বজাৰত উপলব্ধ হ’ব আপং,লাউ পানী, সাজপানী;;ডিচেম্বৰ মাহৰ পৰা বিপণন প্রক্রিয়া আৰম্ভ হ’ব

ৱেব ডেস্ক, ৮ চেপ্টেম্বৰ, ২০১৬ঃ ৰাজ্যত পৰম্পৰাগত সুৰাৰ বাণিজ্যিকীকৰণ প্রক্রিয়া অহা ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব । বজাৰত উপলব্ধ হ’ব আপং, লাউ পানী, সাজপানী ইত্যাদি। আবকাৰী বিভাগে সেইবাবেই গঠন কৰিব কেইবাখনো গুৰুত্বপূর্ণ সমিতি।এই সমিতিত পৰম্পৰাগত সুৰা প্রস্তুত কৰা জনজাতি-জনগোষ্ঠীৰ অভিজ্ঞ প্রতিনিধি, আবকাৰী বিভাগৰ প্রতিনিধি, জিলা প্রশাসনৰ প্ৰতিনিধি তথা এই সম্পৰ্কীয় বিশেষজ্ঞ থাকিব। প্রথম অৱস্থাত জিলা পর্যােয়ত গঠন হােৱা সমিতিসমূহে বড়ো, পৰম্পৰাগত পানীয় প্রস্তুত কৰাৰ পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিব। তাৰ আৰু অধিক দিন সংৰক্ষণযোগ্য পানীয় প্রস্তুত কৰিব পৰা যায়, সেই সন্দৰ্ভত বিশেষজ্ঞসকলৰে আলোচনা কৰি প্ৰতিবেদন প্রস্তুত কৰিব। জিলা পর্যায়ৰ সমিতিসমূহে মূলতঃ এই পানীয়সমূহৰ গুণাগুণ অটুট ৰাখি কিদৰে স্বাস্থ্যসন্মত ৰূপত অধিকতম দিনলৈ সংৰক্ষণ কৰি ৰাখিব পৰা যায়, স্থানীয় ৰূপত এই পানীয়সমূহ উৎপাদনৰ বাবে কেনেধৰণৰ সামগ্ৰী-সঁজুলিৰ প্রয়োজন হ’ব তাৰ ওপৰত প্রতিবেদন দাখিল কৰিব । ৰাজ্যিক স্তৰৰ সমিতিখনে এই প্রতিবেদনৰ ভিত্তিত পৰম্পৰাগত সুৰাৰ বাণিজ্যিকীকৰণৰ দিশ, ইয়াৰ পেকেজিং আৰু মার্কেটিঙৰ সামগ্রিক দিশটো পর্যালোচনা কৰি,বাণিজ্যিকীকৰণ সন্দৰ্ভত এক সঠিক পৰিকল্পনা প্ৰস্তুতৰ কৰিব।এই সকলো দিশ সামৰি অহা ৩০ নৱেম্বৰৰ ভিতৰত চূড়ান্ত প্রতিবেদন প্রস্তুত কৰি উলিয়াব। অহা ডিচেম্বৰ মাহৰ পৰাই ৰাজ্যত পৰম্পৰাগত সুৰাৰ বিপণন প্রক্রিয়া আৰম্ভ হ’ব। পৰম্পৰাগত সুৰাৰ বাণিজ্যিকীকৰণ আৰু দেশীয় সুৰাৰ বিপণন পদ্ধতি সালসলনি কৰাৰ লগে লগে সুৰাৰ ব্যৱসায়ৰ জগতত কেনে পৰিৱর্তন আহি পৰে, সেয়া সময়েহে কব
বাতৰিৰ উৎসঃenews24ghanta

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment