বৰপেটাৰোড, ১১ জানুৱাৰী, ২০১৭ ঃ

নামনি অসমৰ অন্যতম বনিজ নগৰী বৰপেটাৰোডত পানীৰ দৰত বিক্ৰী হৈ আছে শাক-পাচলি৷ উত্পাদিত শাক-পাচলিৰ উপযুক্ত বজাৰ মূল্য নাপাই ঠেলাই ঠেলাই তিঁয়হ পেলাই দিবলৈ বাধ্য হৈছে খেতিয়কসকলে৷ উল্লেখ্য যে বিগত প্ৰায় এক দশকৰ পৰা বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰত শীতলীভৱন নিৰ্মানৰ প্ৰবল দাবী উত্থাপিত হৈ আহিছে যদিও ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে একেৰাহে দুবাৰকৈ বিধায়ক হোৱাৰ পিছতো কৃষক ৰাইজৰ দুখ-দুৰ্দশাৰ অৱসান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ তেওঁ এইবেলি অসম বিধানসভাৰ অধ্যক্ষ হোৱাৰ পিছত বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰিছে যদিও সৰ্বসাধাৰণ ৰাইজৰ হকে কাম কৰিবলৈ সময় পোৱা নাই বুলি বিভিন্ন দল-সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে৷
বৰপেটাৰোডৰ কৃষকৰ উত্পাদিত সামগ্ৰীসমূহ ইতিপূৰ্বে চৰকাৰী ভাবে ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল যদিও সেই প্ৰতিশ্ৰুতিও পাহৰিলে বিয়াগোম বিভাগে৷ গুৱাহাটী মহানগৰত ৰাজ্য চৰকাৰে কোটি কোটি টকা ব্যায় কৰি কৃষি মেলা পাতি চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিছে যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৃষকৰ অৱস্থাৰ পৰিৱৰ্তন কৰাত ব্যৰ্থ হৈছে পৰিৱৰ্তনৰ শ্ল’গানলৈ ক্ষমতাৰ গাধী দখল কৰা সৰ্বা চৰকাৰে৷
0 comments :
Post a Comment