সদ্য ঘোষিত এপিএছচিৰ (#APSC) ফলাফলে আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে সমগ্ৰ বাক্সা জিলাৰ লৈ৷ এইবেলি বাক্সা জিলাৰ পৰাই লাভ কৰিছে এপিএছৰ (#APS) প্ৰথমস্থান৷ বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অধিনস্থ আনন্দবজাৰ আৰক্ষী পহৰাচকীৰ অন্তৰ্গত অতি পিছপৰা হাটখোলা গাওঁৰ নাৰায়ণ দাস আৰু অলকা দাসৰ পুত্ৰ জোন দাসে (#John Das) বাক্সা জিলালৈ কঢ়িয়াই আনিছে এই গৌৰৱ৷ ১৯৯০ চনৰ ১৭ এপ্ৰিলত জন্ম লাভ কৰা জোনে দৰিদ্ৰ পিতৃ-মাতৃৰ মুখত বিৰিঙাই তুলিছে হাঁহি৷ নিজ ভেটি-মাটি বিক্ৰী কৰি পুত্ৰক পঢ়াৰ খৰচ উলিয়াই দি আজি পুত্ৰৰ সফলতাত গৌৰৱান্বিত পিতৃ-মাতৃ৷ মাটি বিক্ৰী কৰি জোন দাসক এপিএছ বনালে বুলি আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে পিতৃ-মাতৃয়ে৷
বাক্সা জিলাৰ পৰা এনেদৰে (#APS) প্ৰথমস্থান দখল কৰাৰ বাবে বাক্সা জিলাৰ উপায়ুক্ত মহদানন্দ হাজৰিকা, আমছুৰ শিক্ষা সম্পাদক সাজাহান আলী আহমেদ, এমচিএলএ চক্ৰধৰ দাসে জোন দাসক শুভেচ্ছা জ্ঞাপন কৰিছে৷
![]() |
জোন দাসৰ পিতৃ নাৰায়ণ দাস আৰু মাতৃ অলকা দাস |
facebook
twitter
google+
fb share