বিজেপিৰ ৰাজ্যিক সভাপতিৰ সমষ্টিত হাহাকাৰ, বৰপেটাৰোড-মানাহ সংযোগী পথ মেৰামতিত চূড়ান্ত গাফিলতি

আমৰণ অনশনকাৰীক দিয়া চূড়ান্ত সময় সীমা উকলাৰ পিছতো আৰম্ভ নহ’ল মেৰামতি

বৰপেটাৰোড, ৪ এপ্রিলঃ
কৃষক মুক্তি সংগ্রাম সমিতিয়ে যেৱা ১২ ডিচেম্বৰৰ পৰা প্রায় ৬৫ ঘন্টা আমৰণ অনশন কৰাৰ পিছত বৰপেটা জিলা প্রশাসনৰ তৰফৰ পৰা বৰপেটা জিলাৰ উত্তৰ বৰপেটাৰােডৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যনলৈ যোৱা জৰাজীৰ্ণ গড়কাপ্তনি পথ মার্চ মাহৰ ভিতৰত মেৰামতি কৰা হ’ব বুলি আমৰণ অনশনকৰীসকলৰ লগতে আন্দোলনকাৰীসকলক লিখিত প্রতিশ্রুতি দিয়াৰ পিছতো মেৰামতি নহ’ল গুৰুত্বপূর্ণ পথটাে। কাৰ্যসূচীত সমর্থন আগবঢ়োৱা আন্দােলনকাৰী প্রায় কুৰিটাতকৈ অধিক সংগঠনক দিয়া লিখিত প্ৰতিশ্ৰুতিৰ পিছতো বিজেপিৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ অৱহেলাৰ ফল স্বৰূপেই উক্ত পথছোৱাৰ মেৰামতিৰ আৰম্ভ হােৱা নাই বুলি বিশ্বস্থ সূত্রত প্রকাশ পাইছে৷ এই বাতৰি বিয়পি পৰাত সমগ্র অঞ্চটােত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হােৱাৰ সমান্তৰালকৈ আমৰণ অনশনকাৰী আৰু অান্দোলনকৰী দল-সংগঠনসমূহে পুনৰায় বৃহৎ আন্দােলনৰ প্ৰস্তুতি চলাই থকাৰ ইংগিত পোৱা গৈছে। নামনি অসমৰ বনিজ নগৰী বুলি খ্যাত বৰপেটাৰোডৰ আন্তঃগাথনিকে ধৰি বিভন্ন দাবীৰ সমৰ্থনত কৰা আন্দোলনক একপ্ৰকাৰ পদাঘাত কৰি স্থানীয় বিধায়ক গৰাকীয়ে ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰাৰাে অভিযোগ উত্থাপন হৈছে। ইতিপূর্বে প্রকাশিত একাধিক বাতৰিত উল্লেখ কৰা হৈছে যে বৰপেটাৰোডৰ মাজে ৰে পাৰহৈ যোৱা ৰেল পথৰ দক্ষিণ পাৰৰ উন্নয়ন চকুত লগা ধৰণে কৰা হৈছে যদিও পাহকাৰী পাচলি বজাৰকে আদি কৰি কৃষকসকলৰ মূল বজাৰ থকা সত্তেও ৰেলপথৰ উত্তৰ পাৰক মাহিআইৰ দৃষ্টিৰে অৱনমিত কৰি থকা হৈছে। ইফালে লিখিত প্রতিশ্রুতি পাহৰি যোৱা বৰপেটা জিলা প্রশাসনক মনত পেলই দিয়াৰ উদ্দেশ্যে মার্চ মাহৰ শেষার্ধত কৃষক মুক্তি সংগ্রাম সমিতিৰ এটা সজাতি দলে বৰপেটা জিলাৰ উপায়ুক্ত গৰাকীক লগ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে৷

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment

0 comments :