তিনিচুকীয়াত চুতীয়া সংগঠনৰ ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ


ৱেব ডেস্ক, ২২ অক্টোবৰ, ২০১৬: মৰাণ, মটক, চুতীয়া, তাই আহোম, চাহ জনগোষ্ঠী আৰু কোঁচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত আহবান জনোৱা অসম বন্ধৰ পাছতে আজি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্রদানৰ বাবে চৰকাৰে যি সংশোধনী বিধেয়ক প্রস্তুত কৰিছে সেই বিধেয়ক বাতিলৰ দাবীত সদৌ চুতীয়া জাতি সন্মিলন আৰু সদৌ অসম চুতীয়া ছাত্র সন্থাই ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ সংগঠন দুটাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত পূর্বে ঘোষণা কৰা অনুসৰি আজি দুপৰীয়া মাকুমত 37নং আৰু 38 নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে৷ কার্যসূচীত অংশ লোৱা প্রতিবাদকাৰীসকলে চুতীয়া জনগোষ্ঠীক শীঘ্রে জনজাতিৰ মর্যাদা প্রদান কৰিবলৈ দাবী জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্রে বাতিলৰ দাবী জনাইছে৷ প্রায় এঘণ্টা ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি প্রতিবাদকাৰীসকলে চৰকাৰ-বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদী কার্যসূচীত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি জ্যোতি প্রসাদ চুতীয়াই উপস্থিত থাকি জনজাতিকৰণৰ নামত কেন্দ্রীয় তথা ৰাজ্য উভয় চৰকাৰে কৰা বহুৱালি আৰু ভেঁকো-ভাওনা কোনো কাৰণতে আৰু সহ্য নকৰে বুলি স্পষ্ট কৰি দি কয় যে চৰকাৰ গঠন হ’লে জনজাতিকৰণ কৰা হ’ব বুলি কৰা ঘোষণা বিজেপি নেতৃত্বাধীন চৰকাৰে নির্দিষ্ট কৰি দিয়া সময়সীমাৰ ভিতৰত পালন কৰিবই লাগিব৷ অন্যথা ন্যায্য প্রাপ্তিৰ দাবীত জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলিও নেতাজনে সকীয়াই দিয়ে৷ উল্লেখযোগ্য যে চুতীয়া জনগোষ্ঠীয় সংগঠন দুটাই এলানি আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছিল৷ সেই অনুসৰি আজি উজনি অসমত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কার্যসূচী ৰূপায়ণ কৰাৰ লগতে অহা ২৫ অক্টোবৰত জিলা সদৰসমূহত অৱস্থান ধর্মঘট আৰু 8 নৱেম্বৰত গুৱাহাটীত অৱস্থান ধর্মঘটৰ কার্যসূচী ৰূপায়ণ কৰিব৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment