GMCH ত আজৱ কাণ্ডঃ মৰণোত্তৰ পৰীক্ষাৰ পাছত ২২ বছৰীয়া যুৱক হলগৈ বৃদ্ধ



গুৱাহাটী, ৩০ জুনঃ

গুৱাহাটীৰ চিকিত্সা মহাবিদ্যালয়ত সংঘটিত হৈছে এক আজৱ কাণ্ড৷ মাত্ৰ ২২ বছৰীয়া যুৱকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত হ’লগৈ পঞ্চাচ উৰ্ধৰ বৃদ্ধ৷
ঘটনাৰ বিবৰণী মতে কালি (বুধবাৰে) হাজোৰ দামপুৰৰ ইমৰাণ আলী নমৰ এজন যুৱকৰ অকস্মতে মৃত্যু হোৱাৰ পিছত জিএমচিএইচলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াইছিল,  মৰণোত্তৰ পৰীক্ষাৰ অন্তত মেডিকেল কতৃপক্ষই পৰিয়ালক উক্ত ইমৰাণৰ মৃতদেহ চমজাই দিয়ে৷ পৰিয়ালে মৃতদেহ চমজি লৈ জানাজা কৰাৰ সময়ত গ’ম পায় যে সেয়া প্ৰকৃততে পঞ্চাচৰ উৰ্ধৰ এগৰাকী হিন্দু লোকৰহে মৃতদেহ৷ এই ঘটনাই সমগ্ৰ হাজোত চাঞ্চল্যৰ সৃষ্টি কৰে আৰু ৰাইজৰ সহযোগত পৰিয়ালে উক্ত হিন্দুলোকৰ মৃতদেহ জিএমচিএইচলৈ উভতাই পঠায়৷ জানিব পৰা মতে জিএমচিএই এ ইমৰাণ আলীৰ মৃতদেহ বিচাৰি উলিওৱাত ব্যৰ্থ হৈছে৷ এতিয়া প্ৰশ্ন হয় এই জন ইমৰাণ আলীৰ মৃত দেহ ক’লৈ গ’ল, কোনে নিলে ইমৰাণৰ মৃত দেহ ?
ব্লাড বেংকৰ পৰা আৰম্ভ কৰি জিএমচিএইচৰ বিভিন্ন বিসংগতি থকাৰ সময়তে মৃতদেহৰো সুৰক্ষা নোহোৱা হৈছে মেডিকেল কলেজখনত৷ —এই সমগ্ৰ ঘটনাই জিএমচিএইচ কতৃপক্ষৰ কাণ্ডজ্ঞানহীন কৰ্ম-কাণ্ডই সমগ্ৰ অসমতেই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
হাজো অঞ্চলৰ ৰাইজে জিএমচিএইচ কতৃপক্ষক বৃহস্পতিবাৰৰ দিনৰ বাৰ বজালৈকে চূৰান্ত সময়সীমা বান্ধি দিয়াৰ লগতে উচিত তদন্তৰ দাবী উত্থাপন কৰিছে৷


ইফালে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে জিএমচিএইচৰ এই লজ্জাজনক ঘটনাৰ তদন্ত ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তদন্ত ঘোষণা কৰিছে৷ 

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment