ৱেব ডেস্ক, ২৪ জুলাই, ২০১৬ :
ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উজনি-নামনিৰ ন ন অঞ্চল প্লাৱিত কৰি পেলাইছে৷ নিমাতী আৰু ডিব্ৰুগড়ৰ জলস্তৰ বৃদ্ধি পাই থকাৰ উপৰি নেৰানেপেৰা বৰষুণৰ ফলত অধিক জটিল ৰূপ ধাৰণ কৰা এই বানত মহকুমা প্রশাসনৰ তথ্য অনুসৰি ডেৰ শতাধিক গাঁও, অর্ধশতাধিক শিক্ষানুষ্ঠান, অনুষ্ঠান-প্রতিষ্ঠান, চৰকাৰী কার্যালয়, নামঘৰ আদি ডুব গৈছে। ব্রহ্মপুত্ৰৰ সমান্তৰালকৈ লুইত-খাবলু আৰু সোৱণশিৰি নদীৰ বানে তাণ্ডৱ চলাইছে সমগ্ৰ মাজুলীতে। বানে ইতিমধ্যে মাজুলীৰ বিভিন্ন অঞ্চলৰ কেইবাটাও পথত থকা দলং উটুৱাই নিয়াৰ লগতে বহু অঞ্চলত পথৰ ক্ষতি কৰাত যাতায়াত ব্যাহত হৈ পৰিছে। লগতে বিভিন্ন প্রান্তত থকা অংগনৱাড়ী কেন্দ্রৰ ঘৰ-দুৱাৰ বানে সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে। মাজুলীৰ বিভিন্ন পথত থকা কেইবাটাও কালভার্ট বানে খহাই ছিঙি-ভাঙি চূৰমাৰ কৰিছে। একেদৰে চৰণীয়া পথাৰকে ধৰি ঘাঁহ কাটিব পৰা স্থানসমূহো বানত ডুব যোৱাত গৰু-ম’হৰ খাদ্যৰ তীব্র নাটনি হৈছে।
যোৱা কেইবাটাও দিন ধৰি পোহনীয়া জন্তুসমূহ বানত আবদ্ধ হৈ থকাত বিভিন্নধৰণৰ ৰোগে দেখা দিছে। ইফালে ধেমাজি-ঢকুৱাখনাৰ টেকেলিফুটাৰ পৰা দুই কিলোমিটাৰ উজনিলৈ মথাউৰিটোত বহু অংশত পানীয়ে তীব্র হেঁচা দিয়াত মথাউৰিটোৰ অৱস্থা শোচনীয় কৰি তুলিছে। মথাউৰিটো সুৰক্ষাৰ কামত ৰাইজ আৰু বিভাগীয় শ্রমিকে কাম কৰি আছে যদিও কোন সময়ত মথাউৰিটো বিচ্ছিন্ন হয় তাৰ নিশ্চয়তা নোহোৱা হৈছে। আনফালে আজি পুৱাৰে পৰা মাজুলীযোৰহাট সংযোগী পাৰঘাটসমূহত ফেৰী সেৱা চলাচল বন্ধ হৈ থকাত সম্পূর্ণৰূপে যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰিছে। খবৰ অনুসৰি ডিব্ৰুগড়ত পানীৰ বৃদ্ধিৰ গতি কিছু কমিছে যদিও নিমাতীঘাটৰ জলঙৰ বৃদ্ধি পোৱাৰ লগতে মাজুলীতো নির্দিষ্ট গতিত জলস্তৰ বৃদ্ধি পাই আছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰে আজি পুৱা নামনি মাজুলীৰ সুৰক্ষা প্রদান কৰা কাকৰিকটা মথাউৰিৰ এটা অংশ উটুৱাই নিয়ে। বোকোৰা গাৱৰ সমীপত থকা অর্ধনির্মিত কালভার্টটোৰ দুয়োকাষে তীব্র বেগেৰে পানী সোমাবলৈ লোৱাত বালিৰে নির্মিত মথাউৰিটো উটি যায়, যাৰ ফলত আউনীআটী সত্ৰকে ধৰি কুৰিখন গাও জলমগ্ন হৈ পৰিছে। শেহতীয়াকৈ নামনি মাজুলীৰ কৰাতিপাৰ, আঁহতগুৰি, দক্ষিণ আঁহতগুৰি, মধ্য মাজুলীৰ ফুলনি, পকাজৰা, গড়মূৰ উজনি মাজুলীৰ লোহিতপৰীয়া, ৰতনপুৰ মিলি আৰু জেংৰাই গাঁও পঞ্চায়তৰ একাংশ গাও এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন হৈছে। নিশাপর্যন্ত পানী বাঢ়ি থকাৰ ফলত ন ন অঞ্চললৈ পানী সোমাইছে। টেকেলিফুটাৰ পৰা ময়েঙীয়ালৈ ১২ কিলোমিটাৰ দৈর্ঘ্যৰ মথাউৰিটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে।ইতিমধ্যে আয়ুস উকলি যোৱা এই মথাউৰিৰ দুৰৱস্থাৰ কথা বাতৰি কাকতত সবিস্তাৰে প্রকাশ পাই অহাৰ পিচতো ৰাজ্যিক জলসম্পদ বিভাগে কোনো তত্পৰতা গ্রহণ নকৰাৰ ফল ভুগিছে মাজুলীবাসীয়ে। পৰিস্থিতিৰ উমান পাই ৰাজ্যিক জলসম্পদ বিভাগে আজি তত্পৰতা গ্রহণ কৰি মথাউৰিৰ আৰু লাচন ধূনাগুৰি অংশত চিমেণ্টৰ বস্তাৰে মেৰামতি কৰে যদিও ৰাইজ শংকামুক্ত হ’ব পৰা নাই।
নিমাতীঘাট ককিলামুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অতি বিপজ্জনকভাৱে বৃদ্ধি পোৱাত জনসাধাৰণ আতংকিত হৈ পৰিছে। এনে পৰিপ্রেক্ষিতত যোৰহাট আৰু মাজুলীৰ মাজত ফেৰী সেৱা প্রশাসনে বন্ধ কৰি দিছে। আজি বিয়লিপর্যন্ত যোৰহাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ১.৭৫ মিটাৰ ওপৰেদি প্রবাহিত হোৱাৰ পৰিণতিত ককিলামুখৰ ১নং মিচিং গাঁও, ২নং মিচিং গাও, ঐতিহাসিক মায়ামৰা বানপানীত জলমগ্ন হৈ পৰিছে। সম্প্রতি গাঁও দুখনৰ ৭০-৮০টা পৰিয়াল জলবন্দী হৈ পৰিছে। আনহাতে ব্ৰহ্মপুত্ৰৰ সিপাৰেও কার্তিক চাপৰি, মেকাহী চাপৰি, ঔৱনা চাপৰিৰ শতাধিক পৰিয়াল জলবন্দী হৈ পৰাৰ খবৰ পোৱা গৈছে। ইফালে আজি দিনৰ ভাগত নহটীয়া বিদ্যালয়, খঙীয়া, ৬নং স্পাৰৰ ব্ৰহ্মপুত্ৰৰ মথাউৰিত উহ দিয়াত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয়। অৱশ্যে জলসম্পদ বিভাগৰ উজনি অসম সংমণ্ডলৰ (অনুসন্ধান) কার্যবাহী অভিযন্ত সুধীৰ কুমাৰ দাসৰ তত্পৰতাত উহকেইটা বন্ধ কৰি দিছে যদিও ললিতিমুখ আৰু ৬নং স্পাৰৰ প্রতি ব্ৰহ্মপুত্ৰৰ খহনীয়াই প্রচণ্ড ভাবুকি কঢ়িয়াই আনিছে। ব্রহ্মপুত্ৰৰ
প্রলয়ংকৰী বানে দিশহাৰা কৰা বানপীড়িতসকলৰ মাজত প্রয়োজনীয় খাদ্য-সামগ্রী যোগান নধৰাৰ বাবে আন এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
