ভালুকপুঙত ভূমিস্খল, মৃত ১০


২ জুলাইঃ
অসম-অৰুণাচল সীমান্ত অঞ্চলৰ ৱেষ্টকামিন জিলা কালি নিশা প্ৰায় ১ বজাত এক ভয়াবহ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ এই ঘটনাত একেটা পৰিয়ালৰ ৩ গৰাকী লোক নিহত হোৱাৰ লগতে মুঠ ১০ গৰাকীলোকৰ প্ৰাণহানী হৈছে যদিও এতিয়ালৈকে ৫ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে HDRF আৰু NDRFৰ উদ্ধাৰকাৰী দলে, এতিয়ালৈকে ৫জনৰ মৃতদেহ মাটিৰ তলতেই আছে বুলি সন্দেহ কৰা হৈছে ৷ নিহত হোৱা লোক কেইজন অৰুণাচল চৰকাৰৰ PHE আৰু PWD বিভাগৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে৷  ইফালে পাহাৰৰ ওপৰৰ পৰা বৈ অহা বানপানীয়ে অধিক বিপদত পেলাইছে স্থানীয় ৰাইজক৷ উক্ত স্থানলৈ যোৱা পথত সৃষ্টি হৈছে বৃহত্ গাত৷ ফলত সমগ্ৰ অঞ্চলৰ ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷


About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment