দোষী চিকিৎসকৰ বিৰুদ্ধে তাৎক্ষণিক শাস্তিৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
![]() |
মেধাৱী ছাত্ৰী সোণালী সৰকাৰৰ ফাইল ফটো |
৩ এপ্ৰিল, ২০১৭ঃ
বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকৰ অৱহেলা,গাফিলতি আৰু ভুল চিকিৎসাৰ বলি হৈ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী সোণালী সৰকাৰৰ আজি শেষকৃত্য সম্পন্ন হৈ যায়। ইয়াৰ পূৰ্বে সহস্ৰাধিক ৰাইজ, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ, শিক্ষক সমাজ, সচেতন লোক, বিভিন্ন দল, সংগঠনৰ প্ৰতিনিধিয়ে সোণালীৰ নশ্বৰদেহ লৈ বৰপেটা চহৰৰ মাজেৰে এক বৃহৎ মৌন সমদল উলিয়াই গান্ধীনগৰ মথাউৰিৰ পাৰত থকা শ্মশান ঘাটলৈ লৈ যায়।
![]() |
মেধাৱী ছাত্ৰী সোণালী সৰকাৰৰ শুভাকাঙ্খীৰ ভিৰৰ মাজতো নিস্তব্দতাৰ অন্তিম যাত্ৰ |
গোলাঘাটৰ টেঙানিৰ পৰা আহি আজি সোণালীৰ অন্তেষ্টিক্রিয়া অনুষ্ঠানত অংশ গ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম আৰু বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰফিকুল ইছলামে সোণালী সৰকাৰলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ স্নাতক দ্বিতীয় সন্মাসিকৰ মেধাৱী ছাত্ৰী সোণালী সৰকাৰৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰফুল ইছলামে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি চিকিৎসকৰ অৱহেলা ,গাফিলতি আৰু ভুল চিকিৎসাৰ বাবে সোণালীৰ নিচিনা এক তৰণ প্ৰতিভাৰ জীৱন বন্তি চিৰদিনৰ বাবে নুমাই যোৱা ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক বুলি অভিহিত কৰে।
![]() |
মেধাৱী ছাত্ৰী সোণালী সৰকাৰৰ অন্তিম শয়ন |
অদূৰ ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কৰুণ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰ-প্ৰশাসনক দোষী চিকিৎসক গৰাকীৰ বিৰুদ্ধে তাৎক্ষনিকভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। এই ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে তাৎক্ষনিকভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সোনালীৰ ন্যায় প্ৰাপ্তিৰ বাবে অচিৰেই বৰপেটাৰ সকলো দল, সংগঠনে ঐক্যবদ্ধভাৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ছাত্ৰ নেতা আশ্ৰাফুল ইছলামে। ছাত্ৰ নেতা গৰাকীয়ে বৰপেটাৰ ফখৰ উদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়খনত প্ৰয়োজনীয় আন্তঃগাঁথনি, বিশেষজ্ঞ চিকিৎসক, সকলো আধুনিক সা-সৰঞ্জাম আৰু পৰীক্ষাগাৰৰ ব্যৱস্থা কৰাৰ বাবেও দাবী উত্থাপন কৰে।
![]() |
এম চি কলেজৰ ছাত্ৰী-ছাত্ৰীৰ শোকাকূল পৰিৱেশৰ এটি কৰুণ দৃশ্য |
0 comments :
Post a Comment