লখিমপুৰত সোৱণশিৰিৰ বানত প্লাৱিত ন ন অঞ্চল, এজনৰ মৃত্যু : বিগত এপষেক ধৰি নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত লখিমপুৰৰ সকলো নৈ-উপনৈৰ পানী দ্রুতহাৰত বাঢ়িবলৈ লোৱাত জিলাখনৰ নৈপৰীয়া গ্রামাঞ্চল বানৰ কবলত পৰিছে। জিলাখনৰ মাজেৰে বৈ যোৱা সোৱণশিৰি নাৰায়ণপুৰ ৰাজহ চক্ৰৰ ন ন অঞ্চল প্লাৱিত হৈছে। বানত উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ পূব তেলাহী, লোহিত খাবলু, বিহপুৰীয়া আৰু নাৰায়ণপুৰ ৰাজহ চক্ৰৰ বাহগড়া, ধূনাগুৰি, বদতি জামুগুৰি, দক্ষিণ নাৰায়ণপুৰ আৰু পূব নাৰায়ণপুৰ ৰাজহ চক্ৰৰ কেইবাশতাধিক গাও জলমগ্ন হৈছে। নদীখনৰ জলপৃষ্ঠ বাঢ়ি থকাত উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ পূব তেলাহী আৰু লোহিত খাবলু গাঁও পঞ্চায়তৰ জনগোষ্ঠীৰ লোকৰ চাঙলৈকে পানীত ডুব গৈছে। বহু পৰিয়ালে ওখ স্থানত গৰু-ছাগলী, গাহৰিৰ সৈতে সহবাস কৰিবলগা হৈছে। বান দুর্গতৰ মাজত খাদ্যাভাৱে দেখা দিয়াৰ লগতে পশুধনৰো খাদ্য সংকটে দেখা দিছে। ইপিনে, সোৱণশিৰি নদীৰ সোপাৰৰ উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ অন্তর্গত কাকতীটুপত নদীখনে মথাউৰিটোৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে। ৰাজহ চক্ৰটােৰ অন্তর্গত কৰচনৰ দুলাল গগৈ (২৬) নামৰ এজন যুৱক ঘাঁহ কাটিবলৈ যাওঁতে কালি বিয়লি সোৱণশিৰিৰ বাঢ়নী পানীত সলিল সমাধি ঘটে। আজি যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিচত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়। মৃত যুৱকজনে পত্নীসহ দুই কন্যা সন্তান এৰি থৈ গৈছে। জলসম্পদ বিভাগৰ সূত্র অনুসৰি আজি বিয়লিপর্যন্ত ব্ৰহ্মপুত্র নদী জামুগুৰিত সোৱণশিৰি নদী ক্রমে ধলঘাট, ঘনচৰাই আৰু শিলিখাগুৰিত; ডিক্ৰং নদী চিচাপথাৰ আৰ চি চি দলঙৰ সমীপত, পাভ নদী, পাভ ককৈ নদী পোন্ধৰ নং ৰাষ্ট্ৰীয় ঘাইপথ ক্রছিঙত বিপদসীমাৰ ওপৰেৰে বৈ আছে আৰু পানী বাঢ়ি আছে। মিচিং ছাত্র সংগঠন টি এম পি কেই বানপীড়িত ৰাইজক পর্যাপ্ত খাদ্যসামগ্রী আৰু পশুধনৰ আহাৰ তত্কালীনভাৱে যোগান ধৰিবলৈ জিলা প্রশাসনক দাবী জনাইছে।
জাঁজীমুখত ব্রহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙিলে পথ ২০ খন গাঁও জলমগ্ন : বছৰৰ পঞ্চমটো বানৰ কবলত পৰিছে টীয়কৰ জাঁজীমুখ অঞ্চল। আজি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জাঁজীমুখ প্লেটফৰ্মহাতীশাল সংযোগী পথটোৰ কুমাৰ গাঁৱৰ সমীপত প্রায় ৫০ মিটাৰ উটুৱাই নিয়াত বহিঃবিশ্বৰে সংযোগ বিচ্ছিন্ন হৈ পৰিছে হাতীশাল, তেজৰছিগাকে ধৰি প্রায় ৮-৯ খন গাঁৱৰ ৰাইজ।ইতিমধ্যে বাঢ়নী পানীয়ে জাঁজীমুখৰ ভকতগাঁও, জপং গাঁও, শগুনপাৰা, বৰমথাউৰি, ওপৰ শগুনপাৰা, বেজৰছিগাকে ধৰি প্রায় ২০-২৫ খন গাঁৱৰ ২০ হেজাৰ লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে প্রায় ১,০০০ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে। বানাপীড়িত লোকসকলে বর্তমানলৈ কোনোধৰণৰ খাদ্য-সামগ্রী যোগান নধৰাৰ অভিযোগ কৰিছে। পশুধনসমূহৰো খাদ্যৰ অভাৱত এতিয়া গোপালকসকলে মূৰে-কপালে হাত দিছে। বানাপীড়িতৰ বাবে জিলা প্রশাসনে কোনো ব্যৱস্থা গ্রহণ নকৰা বুলি জাঁজীমুখবাসীয়ে অভিযোগ উত্থাপন কৰাৰ সময়তে বিয়লি উপায়ুক্তগৰাকীয়ে বানাপীড়িত অঞ্চল জাঁজীমুখত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় যদিও স্থানীয় বিধায়িকা তথা শাসকীয় দলৰ নেতা-পালিনেতাসকলে বানাপীড়িত অঞ্চলৰ ৰাইজৰ খবৰ লবলৈ আহৰি নোপোৱাৰ ক্ষোভ উজাৰিছে বানাপীড়িতই।
ওৰাঙত ২২টা বন শিবিৰ বানৰ কবলত ওৰাং ৰাষ্ট্রীয় উদ্যানখনৰ ২২ টা বন শিবিৰ এলেকা জলমগ্ন হোৱাত বন্য জীৱ-জন্তুৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। সম্প্রতি পাচনৈ, ব্রহ্মপুত্ৰ আৰু ধনশ্ৰী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত উদ্যানখনৰ নদী কাষৰীয়া অঞ্চল বেজীমাৰী, ৰামকং, মৰিশালি, অল্ড ওৰাং, পিছলা, নতুন গঢ়াভঙা আদি এলেকাৰ বিভিন্ন বন শিবিৰৰ ব্যাপক ক্ষতিগ্রস্ত হৈছে। গৰু, ম’হ আৰু পোহনীয়া জীৱ-জন্তুৰ খাদ্যৰ নাটনি হৈছে। আজি মায়ং ৰাজহ চক্র বিষয়া অনন্ত গগৈয়ে বান পৰিস্থিতিৰ বুজ লৈ জীৱ-জন্তুৰ বাবে সাহায্য মুকলি কৰি দিয়ে।
চৌৰাগুৰি-সুজনগ্রামত ছিগিল মথাউৰি : পশ্চিম অসমৰ বান পৰিস্থিতি প্রায় অপৰিবর্তিত হৈ আছে। ব্রহ্মপুত্ৰৰ লগতে আই, মানাহ, বেকী, গংগাধৰ, গৌৰাং, সৰলভঙা, সোণকোষ, লঙা আদি নৈসমূহ ফেনেফোটোকাৰে ওফন্দি উঠাত দুই শতাধিক গাঁও জলমগ্ন হৈয়ে আছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চিৰাং আৰু বঙাইগাঁও জিলাত বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি চুবুৰীয়া ৰাষ্ট্র ভূটানৰ অসম সীমান্তত থকা (দক্ষিণ ভুটান) অঞ্চলত ধাৰাসাৰ বৰষুণ হৈ আছে। আজি ভূটানত ইমানেই বৰষুণ হয় যে ভাৰত-ভূটান সীমান্তৰ দাদগিৰিগেলেংফুৰ মাজত থকা প্রৱেশদ্বাৰেৰে মূল পথেৰেই ভূটানৰ পৰা অসমলৈ হুৰাহুৰে পানী নামি আহে। উল্লেখযোগ্য যে বিগত তিনি দিনত ভূটানৰ পৰা নামি অহা পানীৰ ধলে ওপচাই পেলোৱা আই নৈয়ে চিৰাং জিলাত চৌৰাবাৰী আৰু ডাঙাইগাওস্থিত এটা মথাউৰি ছিঙি নিয়াত সীমান্তৱৰ্তী কেইবাখনো গাৱৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। বিগত দুদিনত আৰু আজি মথাউৰিটোৰ আৰু অধিক অংশ খহিছে। ইপিনে ভূটানৰ পৰা নামি অহা পানীৰ ধলৰ বাবে আই নৈ নিয়ন্ত্রণহীন হৈ পৰিছে। আজিও প্রচণ্ড টেীৰে কালৰূপ ধৰি আই নৈয়ে ন ন অঞ্চল বুৰাই পেলাইছে। ভয়ংকৰ ৰূপ লোৱা আই নৈৰ সোতে বঙাইগাঁও আৰু বিজনীৰ মাজত নৈখনৰ ওপৰত থকা ৰে’লৰ দলংখনলৈকো ভাবুকি কঢ়িয়াইছে। ৰে’ল দলংখনক প্রতিৰোধ কৰি ৰখা এটা বান্ধত বহু সুৰুঙাৰ সৃষ্টি হৈছে আৰু উক্ত সুৰুঙাবোৰেৰে আই নৈৰ পানী সৰকিছে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দলংখনৰ সুৰক্ষাৰ বাবে তাত চাৰিটা বান্ধ আছিল যদিও ২০০৫ চনতে বানৰ ফলত বান্ধকেইটাৰ ক্ষতি হয়। কিন্তু ৰে'ল বিভাগে এটা মাত্র বান্ধৰহে মেৰামতি কৰে। এই সন্দৰ্ভত কিছুদিন পূর্বে সাংসদ হীৰা শৰণীয়াই উত্তৰ-পূব সীমান্ত ৰেলৱেৰ উধ্বতন কর্তৃপক্ষক জনাইছিল যদিও এগৰাকী বিষয়াই বান্ধকেইটা মেৰামতি কৰা বুলি সাংসদগৰাকীক ভুল তথ্য দিয়ে বুলি অভিযোগ উঠিছে। এতিয়া বান্ধটো ছিঙিব লাগিলে ৰে’ল দলংখন আৰু ৰেল আলিৰ প্রতি ভাবুকিৰ সৃষ্টি হোৱাৰ লগতে বিজনী চহৰো বানত বুৰ যোৱাৰ আশংকা আছে। ইপিনে ভয়াৱহ ৰূপ লোৱা আই নৈয়ে আজি বঙাইগাঁও জিলাৰ সৃজনগ্রাম ৰাজহ চক্রৰ এটা মথাউৰি প্রায় তিনিশ মিটাৰ উটুৱাই নিয়ে। উল্লেখযোগ্য যে দুবছৰ পূর্বে মথাউৰিটো প্রায় ৯৬ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল। মথাউৰিটো ছিগাৰ ফলত একাধিক গাঁও প্লাৱিত হৈছে। ইপিনে চৰকাৰী তথ্যমতে সৃজনগ্রাম ৰাজহ চক্রত বর্তমানে ত্রিশখন গাঁৱৰ ২২,০০০ আৰু বিজনী ৰাজহ চক্ৰৰ ১৬ খন গাৱৰ প্রায় ত্রিশ হেজাৰ লোক বানৰ কবলত পৰিছে। প্রশাসনে বানপীড়িতক উদ্ধাৰৰ বাবে নাৱৰ ব্যৱস্থা কৰা বুলি কৈছে যদিও সৃজনগ্রাম ৰাজহ চক্ৰত আজি কোনো সাহায্য সামগ্ৰী বিতৰণ কৰা হোৱা নাহ। ইপিনে বঙাইগাঁও জিলাত আই নৈ হুৰামাৰাত বিপদসীমাৰ ১৪ চেণ্টিমিটাৰ আৰু লেংটিছিঙাত ৩৮ চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে। বঙাইগাঁও তিনিটা পি এম জি এছ ৱাই পথৰো ক্ষতি হৈছে। প্রাপ্ত খবৰমতে বৰপেটা আৰু ধুবুৰী জিলাৰো বান পৰিস্থিতি অপৰিবর্তিত হৈ আছে। বৰপেটাত বেঁকী নৈ আৰু ধুবুৰী, দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ আৰু গংগাধৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে আৰু পানী বাঢ়িয়েই আছে।
চিৰাং জিলাৰ চিদলী ৰাজহ চক্ৰৰ অন্তর্গত চৌৰাবাৰী আৰু ডাঙাইগাওস্থিত মথাউৰিটো আই নৈৰ বাঢ়নী পানীয়ে ছিঙি পেলোৱাত কেইবাখনো গাও ইতিমধ্যে বানৰ কবলত পৰিছে। ফলত বহু লোক পানীৰ মাজত আবদ্ধ হৈ পৰিছে। সহকাৰী বন সংৰক্ষক নৱ বৰদলৈয়ে আজি জানিবলৈ দিয়ামতে প্রায় ৭৯ বর্গ কিলোমিটাৰ এলেকাৰ উদ্যানখনত প্রায় ৭০ শতাংশ অঞ্চল নৈসমূহৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত উদ্যানখনৰ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে জীৱজন্তুৱে।
কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বুঢ়াপাহাৰত আজি সংঘটিত ভূমিস্থলনে পথচাৰীলৈ ভয়াবহ বিপদ কঢ়িয়াই আনিছে। নেৰানেপেৰা বৰষুণৰ বাবেই আজি বুঢ়াপাহাৰ এলেকাত তিনি স্থানত সংঘটিত ভূমিস্থলনৰ ফলত পাহাৰখনৰ পৰা প্রকাণ্ড প্রকাণ্ড শিল খহি আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে যদিও সৌভাগ্যক্রমে কোনো পথচাৰী তথা যাত্রীবাহী গাড়ীৰ ক্ষয়-ক্ষতি হোৱা নাই। মূলতঃ বুঢ়াপাহাৰৰ গজৰাজ ভিট পইণ্টৰ ওচৰৰ পাহাৰৰ পৰা প্রকাণ্ড শিল ঘাইপথত বাগৰি পৰা ঘটনাই পথচাৰীক ভীতিগ্রস্ত কৰি তোলে। বৰষুণৰ প্রকোপ এইদৰেই বাহাল থাকিলে অচিৰেই বুঢ়াপাহাৰৰ ভূমি খহি ঘাইপথ বন্ধ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
