
গহপুৰ, ৭ ডিচেম্বৰ:
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ মুক্তি যোদ্ধা গহপুৰ মহকুমাৰ অন্তর্গত বৰঙাবাৰীৰ থুলেশ্বৰ ৰাজখোৱাই সোমবাৰে বিয়লি বৰগাঙৰ কেথলিক মিছন হস্পিটেলত বাৰ্ধক্য জনিত কাৰণত মৃত্যুক সাবটি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ সৈতে গহপুৰ থানাত ব্ৰিটিছৰ পতাকা ওফৰাই ভাৰতীয় জাতীয় পতাকা উৰুৱাবলৈ গৈ ব্ৰিটিছ পুলিচৰ গুলীত কপালত গুলীবিদ্ধ হৈছিল মুক্তি যোদ্ধা গৰাকী। প্ৰবীণ মুক্তি যোদ্ধা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বৰঙাবাৰী অঞ্চলবাসীৰ লগতে গহপুৰবাসী ৰাইজে। গহপুৰৰ আগশাৰী শিক্ষানুষ্ঠান মৰ্ণিং ষ্টাৰ হাইস্কুলে মুক্তি যোদ্ধা গৰাকীৰ স্মৃতিত বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত কৰে বিশেষ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। মৰ্ণিং ষ্টাৰ হাইস্কুলৰ স্বত্বাধিকাৰী যাদৱ চলিহাই যোদ্ধা গৰাকীৰ জীৱনাদৰ্শৰ বিষয়ে আলোকপাত কৰে। মুক্তি যোদ্ধা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে গহপুৰ বৰঙাবাৰীৰ যুৱক তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞা, গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, গহপুৰ জিলা সাংবাদিক সন্থা, শোণিতপুৰ জিলা সাংবাদিক সন্থা, আপকু গহপুৰ মহকুমা সমিতি, লাইভ গহপুৰ, গহপুৰ মহকুমা প্ৰেছ গীল্ড, সুৰভি সাহিত্য সমাজ, গহপুৰ কবি কানন, মানৱ অধিকাৰ সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতি, গহপুৰ আটছা, গহপুৰ এজেৱাইচিপি, গহপুৰ টাইপাৰ লগতে বিভিন্ন দল-সংগঠনে
facebook
twitter
google+
fb share