ঐতিহাসিক কাৰেংঘৰৰ মূধচত উঠি হিন্দুত্বৰ শ্ল’গান দিলে আৰএছএছেঃ বিপদাপন্ন অসমীয়াৰ স্বাভিমান

ৱেব ডেস্ক, ২৭ ডিচেম্বৰ, ২০১৬ঃ
ছশবছৰীয়া আহােম ৰাজত্বকালৰ সোণালী স্বাক্ষৰ বহনকাৰী অসমীয়াৰ স্বাভিমানৰ প্রতীক গড়গাঁৱৰ ঐতিহাসিক কাৰেংঘৰত প্রৱেশ কৰি উগ্র হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ কেইবাশ কৰ্মীয়ে ভাৰত মাতাৰ শ্ল’গান দিয়াৰ সমান্তৰালকৈ সাম্প্রদায়িক শ্ল’গান দিয়াক লৈ সমগ্ৰ অসমত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। 

শিৱসাগৰৰ টাই আহােম জনগোষ্ঠীয় দল-সংগঠন আৰু ব্যক্তিৰ মাজত এই প্রতিক্রিয়াৰ বহিঃপ্রকাশ ঘটা পৰিলক্ষিত হৈছে। টাই আহােম জনগোষ্ঠীয় লোকসকলৰ অভিযোগ অনুসৰি আৰ এছ এছৰ কেইবাশ নেতা-কর্মীয়ে খাকী হাফপেন্ট পৰিধান কৰি ঐতিহাসিক কাৰেংঘৰত প্রৱেশ কৰে। অতি দৃষ্টিকটুভাৱে সাম্প্রদায়িক সংগঠনটােৰ কৰ্মীসকলে কাৰেংঘৰটােৰ শীৰ্ষস্থানৰ পৰা আৰম্ভ কৰি কেউটা মহলত শাৰী পাতি থিয় হােৱাৰ লগতে মাটিৰ সমান্তৰালকৈ থকা মহলটােৰ সন্মুখতো থিয় হৈ ভাৰত মাতা কি জয় শ্ল’গান দিয়ে। তদুপৰি হিন্দু হিন্দু ভাই ভাই আদি শ্ল’গানেৰে কাৰেংঘৰৰ শীৰ্ষ স্থানত ধ্বজা উৰুৱায়। সংগঠনটােৰ একাংশ নেতা-কর্মীয়ে আহােম জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমীয়াই পবিত্র স্থানৰূপে গণ্য কৰা কাৰেংঘৰৰ ওপৰত হাঁহি-খিকিন্দালি কৰাৰ উপৰি সুহুৰি মাৰি ৰং-তামচা কৰে। এই বাতৰি বিয়পি পৰাৰ লগে লগে দল-সংগঠন আৰু সমাজ সচেতন ব্যক্তিসকলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হয়। আহােম জনগোষ্ঠীয় লোকসকলৰ উপৰি আন আন জনগোষ্ঠীয় লোকসকলো আৰ এছ এছৰ এই কার্যত ক্ষুন্ন হৈ পৰিছে। সদৌ টাই আহােম ছাত্র সস্থাৰ উপ-সভাপতি বসন্ত গগৈয়ে আৰ এছ এছৰ এনে কার্যক তীব্র ভাষাৰে গৰিহণা দিছে। ভৱিষ্যতৰ দিনত ঐতিহাসিক ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ কিম্বা আন স্মৃতি স্বাক্ষৰসমূহত এনেদৰে উগ্র ধর্মীয় চিন্তা-চৰ্চাৰে কাৰ্যসূচী হাতত লোৱাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দি আটাছৰ নেতাগৰাকীয়ে কয় যে আহােম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত নির্মিত মঠ-মন্দিৰ কিম্বা ৰাজভৱনসমূহ অসমীয়া জাতিৰ শৌর্য-বীৰ্যৰ প্রতীক। সভ্যতাৰ চানেকী। জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো লোকে ইয়াক লৈ গৌৰৱ কৰে। কিন্তু আৰ এছ এছে। হিন্দুত্ববাদৰ শ্ল’গানেৰে আহােম স্বৰ্গদেউসকলৰ ধৰ্মীয় উদাৰতা আৰু দৃষ্টিভংগীক এক প্ৰকাৰে উপলুঙা কৰিছে। আহােমসকলৰ নিজস্ব ধর্ম আছিল যদিও তেওঁলোকে কোনোদিনে এই ধর্ম আনৰ ওপৰত জাপি দিয়া নাছিল। বৰঞ্চ সকলো ধৰ্মক তেওঁলোকে সন্মান কৰিছিল। বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকক সমমর্যাদা প্রদান কৰিছিল। বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন ধর্মাৱলম্বী লোকক নিয়োগ কৰিছিল। এই তলাতল ঘৰ কিম্বা কাৰেংঘৰ এক প্ৰকাৰে ধৰ্মনিৰপেক্ষতাৰাে প্রতীক। কিন্তু উগ্র ধর্মীয়বাদী সংগঠন আৰ এছ এছে খাকী হাফপেন্ট পৰিধান কৰি কাৰেংঘৰৰ শীর্ষ মহলত থিয় হৈ ভাৰত মাতা কি জয়, হিন্দু ভাই ভাই আদি শ্ৰ’গানেৰে আহােম স্বৰ্গদেউসকলৰ মহানুভৱতাক উপহাস কৰিছে। এনে ভাঙোনমুখী পৰিবেশ সৃষ্টিৰ পৰা বিৰত থাকিবলৈ তেওঁ দাবী জনায়। আটাছু নেতাগৰাকীয়ে কয় যে সংগঠনটােৰ নেতাসকলে কেন্দ্রীয় চৰকাৰ কিম্বা ৰাজ্য চৰকাৰৰ ওচৰত ঐতিহাসিক সম্পদ সংৰক্ষণ আৰু সৌন্দর্যবর্ধনৰ বাবে দাবী উত্থাপন কৰাৰ দৃষ্টান্ত বিৰল। এনেক্ষেত্ৰত এনে সম্পদক ধর্মীয় প্রতীকৰূপে প্রতিপন্ন কৰিবলৈ যোৱাটো অতি লজাৰ বিষয়। পিপলছ ফৰ পীচ এণ্ড ডেভেলপমেণ্ট চমুকৈ পি চি পি ডিৰ সভাপতি দিগন্ত কোঁৱৰে আৰ এছ এছৰ এই কার্যক তীব্র ভাষাৰে গৰিহণা দি কয় যে ৰংঘৰ, তলাতল ঘৰ কিম্বা কাৰেংঘৰ অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক। স্বাধীন অসমৰ প্ৰতিভা আৰ এছ এছে। ইয়াক নস্যাৎ কৰিছে। কাহানিও বিদেশীৰ ওচৰত বৈশ্যতা স্বীকাৰ নকৰা আহােমসকলৰ নিজস্ব ধর্ম থকাৰ পিচতো তেওঁলোক আছিল অত্যন্ত উদাৰ। চাওলুং চুকাফাৰ পৰা শেষৰজন স্বৰ্গদেউলৈকে সকলো আছিল। ধর্মনিৰপেক্ষ। তেওঁলোকে সমূহ জনগোষ্ঠীৰ লগতে ধর্মাৱলম্বী লোকক সমমর্যাদা প্রদান কৰি বৰ অসম গঢ়িছিল। সকলো জাতি-জনগোষ্ঠী তথা ধর্মাৱলম্বী লোকক বিশ্বাসত নােলোৱা হ’লে ৰামসিংহৰ নেতৃত্বত অহা পৰাক্ৰমী মোগল বাহিনীক প্রতিহত কৰা মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বাধীন আহােম যোদ্ধাসকলৰ পালিনেতা হিচাপে ইছলাম ধর্মাৱলম্বী লোক ইছমাইল ছিদ্দিকী কিম্বা বাঘ হাজৰিকাই কেতিয়াও মোগলৰ বিৰুদ্ধে যুঁজ নকৰিলেহেতেঁন। আহােমসকলৰ ধৰ্মনিৰপেক্ষতা আৰু উদাৰতাৰ বাবেই সকলো লোকে অসমীয়া হিচাপে পৰিচয় দি শত্ৰুৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছিল। কিন্তু শেহতীয়াভাৱে উগ্র সাম্প্রদায়িক সংগঠন আৰ এছ এছে। সকলো জাতি-জনগোষ্ঠীৰ মাজত সাম্প্রদায়িক বিষবাষ্প বিয়পোৱাৰ প্রচেষ্টা চলাইছে। তেওঁলোক উদাৰ হােৱা হ’লে কেতিয়াও স্বাভিমানৰ প্রতীকস্বৰূপ কাৰেংঘৰত উঠি হিন্দু ভাই ভাই শ্ৰ’গান নিদিলেহেতেঁন। এনে ভাঙোনমুখী চিন্তাৰ পৰা ভৱিষ্যতৰ দিনত সংগঠনটােক বিৰত থাকিবলৈ তেওঁ দাবী জনায়। তদুপৰি পুৰাতত্ত্ব বিভাগৰ আইন অনুসৰি এনে ঐতিহাসিক সম্পদত সভা-সমিতি কিম্বা এনে অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকাৰ পিচতো আৰ এছ এছে। কিদৰে কাৰেংঘৰৰ শীর্ষ মহলত উঠি শ্ল’গান দিবলৈ পালে এই সন্দৰ্ভত এক উচ্চ পর্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে। আহােম জাতীয় গণ মঞ্চ, অসম নামৰ সংগঠনটােৰ কেন্দ্রীয় সমিতিৰ নেতা মহেন্দ্ৰ দিহিঙীয়া, জিলা সমিতিৰ সভাপতি পৱিত্ৰ গগৈ আৰু যুটীয়া সম্পাদক পুলকেশ গগৈয়ে এই ঘটনা সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ কৰিছে। এক বিজ্ঞপ্তিত সংগঠনটােৰ নেতা কেইগৰাকীয়ে এইবুলি উল্লেখ কৰিছে যে অসম আৰু অসমীয়াৰ ঐতিহ্যৰ প্রতীক, সমন্বয় আৰু সংহতিৰ চানেকী ৰাজধানী গড়গাঁৱৰ কাৰেংঘৰৰ মর্যাদা লাঘৱ কৰি আৰ এছ এছ বাহিনীয়ে যি সস্তীয়া কাৰুকার্য প্রদর্শনৰ চেষ্টা কৰিছে, তাক সকলো শ্ৰেণীৰ লোকে তীব্র ভাষাৰে গৰিহণা দিয়াৰ প্রয়োজন। চাওলুং চুকাফাৰ আদর্শৰে আহােম স্বৰ্গদেউসকলে বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰ মাজত গঢ়া সাতামপুৰুষীয়া ভাতৃত্ববােধ আৰ এছ এছে বিনষ্ট কৰাৰ প্রচেষ্টা চলাইছে। আহােম স্বৰ্গদেউসকলে অসমৰ সকলো জনগোষ্ঠী তথা ধর্মাৱলম্বী লোকক সামৰি এক জাতি, এক মাটি প্রতিষ্ঠা কৰিছিল। এই বৃহৎ জাতিটােৰ আৱেগ জড়িত হৈ থকা কাৰেংঘৰত আৰ এছ এছৰ দৰে হিন্দুত্ববাদী সাম্প্রদায়িক সংগঠনে বৃহৎ যুদ্ধ জয় কৰাৰ পিচত পালন কৰা বিজয় উৎসৱৰ দৰে যি কাৰ্যসূচী ৰূপায়ণ কৰিলে এয়া এক প্ৰকাৰে অপৰাধ বুলি আমি গণ্য কৰিছাে। অসমত জাতীয় অস্তিত্বক ভেঙুচালি কৰি সাতামপুৰুষীয়া ঐক্য-সম্প্রীতিৰ বান্ধোন ছিঙিব বিচৰা আৰ এছ এছক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সংগঠনটােৱে সকীয়াই দিছে। তদুপৰি আগত দিনত অসমৰ যিকোনো জাতীয় সম্পদত সাম্প্রদায়িক কচৰতৰ স্থান কৰি ভেঙুচালি নকৰিবলৈও সকীয়াই দিছে। মানৱ অধিকাৰ সংগ্রাম সমিতিৰ নেতা কমল বৰাই ঐতিহাসিক তলাতল ঘৰৰ ওপৰ মহলাত হাফপেন্ট পৰিধান কৰি হাতে হাতে সাম্প্রদায়িক বাক্য লিখা বেনাৰ-প’ষ্টাৰ লৈ আৰ এছ এছে। হিন্দুত্ববাদী শ্ল’গান আওৰােৱাটাে গৰিহণাৰ যোগ্য। সমন্বয়ৰ প্ৰতীকৰূপে চিহ্নিত আহােম স্বৰ্গদেউসকলৰ ৰাজত্ব কালত নির্মিত এনে ভৱন কিম্বা স্থানত ভৱিষ্যতৰ দিনত আৰ এছ এছক সাম্প্রদায়িক কুচকাৱাজ নচলাবলৈ তেওঁ সকীয়াই দিয়ে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি দাসে ঐতিহাসিক কাৰেংঘৰত খাকী হাফপেন্ট পৰিধান কৰি আৰ এছ.এছে হিন্দুত্ববাদৰ শ্ৰ’গান আওৰোৱা কার্যক তীব্র ভাষাৰে গৰিহণা দিছে। জাতীয় সম্পদক সাম্প্রদায়িক সংগঠনৰ সম্পদলৈ ৰূপান্তৰিত কৰাৰ প্রচেষ্টা চলোৱাৰ পৰা আৰ এছ এছক বিৰত থাকিবলৈ তেওঁ দাবী জনায়। 
অসমীয়াৰ ঐতিহ্যৰ প্ৰতীক গড়গাঁৱৰ কাৰেংঘৰত আৰ এছ এছ বাহিনীয়ে কাৰেং ঘৰৰ মর্যাদা হানি কৰাৰ অভিযোগ তুলি গৰজি। উঠিছে আহােম জাতীয় গণ মঞ্চ। জাতীয় সংগঠনটােৰ শিৱসাগৰ জিলা সভাপতি পবিত্ৰ গগৈ আৰু সম্পাদক পুলকেশ গগৈয়ে আজি সংবাদ মাধ্যমলৈ এটা বিবৃতি প্ৰেৰণ কৰি আৰ এছ এছ বাহিনীয়ে গড়গাঁৱৰ কাৰেংঘৰত আৰ এছ এছৰ পতাকা প্রদর্শন আৰু সাম্প্রদায়িক শ্ল’গান দিয়াৰ অভিযোগ তুলি তেনে কার্যক ধিক্কাৰ দিয়ে। চাওলুং চুকাফাৰ আদৰ্শৰে আহােম স্বৰ্গদেউসকলে সাতামপুৰুষীয়া ভাতৃত্বৰে অসমৰ সকলো জনগোষ্ঠীক সামৰি জাতি-ধর্ম-বর্ণ নির্বিশেষে একত্ৰিত কৰি এক জাতি, এক মাটি প্রতিষ্ঠা কৰিছিল। তেনেস্থলত আৰ এছ এছৰ দৰে হিন্দুত্ববাদী মনােভাৱৰ সংগঠনে এনে কার্য কৰি যি সাম্প্রদায়িক সংঘৰ্ষৰ ইংগিত বহন প্রদান কৰিলে ই অতি গুৰুতৰ অপৰাধ বুলি জাতীয় সংগঠনটােৱে গণ্য কৰা বুলি নেতা দ্বয়ে বিবৃতিটােত প্রকাশ কৰিছে। ইফালে নেতাদ্বয়ে বিবৃতিটােত অসমৰ জাতীয় অস্তিত্বক ভেঙুচালি কৰি সাতামপুৰুষীয়া অসমীয়াৰ বান্ধোন ভাঙিব বিচৰা আৰ এছ এছক এনে কাৰ্যৰ গৰিহণা জনায়৷

ছশবছৰীয়া আহােম ৰাজত্বকালৰ সোণালী স্বাক্ষৰ বহনকাৰী ঐতিহাসিক কাৰেংঘৰত উঠি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ কর্মকর্তাই উদাত্তকণ্ঠে হিন্দুত্ববাদী শ্ল’গান দিয়া ঘটনাই শেহতীয়াকৈ আহােম জনগোষ্ঠীয় সংগঠনৰ মাজত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। বৃহত্তৰ অসমীয়া জাতিৰ জনক তথা প্রবাদপুৰুষ চাওলুং ছুকাফাৰ বংশধৰ আহােম স্বৰ্গদেউসকলে নির্মাণ কৰি থৈ যোৱা ঐতিহাসিক কীর্তিচিহ্ন-সম্পদৰ ওপৰত উঠি পূৰ্বতে সংঘ পৰিয়ালৰ কর্মকর্তা-সদস্যই মুকলিকৈ এনেদৰে হিন্দুত্ববাদী শ্ৰ’গান দিয়া নাছিল। কিন্তু শেহতীয়াকৈ শিৱসাগৰ জিলাৰ গড়গাঁৱত থকা ঐতিহাসিক