মানাহৰ পাঁচমাইলত মথাউৰি ছিগি ত্ৰিছ ফুট উচ্চতাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্রৱেশ কৰিলে বান

মানাহৰ পৰা সাজাহান আলী আহেমদ, ২৫ জুলাই, ২০১৬ :
সম্পূর্ণ এটা দশক পাৰ নৌহওঁতেই বেঁকী নদীৰ খহনীয়াগ্রস্থ মথাউৰি ছিগি পুনৰ বিভীষিকা নমাই আনিলে বৰপেটা-বাক্সাত। যোৱা প্রায় এপষেক ধৰি হৈ থকা মুষলধাৰ বৃষ্টিপাতৰ ফলত ফেনে ফুটুকাৰে বিপদসীমাৰ ষাঠি-সত্তৰ ছেন্টিমিটাৰ উচ্চতাৰে প্রবাহিত বেঁকীৰ সুবিশাল জলভাণ্ডাৰে আজি আবেলি প্রায় পাঁচ বজাত মানাহ ৰাষ্ট্ৰীয় উদ্যানত আভ্যন্তৰীণ এলেকাৰ পাঁচমাইলত ছিগিল বেঁকী নদীৰ পুৰণি মথাউৰি।



খহনীয়াৰ প্রকোপত তেনেই দুর্বল হৈ পৰা মথাউৰিটােৰ প্ৰাৰম্ভনিতে প্রায় বিশ মিটাৰ দৈৰ্ঘ প্রবল বানে ছিগিলেও এই অংশত প্রায় পাঁচশ মিটাৰ বহল নদী হৈ পানী প্রবাহিত হোৱাটো নিশ্চিত হৈছে। বহু জল্পনা-কল্পনাৰ অন্তত যুগক সাক্ষী কৰি আজি ছিগা বেঁকীৰ পাঁচমাইলৰ বিধ্বস্ত মথাউৰিৰে ঘন্টাত প্রায় আশী-নব্বৈ কিল’মিটাৰ বেগত প্রবাহিত বিশাল জলপ্রপাতে নিমিষতে চূর্ণ-বিচূর্ণ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আপুৰুগীয়া সম্পদ। বহু পুৰণি গছ-বৃক্ষ উটুৱাই নিষ্ঠুৰ নিয়তিয়ে ভূলুষ্ঠিত কৰিলে ৰাষ্ট্ৰীয় উদ্যানখনৰ ঐতিহ্য। উল্লেখ্য যে বিগত ২০০৪ আৰু ২০০৭ চনত বেঁকীৰ নাৰায়ণগুৰি মথাউৰি দুবাৰকৈ ছিঙি একেটা দশকতে প্রবল তাণ্ডৱলীলা সৃষ্টি কৰিছিল বৰপেটা-বাক্সাত। পৰৱৰ্ত্তী সময়ত বিটিচি কর্তৃপক্ষৰ সহযোগত ই এণ্ড ডি বিভাগে তিনি কৌটি পঞ্চাচ লাখ টকা ব্যায়েৰে পুনৰ নিৰ্মান কৰিছিল বেঁকীৰ নাৰায়ণগুৰি মথাউৰি। তাৰ পিছত সম্পূর্ণ এটা দশক পাৰ নৌহওঁতেই আজি পুনৰ পাঁচমাইল(মানাহৰ মথনগুৰি আৰু নাৰায়ণগুৰিৰ মাজৰ অংশ)ত বেঁকী নদীৰ সংহাৰী ৰূপে মথাউৰি উটুৱাই যি তাণ্ডবৰ সৃষ্টি কৰিলে সেয়া বর্ণনাতীত। বিশ্ব ঐতিহ্য ক্ষেত্র তথা বৃহত্ ব্যঘ্ৰ প্রকল্প খ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আপুৰুগীয়া জীৱ-জন্তু, গছ-গছনি আৰু স্থাবৰ-অস্থাবৰ যাৱতীয় সম্পত্তি চুমাৰ কৰি বেঁকীয়ে ৰচিব এক নতুন ইতিহাস। প্রণিধানযোগ্য যে এইবেলি পাঁচমাইলৰ ছিগা মথাউৰিৰে সোমোৱা বিশৰ পৰা ত্ৰিছ ফুট উচ্চতাৰে প্রবাহিত বেঁকীৰ বিশাল জলভাণ্ডাৰ বাক্সা জিলাৰ ৰূপহী, শালবাৰী, পোকালাগি আদি অঞ্চলত চৰম বিভীষিকাৰ সৃষ্টি কৰি পহুমাৰ নদীৰে একাকাৰ হৈ বৰপেটাৰ বিস্তৃর্ণ অঞ্চল অতিক্ৰমি পুনৰ বেঁকী আৰু ব্ৰহ্মপুত্রত নামিব গৈ। ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ শ শ কোটিৰো যে অধিক হ’ব সেয়া ধুৰূপ।



গুৰুত্বপূর্ণ কথা হ’ল বেঁকীৰ নাৰায়ণগুৰিতকৈ বহু উজনিৰ পাঁচমাইলত মথাউৰি ছিগা বাবে সর্বাধিক ক্ষতিৰ সন্মুখীন হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বৃটিছকলীয়া ফাতেমাবাদ চাহবাগিছাকে ধৰি বহু ঐতিহ্যপূর্ণ স্থান।ইপিনে পাঁচমাইলত মথাউৰিছিগা বাবে বেঁকীৰ দোদুল্যমান নাৰায়ণগুৰি মথাউৰিৰ প্রতি বানখহনীয়াৰ তাণ্ডৱ কমাৰ সম্ভাৱনা প্রকট হৈছে। অৱশ্যে পাঁচমাইলৰ ছিগা মথাউৰিৰে প্রবাহিত পানী যদি মানাহৰ মাজেৰে নামি পল্লা নদীত মিলিত হয় তেন্তে আৰু অধিক অঞ্চল এইবেলি তিনি-চাৰি মাহ পর্যন্ত গভীৰ পানীত ডুবি থকাটাে নিশ্চিত। এই প্রাকৃতিক দুযোগৰ ফলত চুবুৰীয়া ৰাষ্ট্র ভূটানৰ সৈতে পোনপটীয়া যাতায়াত তথা যোগাযোগ দীর্ঘ দিনলৈ বিচ্ছিন্ন হৈ থকাৰ পূৰ্ণ সম্ভাৱনা আছে।

About Unknown

“NEonline.in” can give basic notion what about it ! We are a team of experienced professionals those come from other notable professions like blogging, marketing , journalism. Our goal is to reach each and every corner of the whole country and becoming the voice of voice less. Editor : S. A. Ahmed, Executive Editor : Shakil Ahmed, please send us a mail to post here, Email: neonlinenews@gmail.com
    Blogger Comment
    Facebook Comment