মায়ঙৰ ৯৩ খন গাও বানৰ কবলত : ব্রহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তর্গত ৯৩ খন ৰাজহ গাঁও বানৰ কবলত পৰিছে। ৰাজহ চক্রটোৰ চক্র বিষয়া অনন্ত কুমাৰ গগৈয়ে জানিবলৈ দিয়ামতে এতিয়ালৈ আঠ হেজাৰ লোক বানত আক্রান্ত হৈছে। মায়ঙৰ পকৰীয়া মৌজাৰ ৰাইজ সর্বাধিক ক্ষতিগ্রস্ত হৈছে। পকৰীয়া মৌজাৰ প্ৰতিখন গাঁৱৰে জনসাধাৰণৰ স্বাভাৱিক জীৱন স্তব্ধ হৈ পৰিছে। প্রতিটো পথ এতিয়া পানীৰ তলত। প্রায় পাঁচ হেজাৰ বিঘা কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। মৰাপাট আৰু শালি ধানৰ খেতি বানত বুৰ যোৱাৰ ফলত মূৰ-কপালে হাত দিবলগা হৈছে কৃষক। বন্যার্তৰ মাজত হাহাকাৰ অৱস্থা। সন্ন্যাসীবাৰী গাঁৱৰ এক-তৃতীয়াংশ ইতিমধ্যে নদীত জাহ গৈছে। চিদলী ৰাজহ চক্ৰৰ অন্তর্গত ১ নং, ২ নং আই পোৱালি বুঢ়ীঝাৰ, নাঙলভাঙী, নেপালপাৰা, নাথুৰবাৰী, দেবৰবিল, বেছৰবাৰী, খয়ৰাবাৰী, মাণিকপুৰ, ওদালগুৰিকে আদি কৰি শতাধিক গাঁও পানীত বুৰ গৈ আছে। ভাৰত-ভূটান সীমান্তৰ দাদগিৰি-গেলেংফুৰ প্ৰৱেশদ্বাৰেদি ভূটানৰ পৰা অসমলৈ ভয়াবহভাৱে পানী বৈছে। ফলত ভাৰতভূটান সীমান্তৰ হাতীছাৰ, দেউশ্রী, নাকেদাৰা, ছমেদিছা, কুচমদিছা আদি গাৱতো ভূটানৰ পানীয়ে বিস্তৰ ক্ষতি কৰিছে। কিন্তু জিলা প্রশাসনে সেই দুভগীয়া বানপীড়িত লোকসকলৰ উদ্ধাৰৰ কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰাৰ ফলত বন্যার্তই দুর্দশাৰ মাজত সময় কটাবলগাত পৰিছে। কিছু এলেকাত জিলা প্রশাসনে সাহায্যৰ নামত ১২ কুইন্টল চাউল আৰু চিৰা-মুড়ি বিতৰণ কৰি নিজৰ দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ বানপানীৰ কবলত পৰা এলেকাবোৰত এছ ডি আৰ এফ বা এন ডি আৰ এফে উদ্ধাৰ কাৰ্য চলোৱা বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিচতো চিৰাঙত তেনে কোনো উদ্ধাৰকার্য চলা পৰিলক্ষিত হোৱা নাই।
আশংকা কৰা মতেই বঙাইগাঁও জিলাৰ সৃজনগ্রাম অঞ্চলৰ সিদলসতী-বৰঘোলা মথাউৰিটোৰ হুৰামাৰাৰ নিকটৱৰ্তী ২ নং বৃদ্ধবাসীত থকা অংশটো আজি বৃহত্তৰ সৃজনগ্রামৰ একাংশ গাঁও বানৰ কবলত পৰে। ইপিনে সন্তেষপুৰ-ভুমেৰগুৰি, পল্টন বজাৰ, কুশবাৰী, মেৰেৰচৰ আদি অঞ্চল আই, মানাহ নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত শ-শ পৰিয়ালে ওখ ঠাইত আশ্রয় লৈছে। আনপিনে বৰজানা, মধফুল আদিতো ভূগিছেৰাইজে। আজি আবেলি বন মন্ত্রী প্রমীলাৰাণী ব্ৰহ্মই ২ নং বৃদ্ধবাসী অংশত আই নৈৰ খহনীয়াত ভগা মথাউৰি পৰিদৰ্শন কৰাৰ লগতে তত্কালে ব্যৱস্থা লোৱা হ’ব বুলি ৰাইজক আশ্বাস দিয়ে।
Nrews Source (Edited)
facebook
twitter
google+
fb share