সদৌ অসম আদীবাসী ছাত্ৰ সন্থা আছাৰ কেন্দ্ৰীয় সমিতিয়ে আদিবাসী জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৬ নভেম্বৰৰ পৰা আৰম্ভ কৰিছে সদিয়াৰ পৰা ধুবুৰীলৈ এক বিশাল পদযাত্ৰা। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ৬৯ বছৰ পাৰ হোৱাৰ পিচতো অসমৰ আদীবাসী সকল সকলো দিশতে পিচপৰা, অৱহেলিত, নিষ্পেষিত তথা বঞ্চিত হ’বলগীয়া হৈছে। সেয়ে আদিবাসীসকলক অসমৰ অন্যান্য জনগোষ্ঠীৰ লগতে সমান্তৰালকৈ উন্নতিৰ পথত আগবাঢ়িবলৈ কেবাটাও মূল দাবী উত্থাপন কৰিছে আছাই ।
পদয়াত্ৰাৰ জৰিয়তে উত্থাপন কৰা দাবী সমুহ :
১। আদিবাসী সকলক জনজাতিকৰণ কৰা,
২। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান নকৰাকৈ বিদেশীমুক্ত অসম গঢ়া,
৩। চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰী ৩৩০ টকা কৰা,
৪। চাহ বাগিছাৰ শ্ৰম আইন সংশোধন কৰি সম্পুৰ্ণ ৰূপে প্ৰযোজ্য কৰা,
৫। সীমান্ত আৰু বনাঞ্চলত বসবাস কৰা আদিবাসী লোকৰ সমস্যাসমুহ সমাধান কৰা ,
৬। অসম চাহ নিগমৰ অধিনৰ বাগিছা সমুহ পুনৰুজ্জিৱিত কৰা,
৭। অসমৰ চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয় সমুহত প্ৰশিক্ষনপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়াৰ লগতে চাহ বাগিছা সমুহ আৰু আদিবাসী অধ্যুষিত অঞ্চলত হাইস্কুল, হায়াৰ ছেকণ্ডাৰী, কলেজ তথা কাৰিকৰী শিক্ষানুষ্ঠানসমূহ স্থাপন কৰা,
৮। আদিবাসীসকলক মাটীৰ ম্যাদী পট্টা প্ৰদান কৰা,
৯। চাহ শ্ৰমিক মহিলা সকলক গৰ্ভৱৰ্তী অৱস্থাত উন্নত চিকিৎসা প্ৰদানৰ লগতে গৰ্ভৱতী মহিলাক বেতনসহ ছমাহৰ ছুটী মঞ্জুৰি দিয়া,
১০। আদিবাসী ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে উচিত ছাত্ৰবৃত্তিৰ ব্যৱস্থা কৰা আৰু
১২। চাহ বাগিছা সমুহত উন্নত মানৰ চিকিৎসালয় স্থাপন আৰু বিশুদ্ধ খোৱাপানীৰ যোগানৰ ব্যৱস্থা কৰা ।
আছাই জন্মলগ্নৰে পৰা জনগোষ্ঠীটোক জনজাতিকৰণৰ বাবে দাবী জনাই আহিছিল যদিও আজিলৈ কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে কোনো ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰা নাই। বৰঞ্চ নিজৰ অধিকাৰ বিচাৰি আন্দোলন কৰিবলৈ যোৱা আদিবাসীসকলক চৰকাৰী ষঢ়যন্ত্ৰৰে নিৰ্যাতন কৰাৰ লগতে আজীৱন ঘুনিয়া কৰাৰো উদাহৰণ আছে। যোৱা বছৰসমুহত শাসনত থকা সকলো দল-সংগঠনেই প্ৰৱঞ্চনা কৰি আহিছে। একে দৰে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰেও লোকসভা আৰু বিধান সভা নিৰ্বাচনৰ পুৰ্বে আদিবাসীসকলক জনজাতিকৰণৰ কথা কৈছিল যদিও চৰকাৰত বহাৰ লগে লগেই জনজাতিকৰণ বিষয়টো লৈ ছল-চাতুৰী আৰম্ভ কৰিছে। বৰঞ্চ যি সময়ত ২০ লাখ হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব দিয়াৰ প্ৰচেষ্টা চলাইছে ঠিক তেনে সময়তে বনাঞ্চল ৰক্ষা কৰি বসবাস কৰা আদিবাসী লোকসকলক বাৰে বাৰে উচ্ছেদ কৰা পৰিলক্ষিত হৈছে । ভূমিপুত্ৰক উচ্ছেদ কৰি এই চৰকাৰখনে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ পক্ষপাতি কৰাহে পৰিলক্ষিত হৈছে। আছাৰ নেতৃত্বত সেয়ে যোৱা ৬ নভেম্বৰৰ পৰা ধুবুৰীৰ পৰা এই পদযাত্ৰাৰ আৰম্ভ কৰিছে। আজি চিৰাং জিলাৰ বিজনীত নিশা অতিবাহিত কৰি কাইলৈ বাক্সা, বৰপেটা হৈ অসমৰ অইন জিলালৈ পদযাত্ৰা চলিব। এই পদযাত্ৰাৰ নেতৃত্ব দিছে আছাৰ সভাপতি ষ্টিফেন লাকড়া নিজেই। আজি চিৰাং জিলাত প্ৰৱেশ কৰা পদযাত্ৰাত ২০ জনীয়া এই পদযাত্ৰাৰ দলটো জিলাখনৰ সুন্দৰিস্থিত আছাৰ চিৰাং জিলা কাৰ্য্যালয়ত জিৰণি লৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে আৰু পিচলৈ বিজনীমুখে যাত্ৰা কৰে।
facebook
twitter
google+
fb share