ঈদ সমাগত, বেঁকীৰ গৰাখহনীয়াগ্ৰস্থৰ পাতিলত নাই ভাত

সাজাহান আলী আহমেদৰ ক্ষেত্ৰ ভিত্তিত ৰিপোৰ্ট, ১ জুলাইঃঃ

সকলো যেন শেষ হৈ গ’ল নিমিষতে, চকুৰ আগতে হেৰাই গ’ল সপোন আৰু ভৱিষ্যত

ভূটানৰ কুৰিশ্বু ডেমৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈ নামি অহা বেঁকী নদীৰ প্ৰবল গৰাখহনীয়া বিগত ২০০৪ চনৰ পৰা ধাৰাবাহিক ভাবে অব্যাহত আছে৷ প্ৰতিদিনেই বেঁকীৰ বুকুত জাঁহ গৈছে শ শ পৰিয়ালৰ ভৱিষ্যত, হাজাৰ হাজাৰ শিশুৰ ভৱিষ্যত, পলকতে ৰাস্তাৰ ভিক্ষাৰী হৈছে শ শ কৃষক৷ প্ৰতিবাৰেই নেতাসকলে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে, বেঁকীৰ গৰাখহনীয়া প্ৰতিৰোঢ কৰিবলৈ চেষ্টা কৰা নাই৷ বৰপেটা আৰু বাক্সা জিলাৰ অন্তৰ্গত সৰভোগ বিধানসভা সমষ্টিৰ এক বিস্তৃৰ্ণ অঞ্চল বেঁকীৰ বুকুত জাহ যোৱাৰ ফলত অৰ্ধ লক্ষ্যাধীক কৃষিজীৱীলোক গৃহহাৰা হৈছে, তেওঁলোকৰ সতি-সন্ততি কেৰালা, দিল্লী, হাৰিয়ানা, লক্ষনৌ, ইটানগৰ আদিত থাকি নিজৰ ভৱিষ্যত জলাঞ্জলি দিব লগা হৈছে, মাথো পেটৰ ভাত মুকলাবৰ বাবে৷— অথচ এইসকললৈ আজিও অব্যাহত আছে ৰাজনীতি৷ ৰাজনীতি ?
ৰাজনীতি নহয় ৰাইজৰ স্বাৰ্থ বিবৰ্জিত ব্যক্তিস্বাৰ্থ সিদ্ধিৰ বাবে এক ভণ্ডামি৷৷
গোৱৰ্ধনাৰ পৰা আৰম্ভ কৰি কাটাঝাৰৰ দোমনিলৈকে মানাহ-বৰপেটাৰোড সংযোগী একমাত্ৰ গড়কাপ্তানিপথটোৰ দুয়োপাৰলৈ লক্ষ্য কৰিলেই সাধাৰণ মানুহ এজনে বুজিব পাৰিব এইসকল সৰ্বসাধাৰণ ৰাইজৰ দুৰ্দশাৰ কথা৷

