বৰপেটাৰোড¸ ৩০ ডিচেম্বৰঃ
আজি দুপৰীয়া প্ৰায় ১২.৪৫ বজাত বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত ছলিকন্দাত ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ বিদ্যুৎ সংযোগ কৰিবলৈ গৈ এজন লোকৰ কৰুণ মৃত্যু হয়। পুৰণি খুটিত থকা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাৰৰ পৰা বুনমাজা পাথাৰলৈ নতুন সংযোগ দিয়াৰ বাবে বুনমাজাৰ গাওঁৰ আব্দুল হামিদৰ পুত্ৰ আমিনুল ইছলাম(২০) নামৰ যুৱকজনে চেষ্টা কৰে। বৰপেটাৰোড বিদ্যুৎ উপসংমলৰ পৰা আগতীয়া জাননিৰ ভিত্তিত নতুন সংযোগ প্ৰদানৰ কাম কৰি থকা হৈছিল বুলি প্ৰাথমিক পৰ্যায়ত জানিব পৰা গৈছে। তাৰ পিছতো বিভাগৰ একাংশ কৰ্মচাৰিৰ চূড়ান্ত গাফিলতিৰ ফলত আগতীয়াকৈ কৰ্তন কৰা বিদ্যুতৰ সংযোগ প্ৰদান কৰাত কৰ্মৰত যুৱকজন বিদ্যুৎপৃষ্ঠ হৈ গুৰুতৰ ভাবে আহত হয়। বিদ্যুৎপৃষ্ঠ হৈ খুটিৰ ওপৰৰ পৰা পৰি যোৱা যুৱকজনক ততাতৈয়াকৈ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ পঠিওৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে গুৱাহাটীলৈ নিয়াৰ পথত যুৱকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিদ্যুৎ বিভাগৰ এনে দায়িত্বজ্ঞানহীন কাৰ্যৰ বাবে যুৱকৰ মৃত্যু হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আমছুৱে। আমছুৰ বাক্সা জিলা সমিতিৰ উপসভাপতি আলালা উদ্দিনে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নিহত যুৱকজনৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে দাবী জনোৱাৰ লগতে এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰে।
0 comments :
Post a Comment