খাৰুপেটীয়া, ১৬ নৱেম্বৰঃ
খাৰুপেটীয়া মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰ একতা সভাৰ নিৰ্ব্বাচনী ফলাফলৰ বিজয় মিছিলত খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই যি অমানৱীয় কান্ড কৰি ছাত্ৰ-ছাত্ৰীক আঘাত-অপমান কৰিলে আৰু আৰক্ষীয়ে মনে সজা ধৰণে ছাত্ৰৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যহাৰ কৰাৰ দাবীত আজি খাৰুপেটীয়া মহাবিদ্যালয়ত ২০১৫-২০১৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনিৰ্দিষ্ট কাললৈ আজিৰ পৰা শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰা হয়।
উল্লেখ্য যে মহাবিদ্যালয়খনৰ ছাত্ৰ একতাসভাৰ নিৰ্বাচনত বিজয়ী হোৱা প্ৰাৰ্থীকলৈ সমদল কৰি অহা ছাত্ৰ-ছাত্ৰীসকলে আৰক্ষীৰ পৰা আগতীয়াকৈ অনুমতি নোলোৱা কাৰ্যক লৈ কেইদিনমান পূৰ্বে ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষীৰ মাজত ৰাজপথতেই তৰ্কা-তৰ্কি হয় আৰু আৰক্ষীয়ে আক্ৰোশমূলক ভাবে ছাত্ৰ-ছাত্ৰীসকললৈ গুলি চালনা কৰি কেইবাগৰাকী শিক্ষাৰ্থীক গুৰুতৰ ভাবে আহত কৰে৷ ইয়াৰ প্ৰতিবাদত কালি আমছুৱে পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে আজি ছাত্ৰ একতা সভাই এই শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী লোৱা ঘটনাই আৰক্ষীৰ মইমতালিৰ ছবি স্পষ্ট ৰূপত ধৰা পৰিছে৷ আৰক্ষীৰ এনে হিটলাৰী কাৰ্যকলাপক সচেতন মহলে একমুখে ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে৷
প্ৰতিবাদকাৰীসকলে উত্থাপন কৰা দাবীসমূহঃ-
১) খাৰুপেটীয়া থানাৰ ভাৰপাপ্ত বিষয়া চন্দন গোস্বামীক গ্ৰেপ্তাৰ আৰু নিলম্বন কৰাৰ পাছত ঘটনাটোৰ সঠিক তদন্ত কৰিব লাগে ।
২) খাৰুপেটীয়া থানাৰ ভাৰপাপ্ত বিষয়া চন্দন গোস্বামীয়ে মনে সজা ধৰণে ছাত্ৰৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ বিনাচৰ্তে প্ৰত্যাহাৰ কৰিব লাগে ।
ইফালে ছাত্ৰ একতা সভাৰ দাবীসমূহৰ প্ৰতি সমৰ্থন জনাইছে আমছু, এইডিএছএফ আৰু এনএছইউআই য়ে৷
facebook
twitter
google+
fb share