সপোনৰ ঘৰখন আৰু ৰৈ নাথাকে, ভেটিৰ মাটিখিনিৰে কিবা এটাৰ কৰাৰ আশা
চৰকাৰ সলনি হ’ল,
মানুহৰ আশা বাঢ়িল,
নতুন চৰকাৰৰ বলিষ্ট অংশীদাৰ তথা অসম বিধান সভাৰ অধ্যক্ষ এই সৰভোগ সমষ্টিৰেই বিধায়ক, তেওঁ ইতিপূৰ্বেও বিধায়ক হৈ আছিল৷ বিগত পাঁচটা বছৰ চৰকাৰ পক্ষৰ নোহোৱা বাবে বেঁকীৰ গৰাখহনীয়াৰ কবলত পৰা মানুহৰ কাষত গৈ থিয় দিয়াৰ বাবেও প্ৰয়োজন বোধ কৰা নাছিল অথবা সমৰ্থ নাছিল বিধায়ক গৰাকীৰ৷ এইবেলি অধ্যক্ষ হৈয়ে (১৯জুন তাৰিখে) গোৱৰ্ধনাত এইসকল শতাশাগ্ৰস্থ মানুহৰ পৰা ফুলাম গামোচা, জাপিৰ লগতে সম্বৰ্ধনা অনুষ্ঠানতেই স্মাৰকপত্ৰও গ্ৰহণ কৰি ঘোষণা কৰিছিল অচিৰেই গৰাখহনীয়া প্ৰতিৰোধ কৰা হ’ব বুলি৷ এই কামবোৰ কৰাৰ সুবিধাৰ বাবে তেওঁ লগত চক্ৰ বিষয়াৰ পৰা আৰম্ভ কৰি বৰপেটা জিলাৰ উপায়ুক্তকো লগত লৈ আহিছিল৷ 
‘মই মন্ত্ৰী হ’লে সমষ্টিবাসীৰ প্ৰতিটো ক্ষেত্ৰৰ কাম কৰাত অসুবিধা হ’ল হেঁতেন, অধ্যক্ষ হোৱা বাবে আজি প্ৰতিজন মন্ত্ৰীয়েই মোৰ সমষ্টিৰ উন্নয়নৰ প্ৰতি অধিক আগ্ৰহী৷ মন্ত্ৰী হ’লে চল্লিচ শতাংশ কৰিব পাৰিলো হেঁতেন, এতিয়া ষাঠিৰ পৰা আশী শতাংশ কাম কৰিব পাৰিম৷’’— অধ্যক্ষই কৈছিল৷
‘‘গামাৰীগুৰি, গোৱৰ্ধনা অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ সম্পূৰ্ণ ব্যৱস্থা হাতত লোৱা হৈছে৷’’— তেওঁ লগতে কৈছিল৷
আশাৰ ৰেঙণী দেখিছিল ৰাইজে৷
নিৰাশ হোৱাৰ বাবে সময় নালাগিল৷
বিধানসভাৰ অধ্যক্ষৰ প্ৰতিশ্ৰুতিও অসাৰ হ’ল— প্ৰতিশ্ৰুতিৰ পিছতো প্ৰায় অৰ্ধশতাধিক পৰিয়াল জাহ গ’ল বেঁকীৰ বুকুত৷ 
বেঁকীৰ প্ৰবল গৰাখহনীয়াত সৰ্বস্বান্ত হৈ পথৰ ভিক্ষাৰীৰ দৰে হৈ পৰা
 লোকসকলৰ একাংশৰ লগত আমি আলোচনা কৰি দুখ পাইছিলো এটা কাৰণত— ‘‘একপ্ৰকাৰ মাথো পানী খাই ৰোজা ৰাখিছো’’— এগৰাকী বৃদ্ধাই ক’লে৷ ‘‘ভাত থাকিলে, স্বব্জি নাথাকে, আমাৰ সকলো আছিল আজি আমি পথৰ ভিক্ষাৰী’’— সেঁমেকী উঠা দুচকুৰে বৃদ্ধাগৰাকীয়ে আমাক কৈছিল৷

গৰাখহনীয়াৰ কবলত পৰা দুৰ্ভগীয়া বৃদ্ধা
‘‘আমি আপোনালোকৰ কথাবোৰ লিখিবহে পাৰিম.............’’— আৰু একো শব্দ নাছিল আমাৰ মুখত৷৷
বিগত তিনিটা দিনতে মাথো গামাৰিগুৰিতেই নজৰুল আলী আহমেদ, আফছাৰ আলী, আব্দুছ ছাত্তাৰ, ময়নাল আলী, ৰেজ্জাক আলী, সাহজাহান আকন্দ, হজৰত আলী আদিৰ মাটি-ভেটি উছন হৈছে৷ 
‘‘ইয়াতেই আমাৰ ওমলা ঘৰখন আছিল, আমি সৰুতে খেলিছিলো, ইয়াত মোৰ আতাৰ কবৰ........’’ নজৰুলে আমাক কৈছিল৷ মূৰে কপালে হাত দি নদীৰ পাৰত বহি আছিল নজৰুলৰ দেউতাকে৷
ঈদুল ফিতৰ সমাগত, তেওঁলোকৰ পদূলিত ঈদৰ আনন্দই ঢুকি পাব নে ?

দুখৰ বতৰতো সুখৰ সন্ধানত বেঁকীৰ সৈতে খেলিছে কেইটিমান কিশোৰে

(বিঃদ্ৰঃ আংশীক ভাবে প্ৰকাশ কৰা হ’ল— সম্পাদক, এন.ই অনলাইন)

প্ৰয়োজনীয় চুটি ভিডিঅঃ  https://youtu.be/JzlqMnb5a84






About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment