শ্ৰদ্ধাৰ অসমবাসী ৰাইজ,
সংগ্ৰামী অভিবাদন জনালো৷ আপোনালোকে নিশ্চয় জানে মই ৬ অক্টোবৰ, ২০১৬ তাৰিখৰপৰা লখিমপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছো৷ তাৰ পূৰ্বে গান্ধীবস্তিৰ কাৰ্যালয়ৰপৰা অৰ্থাৎ ২ অক্টোবৰৰপৰা মই হয় পুলিচৰ জিম্মাত বা নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বন্দী আছিলো৷ মই আগেতেও কেবাবাৰো জে’লত আছিলো৷ কিন্তু এইবাৰ জে’লত থাকি মই অস্থিৰ হৈ পৰিছো৷ মই কাৰাগাৰৰপৰা ওলাব খোজো আৰু পোনে পোনে আন্দোলনত জঁপিয়াই পৰিব খোজো৷ কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে অসমত বিদেশী হিন্দু বাঙালীসকলক জাপি দিয়া সিদ্ধান্তৰ বিৰুদ্ধে মই প্ৰতিবাদী আন্দোলনত যুক্ত হ’ব খোজো৷ জে’লৰ বাহিৰত অসমত আৰু দিল্লীত যিবোৰ ঘটি আছে সেইবোৰে মোক অস্থিৰ কৰি তুলিছে৷

ইয়াত টিভি চাব নোৱাৰি, কেৱল চৰকাৰী চেনেলটোৰ বাতৰিহে দেখো৷ গতিকে আপোনালোকৰ লগত, অসমবাসীৰ লগত মোৰ সম্পৰ্ক কেৱল বাতৰিকাকতৰ জৰিয়তে৷ অসমৰ বুদ্ধিজীৱী সমাজেও এই জাতিধ্বংসী চক্রান্তৰ বিৰুদ্ধে সঠিকভাৱে সকীয়াই দিছে৷ মই বিষয়টোৰ ওপৰত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰিছো৷ সংগঠনসমূহৰ বিবৃতি আৰু আন্দোলনসূচীও লক্ষ্য কৰি আছো৷ কিন্তু মই স্পষ্টকৈ কওঁ, সংগঠনসমূহৰ ভূমিকা অতি দুৰ্বল৷ এটা অতি সংকটৰ মুহূৰ্তত অসমবাসী উপনীত হৈছো৷ এফালেদি দীৰ্ঘদিনীয়া কুশাসন আৰু শোষণ-লুণ্ঠনৰপৰা মুক্তিৰ বাবে কংগ্ৰেছক ৰাইজে বিদায় দিছে আৰু ভাল দিনৰ আশাৰে বিজেপিক আঁকোৱালি লৈছে৷ আনফালে বিজেপিয়ে এই সুযোগ গ্ৰহণ কৰি এটাৰ পিছত আনটো জনগণবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি গৈছে৷ এফালেদি পুঁজিপতি-সাম্ৰাজ্যবাদীহঁতক দেশৰ সকলো খণ্ড, বজাৰ মুকলি কৰি দিছে, আনফালে দেশবাসীক ধৰ্মীয় কানি খুৱাই নিদ্ৰামগ্ন কৰাৰ চক্রান্ত কৰিছে৷ অসমৰ ক্ষেত্ৰতে চালে দেখা যায়, নিৰ্বাচনৰ পিছত ৰাজ্যৰ বিজেপি চৰকাৰখনে ভেট বৃদ্ধিৰ জৰিয়তে বস্তুৰ দাম বৃদ্ধি কৰিছে, তৈলখাদ নিলাম কৰিছে, প্ৰাদেশীকৰণ আইন বাতিলৰ ব্যৱস্থা কৰি বহু হাজাৰ শিক্ষকৰ চাকৰি খাইছে, হিন্দু বাংলাদেশীসকলক অসমত নাগৰিকত্ব প্ৰদানত আগভাগ লৈছে, মুঠতে সকলো ক্ষেত্ৰতে ৰাইজবিৰোধী সিদ্ধান্ত লৈছে৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ মুছলমান লোকৰ উচ্ছেদৰ জৰিয়তে ধৰ্মীয় সুৰসুৰণি দিছে৷ এই সময়ত এই পৰিৱৰ্তিত পৰিস্থিতিত জাতীয় সংগঠনসমূহে সঠিক জাতীয় অৱস্থান গ্ৰহণ কৰাত ব্যৰ্থ হৈছে৷ মাত্ৰ কেইদিনমান পূৰ্বে নিৰ্বাচনত সমৰ্থন কৰি এতিয়া মাত্ৰ চাৰি মাহতে বিৰোধিতা কৰে কেনেকৈ? তাতে নেতৃত্বত আছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা৷ দুয়োজনৰ লগতে অধিকসংখ্যক জাতীয় সংগঠনৰ নেতৃত্বৰ ব্যক্তিগত সুসম্পৰ্ক আছে৷ ফলত অতি ক্ষিপ্ৰতাৰে অসমবিৰোধী সিদ্ধান্ত লোৱা বিজেপি চৰকাৰখনৰ ওচৰত কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে সেই সংগঠনসমূহৰ নেতৃবৰ্গ৷ সেইবাবেই কৈছো, অসমৰ জাতীয় জীৱন এতিয়া অতিশয় সংকটত নিমজ্জিত৷ বিজেপি দেখদেখকৈ হিন্দু বাঙালী তোষণত ব্যস্ত৷ বিৰোধী দল হিচাপে কংগ্ৰেছেও কিন্তু ইয়াৰ সঠিক বিৰোধিতা কৰিব নোৱাৰে৷ কংগ্ৰেছে তৰুণ গগৈৰ মুখ্য মন্ত্ৰিত্বৰ কালত হিন্দু বাঙালীৰ নাগৰিকত্বৰ পক্ষত কেবিনেট সিদ্ধান্ত লৈ কেন্দ্ৰক দি থৈছে৷ সৰ্বভাৰতীয় কংগ্ৰেছৰ নেতৃত্ব হিন্দু বাঙালীক নাগৰিকত্ব দিয়াৰ পক্ষত৷ গতিকে কংগ্ৰেছৰ ভূমিকা কিছু পৰিমাণে অস্পষ্ট, বিমূৰ্ত আৰু ৰহস্যময় হৈ থাকিব৷ অসম গণ পৰিষদ এতিয়া ক্ষমতাৰ লালসাতে বন্দী৷ অগপ নেতৃত্বক আমি যেনেদৰে জানো, তেওঁলোকে অসমৰ পক্ষত শক্তিশালী ভূমিকা ল’ব নোৱাৰে এয়া তেওঁলোৰ শ্ৰেণী অৱস্থান৷ বি পি এফ আৰু এ আই ইউ ডি এফৰ ভূমিকাও লেখত ল’বলগীয়া নহয় বা নহ’ব, তেওঁলোকৰ সীমাবদ্ধতা আমি সকলোৱে জানো৷ মুঠতে ৰাজনৈতিক দলৰপৰা অসমবাসীয়ে এই কঠিন সময়ত কোনো সহায় নাপায়৷ তেওঁলোক আটায়ে কেৱল ভোট আৰু ক্ষমতাৰ অংকত বন্দী৷ কংগ্ৰেছে ইমানদিন প্ৰব্ৰজিত মুছলমানৰ ভোট বেংক সুৰক্ষাত ব্যস্ত আছিল, এতিয়া বিজেপিয়ে প্ৰব্ৰজিত বাঙালী হিন্দুৰ ভোট বেংক তৈয়াৰত নিমগ্ন৷ এই দুয়োটা দলৰ ভোট বেংকৰ বেদীত এতিয়া অসমীয়া জাতিৰ ভৱিষ্যৎ বিপদগ্ৰস্ত৷
হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ বিষয়টো কেৱল কংগ্ৰেছ আৰু বিজেপিৰ ভোট বেংকৰ দৃষ্টিৰে চালেই সম্পূৰ্ণ নহ’ব৷ ইয়াৰ লগত দীঘলীয়া অংক জড়িত হৈ আছে৷ স্বাধীনতাৰ পূৰ্বৰেপৰা আৰ এছ এছ বা সংঘ পৰিয়ালে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে তৈয়াৰত আত্মোৎসৰ্গা কৰি আহিছে৷ আৰ এছ এছৰ ‘হিন্দু ৰাষ্ট্ৰ’ কেৱল হিন্দু ৰাষ্ট্ৰ নহয়, তেওঁলোকৰ হিন্দু ৰাষ্ট্ৰ হ’ল হিন্দুত্বৰ ভেটিত প্ৰতিষ্ঠিত এখন পুঁজিবাদী