সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰৰ জামিন আবেদন নিয়াৰ বিশেষ আদালতে কালি খাৰিজ কৰে৷ ২০০৮ চনত বোমা বিস্ফোৰণৰ মূল অভিযুক্ত সাধ্বীৰ জামিন আবেদনত নিয়াৰ আপত্তি নাই বুলি ক’লেও আদালতে পোনচাটেই সেয়া নাকচ কৰে৷ উল্লেখ্য যে উক্ত বিস্ফোৰণত এখন স্কুটী ব্যৱহাৰ কৰা হৈছিল আৰু সেই স্কুটীখন সাধ্বীৰ নামত পঞ্জীভুক্ত আছিল৷ ইপিনে মুম্বাই এটিএছে সাধ্বী জড়িত থকাৰ প্ৰমাণ পাইছিল যদিও পিছলৈ নিয়াক এই গোচৰ অৰ্পণ কৰা হৈছিল৷ তেনেতে কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ লগে লগে নিয়াই সাধ্বী জড়িত থকাৰ কোনো প্ৰমাণ নাই বুলি আদালতত অৱগত কৰিছিল৷ আনকি নিয়াই যিটো অভিযোগনামা দাখিল কৰিছে তাত সাধ্বীসহ ৫জনৰ নাম উল্লেখ কৰা নাই৷ স্মৰ্তব্য যে ১৯৯৩ চনৰ বোমা বিস্ফোৰণত ইয়াকুব মেমনৰ ভাই বোৱাৰীৰ নামত পঞ্জীভুক্ত অট’ৰ নাম পোৱাত মহিলা গৰাকীৰ আজীৱন কাৰাৱাস দিছিল৷ উচ্চতম ন্যায়ালয়ে৷ এতিয়া প্ৰশ্ন হ’ল ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০১ জন লোক গুৰুতবৰ বাবে আহত হোৱা ঘটনাত সাধ্বীৰ স্কুটী ধৰা পৰাত সাধবীৰ আজীৱন কাৰাৱাস হ’বনে? নে হিন্দুত্ববাদৰ আঁৰ লৈ জামিনত মুকলি হৈ ওলাব?
-
Blogger Comment
-
Facebook Comment
facebook
twitter
google+
fb share