বদৰুদ্দিন আজমল আৰু লখিমপুৰ সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই দিশপুৰৰ বিধায়ক আবাসত ২৯ অক্টোবৰৰ দুপৰীয়া এক গোপন বৈঠকত মিলিত হোৱাৰ বাতৰিটো এতিয়া আৰু গোপন হৈ থকা নাই। লখিমপুৰ সংসদীয় সমষ্টিৰ নিৰ্বাচনৰ পূৰ্বে এই ঘটনা ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ। প্ৰদান বৰুৱাই এই বৈঠকক সৌজন্যমূলক সাক্ষাৎ বুলি টি ভিৰ সন্মুখত ব্যক্ত কৰিছে। আমাৰ তাত আপত্তি কৰিবলৈ একো নাই। কিন্তু প্ৰশ্ন হয়, ১৫ বছৰ বিধায়ক হৈ থকা সময়ত বদৰুদ্দিন অজমলক কোনো দিনে সৌজন্য সাক্ষাত প্ৰদান বৰুৱাই কৰাৰ এটাও নজিৰ আছেনে? নাই। তেনেস্থলত লখিমপুৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী হৈয়ে এই সৌজন্য সাক্ষাতৰ প্ৰয়োজন হল কিয়? তদুপৰি, প্ৰদান বৰুৱা এনে এটা দলৰ প্ৰাৰ্থী যি দলৰ নেতা বিশেষকৈ প্ৰদান বৰুৱাৰ গুৰুজনাই ধাৰাবাহিক ভাবে কৈ আহিছে যে অজমলক বিধান সভাৰ তিনি কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰিব দিয়া নহব। সেইজন বদৰক বিধান সভা চৌহদত গোপনে লগ কৰিব লগা হল এজন বিজেপি প্ৰাৰ্থীয়ে! তাকো সেইজন মানুহক, যাক উগ্ৰ হিন্দুত্বৰ উন্মাদনা বিয়পাই ৰাজনীতিৰ মৌ খোৱা নেতা সকলে যাক মুছলমান আইকন বুলি প্ৰতিষ্ঠা কৰিব বিচাৰে। যদিও ৯৯% মুছলমান বিশিষ্ট সমষ্টিৰ ভোটাৰে তেওঁক হেৰুৱাই দিয়ে ১৭০০০ ভোটৰ ব্যৱধানত। মুছলমান সকলৰ মাজত ক্ৰমে অপ্ৰাসংগীক হৈ পৰা বদৰুদ্দিন আজমলক আচলতে কাৰ প্ৰয়োজন? প্ৰদান বৰুৱাৰ কার্যই আমাক বুজাই দিছে। এতিয়া লখিমপুৰ সমষ্টিৰ ৰাইজে বিজেপি নেতা সকলৰ পৰা মুকলি কৈ আদায় কৰক ইয়াৰ উত্তৰ। মুখ পিন্ধা এই সাম্প্ৰদায়িক নেতা সকলৰ মুখা খুলিব পাৰিবনে লখিমপুৰ সমষ্টিৰ ৰাইজে? নহলে যে এই মুখা পিন্ধা নেতা সকলে আমাক ধর্ম-বৰ্ণৰ নামত যুগে যুগে বিভাজিত কৰি ধ্বংস কৰিব অসমৰ জাতীয় সত্বা।
লেখক : জমশ্বেৰ আলি
সভাপতি, বিটিএডি নাগৰিক অধিকাৰ মঞ্চ।।
-
Blogger Comment
-
Facebook Comment
Subscribe to:
Post Comments
(
Atom
)
0 comments :
Post a Comment