ৰাষ্ট্ৰ, যাৰ এটা সাম্ৰাজ্যবাদী চৰিত্ৰও থাকিব৷ অৰ্থাৎ কাষৰ-পাঁজৰ সৰু-সৰু ৰাষ্ট্ৰবোৰক অৱদমন কৰাৰ লক্ষ্যও তাত আছে৷ ৰাষ্ট্ৰৰ গাঁথনি যদিও পুঁজিবাদী, হিন্দুত্বৰ উপৰিসৌধে ইয়াক অনবৰতে নিয়ন্ত্ৰণ কৰি থাকে৷ বাহিৰৰপৰা এই ৰাষ্ট্ৰৰ ৰূপ হিন্দুত্বৰ, ভিতৰৰপৰা পুঁজিবাদী, মুক্ত, উদাৰনৈতিক অৰ্থনীতিৰ ভাৰতবৰ্ষ নিৰ্মাণ তেওঁলোকৰ লক্ষ্য৷ (হিন্দুত্ব মানেও দলিত, জনজাতীয়, তথাকথিত নিম্নবৰ্গৰ আৰু দৰিদ্ৰৰ নহয়, বৰ্ণবাদী হিন্দুত্ব, উচ্চবৰ্ণৰ নিয়ন্ত্ৰণাধীন হিন্দুত্ব৷) বৰ্ণবাদী, মুক্ত বাণিজ্যৰ পুঁজিবাদী অৰ্থনীতিৰ ওচৰত তেওঁলোকৰ ঘোষিত স্বদেশী অৰ্থনীতি ইতিমধ্যে ধৰাশায়ী৷ এই মূল সাৰমৰ্মৰ লগত সংগতি ৰাখি বিজেপিয়ে অসমত তথা উত্তৰ-পূবত জনজাতীয় চৰিত্ৰৰ, দুৰ্বল-শিথিল ধৰ্মীয় অনুভূতিসম্পন্ন আৰু বহুধাবিভক্ত থলুৱাৰ প্ৰভুত্ব থকা সমাজখনক হিন্দুত্বৰ ঠাচত গবিৰ বাবেই বাঙালী হিন্দুসকলক নাগৰিকত্ব দিব খুজিছে৷ তাৰ বাবেই তেওঁলোকে ‘অসমীয়া বীৰ’ লাচিত বৰফুকন বা চিলাৰায়ক ‘হিন্দু বীৰ’ত পৰিণত কৰাৰ গভীৰ ষড়যন্ত্ৰৰে আগ বাছে৷ শংকৰদেৱৰ জন্মদিন নহয়, দুৰ্গা পূজাক প্ৰতিপত্তিশালী কৰি তুুলিব খুজিছে৷ অসমীয়া জাতিৰ স্বতন্ত্ৰ আৰু বৈশিষ্ট্যপূৰ্ণ সত্তাক মষিমূৰ কৰি সৰ্বভাৰতীয়ৰ অনুকৰণপ্ৰিয় জাতিৰূপে ৰূপ দিব খুজিছে৷ তেতিয়া খাৰুৱা তেল, কয়লা, চূণশিল, পানী, চাহপাত, বজাৰ লুণ্ঠনতো সহজ হ’ব, কেন্দ্ৰবিৰোধী এক ঐতিহাসিক জাতীয়তাবাদী শক্তিক বশীভূত কৰাটোও অনায়াসে হৈ উঠিব৷ হিন্দু বাঙালীক নাগৰিকত্ব দিলে অসমবাসী কেৱল সংখ্যালঘু হোৱাই নহয়, ভাষিকভাৱে নিশকটীয়া হোৱাই নহয়, ভাৰতত কেন্দ্ৰবিৰোধী এখন দীঘলীয়া আৰু শক্তিশালী সংগ্ৰাম চিৰকালৰ বাবে মুজুৰা পৰিব৷ অসমীয়া অসমতে আত্মদ্বন্দ্বত নিমজ্জিত হৈ পৰিব৷ নিজৰ ভিতৰত, অসমৰ ভিতৰত যুঁজি থকাটোৱেই তেতিয়া আমাৰ জাতীয় লক্ষ্য হৈ পৰিব৷
বিজেপিয়ে প্ৰচাৰ কৰিছে যে প্ৰব্ৰজনৰ ফলত অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে, মুছলমানৰ সংখ্যা বাছে আৰু ১৯৭১ চনৰ পিছত অসমলৈ অহা বিদেশী হিন্দু বাঙালীসকলক নাগৰিকত্ব দিলে অসমত হিন্দুসকল পুনৰ সংখ্যাগৰিষ্ঠ হৈ উঠিব৷ এনেকৈ অসমীয়া জাতি সংখ্যালঘু হোৱাৰপৰা বাচিব৷ এনেকৈ বিজেপিয়ে আমাৰ দীৰ্ঘদিনীয়া জাতীয় আকাংক্ষাক হিন্দুত্বৰ লক্ষ্যত সাঙুৰি দিব খুজিছে৷ প্ৰথম কথা, অসমীয়াই হিন্দু বাঙালী বিদেশীক লৈ নিজৰ মাতৃভূমিত সংখ্যাগুৰু হোৱাৰ সপোন কেতিয়াও দেখা নাই৷ বিদেশী খেদিহে নিজকে সদায় প্ৰভুত্বশালী ৰূপত থকাৰ কল্পনা কৰি আহিছে৷ এন আৰ চি প্ৰস্তুত কৰা সেইবাবে অসমৰ জাতীয় সপোন৷ কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে অবৈধ বিদেশীক খেদাৰ প্ৰতিশ্ৰুতিৰপৰা আঁতৰি কেৱল হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টিৰ ৰাজনীতক আমি কেতিয়াও মানি ল’ব নোৱাৰো৷ বিদেশীক খেদি, থলুৱাক সুৰক্ষিত কৰিহে আমি আমাৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিব পাৰিম আৰু তাকে বিচাৰো৷ দ্বিতীয়তে, থলুৱা অসমীয়াৰ বাবে সংসদ-বিধানসভা-পঞ্চায়তত আসন সংৰক্ষণ, চাকৰি-বাকৰি সংৰক্ষণ, ব্যৱসায়-বাণিজ্য সংৰক্ষণ, মাটি সংৰক্ষণৰ ব্যৱস্থা হ’ব লাগিব৷ তাকে নকৰি বিদেশী বাঙালী হিন্দুক নাগৰিকত্ব দি অসমীয়াক সংখ্যলঘু হোৱাৰপৰা বচোৱৰ প্ৰচাৰ অপপ্ৰচাৰৰ চূড়ান্ত ৰূপহে৷ তৃতীয়তে, অসমীয়া জাতি কোনোদিন সাম্প্ৰদায়িক নাছিল, এতিয়া বিজেপিয়ে আমাৰ জাতীয় চৰিত্ৰ সাম্প্ৰদায়িক কৰাৰ চক্রান্ত্ৰত লিপ্ত হৈছে৷
এইখিনিতে আমি সকলো স্পষ্ট হোৱা দৰকাৰ যে আমি বাঙালীবিৰোধী নহয়, আমি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ বিদেশৰপৰা প্ৰব্ৰজন ঘটা প্ৰব্ৰজনৰহে বিৰোধী৷ ১৯৭১ চনৰ পূৰ্বে বাংলাদেশৰপৰা (অৰ্থাৎ পূৰ্ব বংগৰপৰা) অহা সকলো বাঙালী লোকক আমি অসমীয়া বুলি গ্ৰহণ কৰিছো, নাগৰিকত্ব দিছো, চাকৰি-বাকৰি দিছো, ব্যৱসায়-বাণিজ্য দিছো, দিছো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰো অধিকাৰ৷ অসমীয়া জাতি ১৯৭১ চনৰ পৰৱৰ্তী হিন্দু-মুছলমান সকলো অনুপ্ৰৱেশৰ বিৰোধী৷ ই আমাৰ জাতীয় চেতনা৷ এতিয়া পূৰ্বতে নাগৰিক বুলি স্বীকৃতি দিয়া হিন্দু বাঙালী লোকে বিদেশীসকলৰ পক্ষ ল’লে থলুৱা অসমীয়াৰ লগত পুৰণি লোকসকলৰ সম্পৰ্কত ঘুণে ধৰিব৷ একাংশই আকৌ প্ৰচাৰ কৰিছে যে নতুনকৈ অহা ৫ লাখ হিন্দু বাংলাদেশীয়ে তিনি কোটি অসমীয়াৰ একো ক্ষতি নকৰে৷ ৫ লাখৰ কথা বাদেই দিয়ক, এজন বাংলাদেশী বিদেশীয়েও অসমীয়া জাতিৰ বিস্তৰ ক্ষতি কৰিব৷ আনহাতে ১৯৭১ চনৰ পিছত একাংশ সাম্প্ৰদায়িকে দাবী কৰাৰ দৰে অসমলৈ কেৱল ৫ লাখ হিন্দু বাঙালী বাংলাদেশৰপৰা অহা কথাটো একেবাৰে অসত্য৷ বাংলাদেশীত হিন্দুৰ সংখ্যা ১৯৭১ চনত ১৪ শতাংশ আছিল আৰু বৰ্তমান মুঠ জনসংখ্যৰ হিন্দুৰ হাৰ ৯.৬ শতাংশ৷ ১৯৭১ চনৰ পিছত বাংলাদেশত প্ৰায় ১ কোটি হিন্দু লোকৰ সংখ্যা কমিছে৷ এইসকল লোকে মূলতঃ পশ্চিমবংগ, ত্ৰিপুৰা আৰু অসমলৈ অনুপ্ৰৱেশ কৰিছে৷ গতিকে ১৯৭১ চনৰ পিছত অসমলৈ প্ৰৱেশ ঘটা হিন্দু বাঙালীৰ সংখ্যা যে ২০ লাখৰ কম নহ’ব আমি নিশ্চিত৷ ২০১৪ চনৰ ২০ অক্টোবৰৰপৰা আমি সমগ্ৰ নামনি অসমত পদযাত্ৰা কৰিছিলো৷ খোজকা িফুৰোঁতে আমি অনেক এনে অবৈধ বাঙালী হিন্দুৰ গাঁৱত প্ৰৱেশ কৰিছিলো, যিসকলে ১৯৭১ চনৰ পিছত অসমলৈ অহা বুলি ঘোষণা কৰিছিল৷
২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩ কোটি ১৮ লাখ৷ ২০০১ চনৰ লোকপিয়লৰ ভাষিক তথ্য অনুসৰি অসমত অসমীয়াভাষী লোক ৪৯.৪৪ শতাংশ আৰু বাংলাভাষী লোক ২৭.৯১ শতাংশ৷ ২০১১ চনৰ তথ্যত অসমীয়াভাষীৰ সংখ্যা হ্ৰাস পোৱাটো নিশ্চিত৷ এতিয়া নতুনকৈ ২০ লাখ বাংলাভাষী যোগ হ’লে বাংলাভাষীৰ এই হাৰ কিমান বাবি ৰাইজে নিজে হিচাপ কৰি চাওক৷ আটাইতকৈ ডাঙৰ কথা ভাৰতৰ লোকসভাত উত্থাপন কৰা ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ আইনত পৰিণত হ’লে বৰ্তমান থকা ২০ লাখ বাঙালী হিন্দুৱেই অসমত নাগৰিক নহ’ব, লগতে বাংলাদেশত থকা অৱশিষ্ট সকলো বাঙালী হিন্দুৰ ভাৰত তথা অসমলৈ অহাৰ বাট সুগম হৈ পৰিব৷ আইনখনৰ সংশোধনী অনুসৰি বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ হিন্দু, শিখ আদি ধৰ্মাৱলম্বীৰ লোকসকলে যিকোনো অবৈধ উপায়ে ভাৰতত প্ৰৱেশ কৰিলেও অনুপ্ৰৱেশকাৰীৰূপে গণ্য নহ’ব আৰু ৬ বছৰ (অবৈধভাৱে) বসবাস কৰাৰ পিছত ভাৰতৰ নাগৰিকত্ব লাভ কৰিব৷ অৰ্থাৎ ২০১৫ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বাংলাদেশত থকা অৱশিষ্ট ১ কোটি ৭০ লাখ হিন্দু বাঙালী লোকে অনায়াসে অসম (ভাৰত)লৈ অহাৰ পথ খোলা থাকিব৷ ইয়াৰে এক কোটি হিন্দু বাঙালী বাংলাদেশী নাগৰিকে বা সমুদায় নাগৰিক যদি অসমলৈ আহি নাগৰিকত্ব লয়, তেন্তে অসমৰ বৰ্তমানৰ জনসংখ্যাতকৈ তেওঁলোকৰ সংখ্যা বৃদ্ধি নাপাবনে? এনে এটা ভয়ংকৰ সিদ্ধান্ত আমি মানি লওঁ কেনেকৈ? কেন্দ্ৰ তথা অসমৰ বিজেপি চৰকাৰৰ এনে ভয়ংকৰ সিদ্ধান্তই অসমক চিৰস্থায়ী গৃহযুদ্ধৰ ফালে ঠেলি নিদিবনে? হয়তো অদূৰ ভৱিষ্যতে ভাষাৰ ভিত্তিত অসম পুনৰ দুভাগ হ’ব৷ সচেতন থলুৱা অসমীয়াই কাৰ্যতঃ ৰাজনৈতিক, অৰ্থনৈতিক, ভাষিক, ভূমিৰ অধিকাৰ হেৰুৱাই নিজৰ ৰাজ্যতে ভগনীয়া নহ’বনে?
অখিল গগৈ
কৃষক মুক্তি সংগ্ৰাম সমিতি
facebook
twitter
google+
fb share