>> APSCৰ অধ্যক্ষ ৰাকেশ পালক গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীৰ হাতত পৰিছে ন ন তথ্য। APSCৰ কেলেংকাৰীত ৰাকেশ পালৰ ভাতৃও জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ভঙাগড়ৰ এটা ধৰ্মীয় অনুষ্ঠানত ঘাটী আছিল পাল ভাতৃৰ। সেই স্থানত APSCৰ কেলেংকাৰীৰ উত্স থকাৰ সন্দেহ কৰি আৰক্ষীয়ে তদন্ত চলাব।
–––––––––––––––––
ৰাকেশ পালৰ পিছত অভিযোগ উঠিছে APSCৰ সদস্য ছামেদুৰ ৰহমানৰ বিৰুদ্ধে। APSCত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক বঞ্চিত কৰি চাকৰি দিছে আমীৰ আলী নামৰ এজনক। ১২ লাখ টকা লৈ APSCত চাকৰি দিছিল বৰপেটাৰ আমীৰ আলীক এই অভিযোগ তুলিছে দিলোৱাৰ হুছেইন নামৰ যুৱকজনে।
>> গুৱাহাটীৰ পল্টনবজাৰত বিধ্বংসী অগ্নিকাণ্ড। পল্টনবজাৰৰ মণিপুৰী বস্তিত অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত। অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও পাইপ নোহোৱাকৈ অহাৰ বাবে স্থানীয় ৰাইজে কাষৰ এখন হোটেলৰ পৰা পানী আনি জুই নুমুৱাবলৈ সক্ষম হয়।
---------------
>> কৰিমগঞ্জৰ চুৰাইবাড়ীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে বহু পৰিমাণৰ ফেঞ্চীডাইল। এখন ট্ৰাকৰ পৰা জব্দ কৰে ফেঞ্চীডাইলখিনি। গুৱাহাটীৰ পৰা আগৰতলাগামী অভিমুখে গৈ থাকোঁতেই ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা ফেঞ্চীডাইলখিনিৰ মূল্য প্ৰায় ১২ লাখ টকা বুলি জানিব পৰা গৈছে।
-----------------
>> নগাঁৱৰ কলিয়াবৰৰ ন-সত্ৰত সংঘটিত হয় পথ দুৰ্ঘটনা। তীব্ৰবেগী বাছৰ খুন্দাত থিতাতে প্ৰাণ গ’ল ২ বাইক আৰোহীৰ। নিহত অংকুৰ বৰদলৈ আৰু পলাশ বৰদলৈ।
-----------
>> অৰুণাচলৰ নামপুঙত গ্ৰেপ্তাৰ হ’ল আলফা (স্বাধীন)ৰ নতুন সদস্য। অসম আৰু অৰুণাচল আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰে আলফা (স্বাধীন)ৰ সদস্যজনক। আলফা সদস্যজনৰ নাম লামৱান মাইটাই।
--------------------
>> নগাঁৱৰ কঠিয়াতলীৰ জুমুৰমূৰত উদ্ধাৰ হয় এগৰাকীৰ বয়োবৃদ্ধাৰ মৃতদেহ। এটা পুখুৰীত উদ্ধাৰ হয় মৃতদেহটো। মৃত বয়োবৃদ্ধাগৰাকী বন্তি ৰাভা। ঘৰলৈ উভতাৰ পথতেই পুখুৰীত পৰি মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।
>> আজি বিশেষ আদালতলৈ হাজিৰ কৰা হ’ব APSCৰ অধ্যক্ষ ৰাকেশ পালক। ১৪ দিনৰ জিম্মাত বিচাৰিব ডিব্ৰুগড় আৰক্ষীয়ে। দিনৰ ২ বজাত আদালতত হাজিৰ কৰোৱাব ৰাকেশ পালক।
---------------
0 comments :
Post a Comment