কাৰেংঘৰত উঠি শতাধিক আৰ এছ এছৰ সদস্যই ‘ভাৰত মাতা কি জয়’, ‘হিন্দু হিন্দু ভাই’ আদি শ্ল’গান দিয়া এক ঘটনা সংঘটিত হৈছে। গড়গাঁও উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজিত এই প্রশিক্ষণৰ অন্তিম দিনা ঐতিহাসিক কাৰেংঘৰৰ মূল প্রৱেশ পথটাে আৰু দাঁতি-কাষৰীয়া এলেকাসমূহ চাফাই কৰে। প্রশিক্ষণত অংশগ্রহণ কৰা শিক্ষার্থী আৰু আৰ এছ এছৰ কর্মকর্তাসকলে। ঐতিহাসিক কাৰেংঘৰটােও চাফাই কৰা হয়। কিন্তু কাৰ্যসূচীৰ শেষলৈ আৰ এছ এছৰ শিক্ষার্থী আৰু কৰ্মকর্তাই কাৰেংঘৰৰ ওপৰ মহলাত উঠি হিন্দুত্ববাদী শ্ল’গান দিয়াত ৰাইজ হতভম্ব হৈ পৰে। ইফালে আহােম ৰাজত্বকালৰ অন্যতম গুৰুত্বপূর্ণ কীর্তিচিহ্ন হিচাপে পৰিগণিত কাৰেংঘৰত মুকলিকৈ সংঘ পৰিয়ালৰ লোকে হিন্দুত্ববাদী শ্ল’গান দিয়া ঘটনাক তীব্র ভাষাৰে সমালোচনা কৰাৰ লগতে ঘটনাৰ বাবে ৰাজহুৱা ক্ষমা খুজিবলৈও দাবী জনাইছোঁটাই আহােম যুৱ পৰিষদ, অসম চমুকৈ 'টাইপাই। টাই আহােম যুৱ পৰিষদ, অসম (টাইপ)ৰ যে অসম আৰু অসমীয়াতুৰ ধাৰকস্বৰূপ আহােম স্বৰ্গদেউসকলে অসমৰ সকলো পৰিছিল। কিন্তু ধর্মীয় গোড়ামিত অলৰ-অচৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰে সাম্প্রদায়িক সংগঠনৰ কর্মকর্তাই আহােম যুগৰ শান্তি-সম্প্রীতি আৰু ঐক্যৰ প্রতীকস্বৰূপ ঐতিহাসিক কাৰেংঘৰৰ ওপৰ মহলাত উঠি ধর্মীয় শ্ল’গান দিয়া কার্য কোনো কাৰণতে সমর্থনযোগ্য নহয়। সাম্প্রদায়িক আৰ এছ এছৰ এনে অভিযানৰ পৰিষদ, অসম চমুকৈ 'টাইপাৰ কেন্দ্রীয় কার্যকৰী সভাপতি লোহিত গগৈয়ে সকীয়নি দি এনে কার্যৰ পৰা বিৰত থাকিবলৈ সর্তক কৰি দিয়ে। 'টাইপাৰ কার্যকৰী সভাপতি গগৈয়ে অসমত উগ্র হিন্দুত্ববাদী ধ্যান-ধাৰণা বিয়পাই দিবলৈ শেহতীয়াকৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখন তৎপৰ। হৈছে আৰু এই কার্যত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক নিয়োগ কৰাই নহয়। চৰকাৰী পৃষ্ঠপোষকতা আগবঢ়োৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। 'টাইপাৰ কেন্দ্রীয় কার্যকৰী সভাপতিগৰাকীয়ে এই ঘটনাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শিৱসাগৰ জিলা সমিতিক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈও দাবী জনাইছে, অন্যথা ৰাজ্যজুৰি প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি আজি হুংকাৰ দিছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment

0 comments :