মাজুলীৰ ইতিহাসঃআজিৰে পৰা মাজুলী অসমৰ ৩৫ সংখ্যক জিলা

ৱেব ডেস্ক, ৮ চেপ্টেম্বৰ, ২০১৬ঃ মাজুলী হ’ল অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ নৱগঠিত জিলা । ২৭ জুন ২০১৬ চনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীক জিলা ঘোষণা (আনুষ্ঠানিকভাৱে ৮ চেপ্তেম্বৰ, ২০১৬ তাৰিখে) কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ হ’ল । ইয়াৰ পূৰ্বে মাজুলী যোৰহাট জিলাৰ এটা মহকুমা আছিল । দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱনশিৰী নৈ লগ লাগি নদীদ্বীপটোৰ গঠন কৰিছে । অসমৰ ৰাজধানী গুৱাহাটীৰপৰা ই পূবে প্ৰায় ২০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

Image result for majuli map
মাজুলীয়ে দ্বীপৰ আকাৰ লোৱাৰ আগতেই দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখণ্ডক মজালি বা মাজালি বোলা হৈছিল । "মাজুলী" নামৰ উৎপত্তিৰ দিশৰ পৰা সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱে সন্ধি ভাঙি দেখুওৱাইছে যে "মা"+"জুলী"= মাজুলী ৷ য'ত "মা= মা লক্ষ্মী" আৰু "জুলী= জোলোঙা/ভৰাল" ৷ এসময়ত শস্যে- মৎস্যে নদন-বদন অৱস্থাৰ হোৱাৰ বাবেই মাজুলীক মা লক্ষ্মীৰ জোলোঙা বা ভঁৰাল বুলি অভিহিত কৰা যেন ধাৰণা হয় ৷ নকুল চন্দ্ৰ ভূঞাই বাৰ ভূঞাৰ চমু বুৰঞ্জীত স্বৰ্গদউ জয়ধ্বজ সিংহৰ দিনতেই উপদ্বীপ মাজুলীয়ে নদী দ্বীপৰ আকাৰ লয় বুলি উল্লেখ কৰিছে । ড০ জে পি ৱেডে অষ্টাদশ শতিকাতে মাজুলী শব্দটো ব্যৱহাৰ কৰিছিল । ইয়াৰ দীঘ ১৬০ আৰু প্ৰস্থ ৬০ ব্ৰিটিছ মাইল বুলিও ৱেডে উল্লেখ কৰি গৈছে। Gazetter of Bengal and North East India ৰ তথ্য মতে ১৯০১ খ্ৰীষ্টাব্দত মাজুলীৰ আয়তন আছিল ৪৮৫ বৰ্গমাইল।
মাজুলী ২৬° ৪৮′ ৰ পৰা ২৭° ১২′ উত্তৰ অক্ষাংশ আৰু ৯৩° ৩৯′ ৰ পৰা ৯৪° ৩৫′ দ্ৰাঘিমাংশত অৱিস্থত ৷ অসমৰ যোৰহাট জিলাৰ উত্তৰ দিশত মাজুলী অৱস্থিত । মাজুলীৰ সমতলভূমিৰ আকাৰ এটা হৰিতকি ফলৰ দৰে। এসময়ত মাজুলীৰ ভৌগোলিক মাটিকালি ১২৫০ বৰ্গ কিলোমিটাৰ আছিল যদিও ব্ৰহ্মপুত্ৰৰ খহনীয়াত এই মাজুলীৰ ভূখণ্ড সংকোচন হৈ ২০১২ চনত ৫০৮°১৩ বৰ্গ কিলোমিটাৰ হৈ পৰিছে ৷ ইয়াৰ উত্তৰ দিশত লখিমপুৰ জিলা আৰু ধেমাজি জিলা, দক্ষিণে যোৰহাট, পূবে শিৱসাগৰ জিলা আৰু পশ্চিমে গোলাঘাট জিলা আৰু শোণিতপুৰ জিলা ।
Image result for Institution at majuli
মাজুলীৰ বৰ্তমান জনসংখ্যা ১৪০,০০০৷ মাজুলীৰ জনগাথনি মিশ্ৰিত, ইয়াত বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰে ৷ মিছিং জনজাতিৰ সংখ্যাগৰিষ্ঠতা থাকিলেও যথেষ্ঠ সাধাৰন শ্ৰেণী, অনুসুচিত জাতি, সোণোৱাল কছাৰী আৰু দেউৰী সম্প্ৰদায়ৰ জনজাতিৰ লগতে আৰু কিছুসংখ্যক বঙালী হিন্দু আৰু নেপালী সম্প্ৰদায়ৰ লোকে বাস কৰে ৷
মাজুলীলৈ যোৰহাট আৰু লখিমপুৰ দুয়ো দিশৰ পৰা যাব পৰা যায় ৷ যোৰহাটৰ পৰা যাবৰ বাবে নগৰখনৰ উপকন্ঠৰ নিমাতী ঘাটৰ পৰা ফেৰীৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এক আমোদজনক যাত্ৰা কৰিব লগা হয় ৷ নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী, দক্ষিণপাট, চুমৈমাৰী, অফলামুখ, শালমৰা, ফুলনি (বগৰীগুৰি) আদি পাৰ ঘাটলৈ যাব পৰা যায় ৷ যাত্ৰীৰ উপৰিও লঘু যান-বাহন পাৰাপাৰ কৰাৰ ব্যৱস্থাও ফেৰী সমূহত আছে ৷ আন্যহাতে, লক্ষ্মীমপুৰৰ পৰা লুইত আৰু খাবলু নামৰ দুবাৰকৈ দুটা ঘাট পাৰ হ'ব লগা হয় ৷ লখিমপুৰৰ বিহপুৰীয়া হৈ মাজুলীলৈ যাব পৰা আন এটা বাট আছে। ই তুলনামুলকভাবে সুচল ।
নৱগঠিত জিলাখনৰ প্ৰতিজন নাগৰিকলৈ আমি শুভকামনা জনাইছোঁ ৷ ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ এই সিদ্ধান্তক ৷ লগতে আমি আশা/ কামনা কৰিছোঁ— ‘‘আজিৰ তাৰিখৰে পৰাই চৰকাৰখনে নৱগঠিত জিলাখনৰ প্ৰতি বিশেষ নজৰ দিয়ক ৷ কাৰণ- মাজুলী হ’ল গৰাখহনীয়া, বান, যাতায়তৰ অসূচল, ডাইনী (অন্ধবিশ্বাস) আদি এশ এবুৰি সমস্যাৰে আক্ৰান্ত এটি নদীদ্বীপ ৷ এই সমূহ সমস্যা আশু সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰি ভাৰতৰ একমাত্ৰ নদীদ্বীপ জিলাখন জয়-জয়কাৰ কৰি তুলিব ৷’’

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment