলোড়িত কৰিবলৈ শৰীৰী ৰূপত নাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকা। ৰূপহী অসমী আইৰ বুকু শুদা কৰি পৃথিৱীৰ মায়া এৰি তেওঁ চিৰদিনলৈ আঁতৰি যোৱাৰ পাঁচ বছৰ হওঁ হওঁ। তথাপি অগণিত গুণমুগ্ধৰ হৃদয়ত প্ৰতিটাে মুহুর্ততে মূৰ্তমান মৰমৰ, শ্রদ্ধাৰ ভূপেনদাৰ অৱস্থিতি। আজিও ভূপেনদাৰ অমৰ গীতে কৰে মন-প্রাণ। এতিয়াও সর্বস্তৰৰ জনগণৰ অনুপ্ৰৰণাৰ অমল উৎস-সুধাকণ্ঠৰ বহু কালজয়ী গীত। অসমবাসীৰ আৱেগ-গৰ্ব-অনুপ্ৰেৰণাৰ অন্য এক নাম ড° ভূপেন হাজৰিকা। এনে আৱেগ আৰু মৰম, শ্রদ্ধা লৈয়ে কাইলৈ অসমৰ জনগণে উদযাপন কৰিব অসম মাতৃৰ কেঁচাসোেণ ড° ভূপেন হাজৰিকাৰ ৯০ সংখ্যক ওপজা দিন। সুধাকণ্ঠৰ কায়িক অস্তিত্ব অবিহনে কাইলৈ পঞ্চমবাৰৰ বাবে ৰাজ্যৰ প্রান্তে প্রান্তে উদযাপিত হ’ব তেওঁৰ জন্ম দিৱস। সুধাকণ্ঠৰ অলেখ কালজয়ী গীতৰ মূৰ্ছনাই মুখৰ কৰিব অসমৰ আকাশ-বতাহী। ভূপেনদাক কেন্দ্ৰ কৰি হােৱা গুণমুগ্ধ জনগণৰ পাৰ ভঙা আৱেগৰ বন্যাই উদ্বেলিত কৰিব বুঢ়া লুইতৰ দুয়োপাৰ। শাৰি শাৰি বন্তিৰে উজলি উঠিব সুধাকণ্ঠৰ জালুকবাৰীৰ সমাধিথলী, দীঘলীপুখুৰীপাৰ, নিজৰাপাৰৰ ঘৰখনকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ ৰাজহুৱা স্থান অথবা বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ প্ৰাংগণ, উদযাপনথলী।
জীৱিত কালতে ক্ষণজন্ম মহাপুৰুষৰ জন্ম তিথিৰ দৰে উদযাপিত হৈছিল। সুধাকণ্ঠৰ ওপজা দিন। ভগৱানৰ দৰে বন্দিত হৈছিল অসমৰ সংগীতসূর্য। মহাপ্রয়াণৰ পিচত অৱধাৰিতভাৱে বৃদ্ধি পাইছে মৰম, শ্রদ্ধা আৰু আৱেগৰ প্ৰকাশ। সমান্তৰালভাৱে বৃদ্ধি পাইছে সুধাকণ্ঠৰ ওপজা দিন উদযাপনৰ আয়োজন। এইবেলিও ৰাজ্যৰ বিভিন্ন প্রান্তত বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠানৰ উদ্যোগত বর্ণাঢ্য কাৰ্যসূচীৰে সুধাকণ্ঠৰ ৯০ সংখ্যক জন্মদিন উদযাপনৰ আয়ােজন চলাৰ বাতৰি আহিছে। ৯০ সংখ্যক ওপজা দিনত বিশ্ববৰেণ্য শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি নিবেদন কৰিবলৈ এইবেলিও সদৌ অসম ছাত্র সন্থাই সন্দেী কামৰূপ জিলা ছাত্র সন্থা আৰু সন্দীে গুৱাহাটী ছাত্র সন্থাৰ সহযোগত উদ্দীপনা’ শীর্ষক এটি অনুষ্ঠানৰ আয়োজন কৰিছে। অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত একোখন মহাবিদ্যালয়, কেউখন বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহােৎসৱ আৰু গুৱাহাটী মহানগৰীৰ কেইবাখনো নির্বাচিত মহাবিদ্যালয়ৰ এই বছৰৰ শ্রেষ্ঠ কণ্ঠশিল্পীয়ে উদ্দীপনা’ অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ এটি গীতেৰে জন্মদিনত শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জনাব। গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা ড° ভূপেন হাজৰিকাৰ প্রতিমূর্তিৰ ওচৰত সন্ধিয়া ৬ বজাত এই উদ্দীপনা’ অনুষ্ঠান আৰম্ভ হ’ব। ইয়াৰ পূর্বে পুৱা ৯.৩০ বজাত সুধাকণ্ঠৰ প্ৰতিমূর্তিত শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰা হ’ব। এক বিবৃতিত এই কথা সদৰী কৰি ছাত্র সস্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে অনুষ্ঠানলৈ সকলোকে আমন্ত্রণ জনাইছে। কাইলৈ হ’বলগা এই অনুষ্ঠানৰ বাবে চলা আখৰাৰ আপাহতে আজি ভূপেনদাৰ বহু অমৰ গীতৰ মূৰ্ছনাৰে উথলি উঠে উজান বজাৰত থকা ছহিদ ন্যাসৰ পৰিবেশ। ভূপেনদাৰ জালুকবাৰীত থকা সমাধিথলীতো কাইলৈ কেইবাটাও সংগঠনে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে তেওঁৰ ৯০ সংখ্যক ওপজা দিন উদযাপন কৰিবলৈ লোৱাৰ বাতৰি আহিছে। অসম সাহিত্য সভাই কাইলৈ তিতাবৰৰ প্ৰাগজ্যোতিক শিক্ষানুষ্ঠানত দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশ্বৰত্ন ড° ভূপেন হাজৰিকাৰ ৯০ সংখ্যক জন্ম জয়ন্তী কেন্দ্রীয়ভাৱে উদযাপন কৰিব। এক বিবৃতিত সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক দেৱজিৎ বৰাই এই কথা সদৰী কৰি লগতে জনোৱামতে ব্যাপক উৎসাহ-উদ্দীপনাৰে আয়োজন কৰা এই অনুষ্ঠানৰ লগতে সভাই ড° সত্যেন্দ্রনাথ শৰ্মাৰ জন্ম শতবৰ্ষৰ এক শ্রদ্ধার্ঘ অনুষ্ঠানো আয়োজন কৰিছে। যোৰহাট জিলা সাহিত্য সভা আৰু প্ৰাগজ্যোতিকাৰ সহযোগত আয়োজিত এই অনুষ্ঠানত পুৱা স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰিব সভাৰ কেন্দ্রীয় কার্যালয়ৰ সহকাৰী সম্পাদক সমীৰণ বৰদলৈ আৰু বিশিষ্ট শিক্ষাবিদ অংশুমান শৰ্মাই। দুপৰায়ী ১১ বজাৰ পৰা প্রাগজ্যোতিক শিক্ষানুষ্ঠানৰ প্রেক্ষাগৃহত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰজিৎ কুমাৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাহিত্য সভাৰ প্রধান সম্পাদক তথা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৰমানন্দ ৰাজবংশী। সভাৰ ভাৰপ্ৰাপ্ত উপ-সভাপতি তথা দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড° পৰাগ কুমাৰ ঠাকুৰে উদ্বোধন কৰিব লগা মুকলি সভাত কবি দেৱপ্ৰসাদ তালুকদাৰ নির্দিষ্ট বক্তা, প্রাগজ্যোতিক শিক্ষানুষ্ঠানৰ সঞ্চালক আচুতিদীপ শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলিও বিবৃতিটােত জনােৱা হৈছে। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগতো কাইলৈ পুৱা ১১ বজাৰ পৰা ৰাজীৱ ভৱনত উদযাপিত হ’ব ড° ভূপেন হাজৰিকাৰ জন্মদিন। এক বিবৃতিত প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র অপূর্ব ভট্টাচার্যই জনােৱামতে ৰাজীৱ ভৱনত উদযাপিত অনুষ্ঠানৰ উপৰি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কাইলৈ জালুকবাৰীৰ সমাধিথলীলৈ গৈ প্রদেশ কংগ্ৰেছৰ হৈ সুধাকণ্ঠৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰিব। মুক্ত চিন্তা গোট আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণচুড়া গোটৰ উদ্যোগতো কাইলৈ কিছু ব্যতিক্রমী কাৰ্যসূচীৰে সুধাকণ্ঠৰ ওপজা দিন উদযাপন কৰিবলৈ লোৱা হৈছে। এই সন্দৰ্ভত প্রকাশিত এক বিবৃতিত মুক্ত চিন্তা গোটৰ হৈ গৌৰীশংকৰ ভূঞা আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৃষ্ণচুড়া গোটৰ হৈ অনিন্দিতা দাসে জনােৱা মতে বিক্ষুব্ধ বিশ্বকণ্ঠৰ প্রতীক হৈ অহােৰাত্রি সংগীতেৰে সংগ্রাম কৰা, সাম্যৰ সৰগ ৰচিব খোজা ভূপেনদাক জীয়াই ৰখাৰ প্রচেষ্টাৰে কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেমধৰ দত্ত সভাগৃহত বিয়লি ২-৩০ বজাৰ পৰা আয়োজন কৰা হৈছে নানাৰঙী অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট শিল্পী লোকনাথ গোস্বামী আৰু খ্যাতনামা নাট্যকাৰ নৰেন পাটগিৰী। বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলেও পৰিবেশন কৰিব ভূপেন হাজৰিকাৰ কিছুমান আপুৰুগীয়া গান আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। জনপ্রিয় কাটুনিষ্ট নিতুপর্ণ ৰাজবংশীয়ে ঠাইতে অংকন কৰিব এখন বিশেষ স্কেচ্ছ। তাৰ লগতে ভূপেন হাজৰিকাৰ গান সংগ্ৰহৰ বিনামূলীয়া বিতৰণ কাৰ্যসূচীও থাকিব বুলি বিবৃতিটােত জনোৱা হৈছে। ইফালে অনুষ্ঠান প্রস্তুতি কেন্দ্র (উত্তৰ-পূব) দূৰদৰ্শন, গুৱাহাটীয়ে কাইলৈ সুধাকণ্ঠৰ জন্মদিন উপলক্ষে নিশা ৮ বজাত আৰু ১১.৩০ বজাত ডি ডি নৰ্থ-ইষ্ট চেনেলযোগে এখন তথ্যচিত্র সম্প্রচাৰ কৰিব। পঞ্চাশ মিনিট দৈর্ঘ্যৰ ইংৰাজী ভাষাত নির্মিত এই তথ্যচিত্ৰখনত ড° ভূপেন হাজৰিকা পৰিচালিত বােলছবিকেইখনৰ কিছু আপুৰুগীয়া দৃশ্যাংশৱলীৰ সংযোজনাৰে সুধাকণ্ঠগৰাকীয়ে চলচ্চিত্ৰ জগতত বোলছবি পৰিচালক তথা সংগীত পৰিচালক হিচাপে আগবঢ়োৱা অনবদ্য অৱদানৰ বিৰল কিছু দিশ ভালেকেইগৰাকী নবীন-প্রবীণৰ আলোচনা-পর্যালোচনাৰে উন্মোচিত কৰা হৈছে। দূৰদৰ্শনৰ হৈ তথ্যচিত্ৰখন পৰিকল্পনা আৰু প্রযোজনা কৰিছে অনুষ্ঠান প্রস্তুতি কেন্দ্র (উত্তৰ-পূব) অনুষ্ঠানৰ কাৰ্যবাহী বিষয়া খনীন দাসে। সুধাকণ্ঠৰ ওপজা দিনটােক সুৱৰি একে দিনাই সদা বাহাৰ ভূপেনদা শীর্ষক আন এটি অনুষ্ঠান নিশা ৯ বজাত সম্প্রচাৰিত হ’ব। অনুষ্ঠান প্রস্তুতি কেন্দ্র (উত্তৰ-পূব) দূৰদৰ্শন, গুৱাহাটীৰ ষ্টুডিঅ’ৰ মজিয়াত সুধাকণ্ঠৰ সোঁৱৰণেৰে উপস্থিত গুণী-জ্ঞানীজনৰ মাত-কথাৰে আৰু সুৰ সংগীতেৰে অনুষ্ঠানটি উপভোগ্য কৰি তুলি প্রযোজনা কৰিছে বিভাগীয় অনুষ্ঠান কার্যবাহী বিষয়া কল্যাণ কুমাৰ বেজবৰুৱাই। তদুপৰি সুধাকণ্ঠৰ ওপজা দিনৰ ওপজা দিন উদযাপনৰ প্রাকসিন্ধ্যা আজি সন্ধিয়া ৭.৩০ বজাত ডি ডি নৰ্থ-ইষ্টত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীত পৰিবেশনৰ এটি অনুষ্ঠানত ৰাজ্যখনৰ ভালেকেইগৰাকী জনপ্রিয় সংগীত শিল্পীয়ে অংশগ্রহণ কৰে বুলিও এক বিবৃতিত জনোৱা হৈছে।
facebook
twitter
google+
fb share