_1.jpg)
ৱেব ডেস্ক, ২২ অক্টোবৰ, ২০১৬: হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্রাম সমিতিয়ে আজি গুৱাহাটীত গণ সমাৱেশ অনুষ্ঠিত কৰে৷ লক্ষীধৰ বৰা ক্ষেত্রত অনুষ্ঠিত কৰা সমাৱেশত বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহঁাই, উদয়াদিত্য ভৰালী, দীনেশ বৈশ্য, অসম সংগ্রামী মঞ্চৰ মনজিৎ মহন্ত, চি পি আই (এম-এল) ৰ বিবেক দাসৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কর্মীয়ে অংশগ্রহণ কৰে৷ গণ সমাৱেশত ভাষণ দি হীৰেন গোহঁায়ে কয়, ‘বাংলাদেশী হিন্দুক ভাৰতীয় নাগৰিকত্ব দিলে ভৱিষ্যতে ভোটৰ জৰিয়তে বহিৰাগত মানুহবোৰে চৰকাৰ গঠন কৰি থলুৱা মানুহৰ নাক-কাণ কাটিব, জন্মগত অধিকাৰ হৰণ কৰিব৷ এই সংকটৰ ক্ষণত আমাক সম্পূর্ণ বঞ্চিত কৰাৰ ষড়যন্ত্র ৰচনা কৰা হৈছে, ধর্ম আৰু ভাষাৰ ভিত্তিত পুনৰ দুর্বাদল কাজিয়াৰ সৃষ্টি কৰি ৰাজ্যৰ জনগণক অগ্নিকুণ্ডৰ মাজলৈ ঠেলি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷’ আজি জনসাধাৰণৰ সেই ৰায় ভৰিৰে ঠেলি দি শাসক গোষ্ঠীয়ে ৰাজ্যখনক পুনৰ অশান্তি, অস্থিৰতা, ৰক্তাক্ত সংঘর্ষৰ পিনে লৈ যাব খুজিছে৷’ উদয়াদিত্য ভৰালীয়ে কয়, ‘ বিজেপি চৰকাৰে জাতি- মাটি-ভেটি ৰক্ষাৰ নাম লে ভণ্ডামি কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ ষড়যন্ত্র যিকোনো প্রকাৰে প্রতিহত কৰিবই লাগিব৷’ দীনেশ বৈশ্যই কয় যে আজি দেশত গণতন্ত্র আৰু ধর্ম নিৰপেক্ষতাৰ প্রতি ভাবুকি আহিছে৷ অসম সংগ্রামী মঞ্চৰ সম্পাদক মনজিৎ মহন্তই সর্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মাক নৰেন্দ্র মোদীৰ পুতলা বুলি অভিহিত কৰে৷
facebook
twitter
google+
fb share